২০২৪ চনত তেওঁৰ দৰ আছিল ৫,২৫ কোটি। ২০২৫ত কিন্তু তেওঁৰ বাবে বিশাল পৰিমাণৰ অৰ্থ খৰচ কৰা হৈছে। তেওঁ আন কোনো নহয় তেওঁ হৈছে হেনৰিক ক্লাছেন। ৫.২৫ কোটিৰ পৰা তেওঁৰ দৰ বাঢ়ি হৈছে ২৩ কোটি। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মালিক কাব্যা মাৰাণে ভাৱিছিল ক্লাছেনৰ বেটৰ ভৰতেই এইবাৰ বৈতৰণী পাৰ হব ছানৰাইজাৰ্ছে। কিন্তু ক্লাছেন এইবাৰ ব্যৰ্থ। বিগত বৰ্ষতকৈ এইবাৰ তেওঁৰ পাৰ্ফৰমেন্স একেবাৰেই বেয়া। ২০২৪ চনত হেনৰিক ক্লাছেনে লৈছিল ৪৭৯ ৰান। এইবাৰ ক্লাছেনৰ বেটৰ পৰা আহিছে ৩৭৫ ৰান। গড়ো এইবাৰ যথেষ্ট কমি গৈছে ক্লাছেনৰ।
প্লে অফত যোৱাৰ সম্ভাৱনাও পূৰ্বতকৈ আগতেই শেষ হৈছে ছানৰাইজাৰ্ছৰ। আৰু এখন মেচ বাকী আছে তেওঁলোকৰ। দেওবাৰে কে কে আৰৰ বিৰুদ্ধে মেচ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ। দক্ষিণ আফ্ৰিকাৰ তাৰকা হেনৰিক ক্লাছেনক লৈ জুৱা খেলিব বিচাৰিছিল কাব্যা মাৰানে। কিন্তু প্ৰোটিয়া তাৰকাই এইবাৰ কাব্যাৰ সপোনত চেঁচাপানী ঢালিলে বুলি বহুজনে চৰ্চা চলোৱা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















