পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ
পুনৰ দেশৰ জনতাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে কভিড ভাইৰাছে। মাথো দুটামান সপ্তাহৰ পাছতে দেশজুৰি কভিড সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পালে ১২০০ৰ ওপৰ। আনহাতে কভিড পজিটিভ হৈ প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে।
দেশৰ কেইবাখথনো ৰাজ্যত সংক্ৰমিত লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই গৈ আছে। দেশৰ ভিতৰতে সৰ্বাধিক কেৰালাত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। যাৰ বাবে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানে ৰাজ্যখনত প্ৰশাসনে সকলো হাস্পতালকে এলাৰ্ট থাকিবলৈ আহ্বান জনাইছে।
ইয়াৰ লগতে কভিড আক্ৰান্ত হলে কিছু লোকৰ অক্সিজেনৰ অভাৱ হয় বাবে দেশক সকলো হাস্পতালতে অক্সিজেন মজুত ৰাখিবলৈ আহ্বান জনাইছে। লগতে কভিড সংক্ৰমণৰ পৰা হাত সৰাৰ সকলো সা-সঁজুলিয়ো পৰ্যাপ্ত পৰিমাণে মজুত ৰখাৰ বাবেও প্ৰসাশনৰ ফালৰ পৰা জাননী জাৰি কৰিছে।
কৰণাৰ নতুন ভেৰিয়েণ্টে এতিয়া দ্ৰুত গতিত বিয়পিব ধৰিছে। প্ৰতিদিনে প্ৰায় ২০ গৰাকী লোক সংক্ৰমিত ধৰা পৰি আছে।
দিল্লীৰ পৰা আৰম্ভ কৰি হাৰিয়ানা, বিহাৰ, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কেৰালা, কৰ্নাটক, আদি ৰাজ্যত সৰ্বাধিক পৰিমাণে বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা। ১২০০ৰ ওপৰ সংক্ৰমিত লোক ধৰা পৰাৰ পাছত এতিয়া চিন্তাত পৰিছে দেশৰ স্বাস্থ্য বিভাগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















