উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ’
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ , যি ভিডিঅ’ত দেখা গৈছে বিৰাটৰ দৰে এক চেহেৰা। যিয়ে এটা মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত দেখা গৈছে।
উৰিষ্যাৰ বিখ্যাত মন্দিৰ অনন্ত বাসুদেৱ মন্দিৰত মন্দিৰৰ প্ৰসাদ তথা ভোগ বিলাই থকা দেখা গৈছে এগৰাকী লোকক। যি গৰাকী লোক দেখাত সাইলাখ ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাৰ ক্ৰিকেটাৰ বিৰাট কোহলীৰ দৰে।
টুইটাৰ হেণ্ডেল এক্সত সুনীল দা ক্ৰিকেটাৰ নামৰ এটা একাউণ্টত পোষ্ট কৰা হৈছিল এই ভিডিঅ’। যি ভিডিঅ’ লাখৰো অধকি লোকে চাইছে।
এই ভিডিঅ’টো প্ৰথমে ফুড ব্লোগাৰ প্ৰথম আৰোৰাই তেখেতৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰিছিল। ভিডিঅটোটোত বিৰাটৰ দৰে দেখা এগৰাকী মন্দিৰ পৰিচালনাৰ লোকে মন্দিৰৰ ভোগ বিতৰণ কৰি আছে।
লোক গৰাকীৰ পিন্ধনত আছে ধুতি। মন্দিৰৰ ভোগ- ভাত, দাইল, তৰকাৰী আৰু পায়স বিতৰণ কৰিছে ।
ভিডিঅ’ দেখি বহু লোকেই কৈছে- UKৰ পৰা ভাৰতলৈ আহি বিৰাটে প্ৰসাদ বিলাবলৈ ধৰিছে। কোনোৱে কৈছে- এয়া বিৰাটৰ যমজ ভাতৃ।
https://youtu.be/9ILI9QAvvGs
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















