৬৫ যাত্ৰী কঢ়িয়াই নিয়া ফেৰী ডুব যোৱাৰ ফলত ৪ জনৰ মৃত্যু, ২৩ জনক উদ্ধাৰ, সন্ধানহীন ৩৮
কালি ২ জুলাই নিশা প্ৰায় ১১.২০ মান বজাত ইণ্ডোনেছিয়াত সংঘটিত হৈছে এক অতিকে ভয়ংকৰ ফেৰী দুৰ্ঘটনা। ৬৫ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন ফেৰী ডুব যায় বালি জলদ্বীপত।
বালি দ্বীপলৈ যোৱাৰ পথত এই ভয়ংকৰ তথা শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ফেৰীখন ডুব যোৱাৰ ফলত ৪ জন লোকৰ মৃত্যু হয়। কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
উদ্ধাৰ অভিযান চলি আছে। বৰ্তমানলৈ ২৩ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। এতিয়াও সন্ধানহীন হৈ আছে ৩৮ গৰাকী লোক।
স্থানীয় আৰক্ষী আৰু উদ্ধাৰ কৰ্মীয়ে জনোৱা মতে, ইণ্ডোনেছিয়াৰ বালিৰ সমীপত ৬৫ জন লোকক লৈ এই ফেৰীখন ডুব যায়। লগতে ইয়াকো জনায় যে, যাত্ৰা আৰম্ভ কৰাৰ ২৫ মিনিটৰ পাছতে এই দুৰ্ঘটনা সংঘটিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















