আহমেদাবাদৰ বিমান দুৰ্ঘটনাত এজন যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে৷ এই তথ্য জনাইছে আহমেদাবাদ আৰক্ষী কমিছনাৰ জি এ মালিকে৷ সংবাদ সংস্থা এ এন আইক তেওঁ জনাইছে যে আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াইছে৷ ১১ এ আসনত বহিছিল সেই যাত্ৰী৷ বৰ্তমান তেওঁ হাস্পতালত ভৰ্তি হৈ আছে৷ তেওঁৰ ইমাৰ্জেন্সি চিকিৎসা চলি আছে৷
গুজৰাটৰ আহমেদাবাদ সৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাঁচ মিনিট পাছতেই ভাঙি পৰিছিল লণ্ডনগামী বিমানখন৷ অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰক সংস্থাই জনাইছে যে বিমানখনত মুঠ ২৪২জন যাত্ৰী আছিল৷ তেওঁলোকৰ মাজত ২৩০ জন যাত্ৰী আৰু ১২ জন বিমানকৰ্মী৷ ঘটনাৰ এটা ভিডিঅ’ প্ৰকাশ হৈছে৷ ভিডিঅত দেখা গৈছে কিছুক্ষণ উৰাৰ পাছতেই বিমানখনৰ পিছফালৰ অংশটো তলৰ দিশে নামি নামি হঠাৎ মাটিত ভাঙি পৰে৷ বিমানখন ভাঙি পৰিছে বিমানবন্দৰৰ নিচেই কাষত৷ ৰয়টাৰ্ছক আহমেদাবাদ আৰক্ষীয়ে জনোৱা অনুসৰি চহৰৰ এখন হাস্পতাললৈ এতিয়ালৈক ১০০টা দেহ অনা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















