ইৰাণ আৰু ইজৰায়েলৰ সংঘাতত এইবাৰ প্ৰত্যক্ষভাৱে সোমাই পৰিছে আমেৰিকা৷ প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পে জনাইছে যে ইৰানৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত সফল বোমা আক্ৰমণৰ কথা৷ ইয়াৰ পাছৰে পৰাই আমেৰিকাৰ একাধিক গুৰুত্বপূৰ্ণ চহৰত জাৰি হৈছে হাই এলাৰ্ট৷ সেই তালিকাত আছে ৱাছিংটন, নিউয়ৰ্কৰ দৰে বিলাসবহুল চহৰ৷ ফক্স নিউজৰ প্ৰতিবেদন অনুসৰি সতৰ্কতা হিচাপেই এই পদক্ষেপ লোৱা হৈছে৷
নিউয়ৰ্কৰ আৰক্ষী ডিপাৰ্টমেণ্টে এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, ‘ইৰানত যি পৰিস্থিতি তৈয়াৰ হৈছে সেই দিশত আমি নজৰ ৰাখিছো৷ ইয়াৰ সৈতে নিউয়ৰ্কৰ বিভিন্ন ধৰ্মীয়, সাংস্কৃতিক আৰু ডিপ্লমেটিক কেন্দ্ৰসমূহত অতিৰিক্ত কৰ্মী মোতায়েন কৰা হৈছে৷ নিউয়ৰ্কৰ ওপৰত সামগ্ৰিক প্ৰভাৱৰ বিষয়ক লৈ আমি সতৰ্ক আছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















