ডায়বেটিছক বহুতেই চাইলেণ্ট কিলাৰ বুলি কয়৷ কাৰণ অধিকাংশ ক্ষেত্ৰতেই এই ৰোগৰ কোনো কোনো প্ৰাক উপসৰ্গ বুজিব পৰা নাযায়৷ অন্তত সাধাৰণ মানুহৰ ক্ষেত্ৰত এই উপসৰ্গ বুজি উঠা কঠিন৷ কিন্তু জানেনে কিছুমান উপসৰ্গৰ চায়েই ডায়বেটিছৰ সংকেত পোৱা যায়৷
অতিৰিক্ত পিয়াহ লগাঃ বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় পলিফাজিয়া৷ প্ৰকৃততে ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি গ’লে শৰীৰ ডিহাইড্ৰেটড হৈ পৰে, ফলত স্বাভাৱিকতকৈ বেছি পানী পিয়াহ লাগে৷
বাৰে বাৰে প্ৰস্ৰাৱ হোৱাঃ দেহত শৰ্কৰাৰ পৰিমাণ বাঢ়ি গ’লে শৰীৰত তেজৰ পৰা অতিৰিক্ত শৰ্কৰা প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰি দিয়াৰ চেষ্টা কৰে শৰীৰে৷ ফলত ঘনাই প্ৰস্ৰাৱ লাগে৷ বিশেষকৈ নিশা বেছিকৈ প্ৰস্ৰাৱ লাগে৷ ইয়াক বিজ্ঞানৰ ভাষাত কোৱা হয় পলি ইউৰিয়া৷
অতিৰিক্ত ভোক লগাঃ ডায়বেটিছত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি গ’লে শৰীৰৰ কোষত পৰ্যাপ্ত শৰ্কৰা দেহক দিব নোৱাৰে৷ ইয়াৰ ফলত শক্তিৰ অভাৱে দেখা দিয়ে আৰু অস্বাভাৱিকভাৱে বেছি ভোক লাগে৷ বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় পলিডিপচিয়া৷
অকাৰণে ওজন কমি যোৱাঃ শৰীৰে শৰ্কৰাৰ পৰা শক্তি নাপাসে চৰ্বি আৰু পেশী ভাঙিবলৈ আৰম্ভ কৰে৷ শৰীৰত জমা থকা স্নেহপদাৰ্থ দহনৰ মাধ্যমেৰে শৰীৰক শক্তি যোগায়৷ ফলত ডায়েট বা ব্যায়াম অবিহনেই ওজন কমি থাকিব৷
ক্লান্ত বা দুৰ্বলতাঃ কোষত শৰ্কৰাৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত শক্তি উৎপাদন কৰিব নোৱাৰে ফলত সকলো সময়তে ক্লান্ত লগা আৰু শাৰীৰিক দুৰ্বলতা অনুভূত হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ