কংগ্ৰেছৰ মোহ ভংগ নেকি! কংগ্ৰেছ নেতাৰ কটাক্ষ শুনি শশী থাৰুৰৰ বিশেষ মন্তব্য- মোৰ কৰিবলগীয়া কাম বহু আছে
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰ কংগ্ৰেছ মোহ ভংগ হোৱাৰ দিশে। কাৰণ এতিয়া কংগ্ৰেছত থাকিয়ে অন্য কংগ্ৰেছ নেতাৰ লক্ষ্য হৈ পৰিছে শশী থাৰুৰ। যাৰ বাবে সন্দেহ কৰা হৈছে অপমান পাই কংগ্ৰেছেই ত্যাগ কৰিব নেকি জ্যেষ্ঠ নেতাগৰাকীয়ে।
উল্লেখ্য যে, ভাৰত চৰকাৰে অপাৰেচন সিন্দূৰৰ সফলতা নিশ্চিত কৰাৰ লগতে পাকিস্তানৰ চেহেৰাৰ পৰা সন্ত্ৰাসবাদৰ মুখা আঁতৰাবলৈ বিশ্বৰ বহু দেশলৈ সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিছে , সেই দলৰেই অংশ কংগ্ৰেছ নেতা শশী থাৰুৰো। সেই উদ্দেশ্যে পানামাতো উপস্থিত হৈছিল দলটো।
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে পানামাতেই ভাৰতীয় সেনা আৰু মোদী চৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ বাবে প্ৰশংসা কৰিছিল, যাৰ বাবেই থাৰুৰৰ এই কাৰ্য কংগ্ৰেছে হজম কৰিব পৰা নাছিল। কংগ্ৰেছ দলৰ নেতা উদিত ৰাজে যাৰ বাবেই থাৰুৰক লক্ষ্য কৰি লৈছিল।
এতিয়া সেই সন্দৰ্ভতেই শশী থাৰুৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। থাৰুৰে কয় যে সমালোচক আৰু ট্ৰ’লে তেওঁৰ দৃষ্টিভংগী বিকৃত কৰি অধিক সজাই পৰাই অতিৰঞ্জিত কৰিব পাৰে, কিন্তু তেখেতৰ কৰিব লগা ইয়াতকৈ বহু ভাল কাম আছে।
শশী থাৰুৰে কয় যে পানামাত দীঘলীয়া দিন কটাবলগীয়া হোৱাৰ পিছত মাজনিশা কলম্বিয়াৰ বগোটালৈ ছয় ঘণ্টীয়া যাত্ৰা কৰিব লাগিব। গতিকে উদিত ৰাজৰ কথাত ক্ষুন্ন হোৱাৰ বাবে তেওঁৰ হাতত সময় নাই। থাৰুৰে এইটোও স্পষ্ট কৰি দিয়ে যে তেওঁ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধৰ কথাহে কৈছে অন্য কথা কোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















