উদ্দাম যৌনতাৰ মাজত এগৰাকী বিবাহিত তৰুণীৰ সৈতে বিজেপি নেতাক হাতেলোটে ধৰিছে জনতাই৷ কোনো বন্ধ কোঠা বা হোটেলত নহয়৷ শ্মশানৰ মাজত আপত্তিকৰ অৱস্থাত ধৰা পৰিছে বিজেপি নেতাগৰাকী৷ যোগীৰাজ্যৰ এই কাণ্ডক লৈ দেশজুৰি চলিছে চৰ্চা৷ নেতাগৰাকীৰ ভিডিঅ’ও ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত৷
শ্মশানৰ মাজত পাৰ্কিং কৰা আছিল এখন বাহন৷ সাধাৰণতে শ্মশানৰ মাজত গাড়ী ৰখাই থোৱা নিষিদ্ধ৷ কাৰ বাহন, কিয় সেই বাহন নিৰ্জন দুপৰীয়া শ্মশানত ৰখা হৈছে সেই কথা জানিবৰ বাবে স্থানীয় কেইগৰাকীমান লোকে বাহনখনৰ কাষলৈ গৈছিল৷ তাত উপস্থিত হোৱাৰ পাছতেই হতচকিত হৈ পৰে স্থানীয় লোকসকল৷ বাহনতেই আপত্তিকৰ অৱস্থাত এগৰাকী তৰুণীৰ সৈতে এলেকাৰ জনপ্ৰিয় বিজেপি নেতাক দেখা পায় গাওঁবাসীয়ে৷
মুহূৰ্তৰ ভিতৰতেই গাওঁৰ ক্ষিপ্ত জনতাই ঘটনাস্থলীত হাজিৰ হয়৷ কেইবাজনেও মোবাইল অন কৰি ভিডিঅ’ কৰিবলৈ আৰম্ভ কৰে৷ গাওঁবাসীয়ে দেখে যে প্ৰথমে আতংকৰ মাজত বাহনত চুপকৈ বহি আছিল বিজেপি নেতাগৰাকী৷ গাওঁবাসীৰ সংখ্যা বাঢ়ি অহাত বাহনৰ পৰা তেওঁ নামি আহে৷ অৰ্ধনগ্ন অৱস্থাতেই গাওঁবাসীৰ ভৰি চুই ক্ষমা বিচাৰে৷ শ্মশানৰ মাজতেই যৌনতাত লিপ্ত হোৱাৰ বাবে হাত যোৰ কৰি ক্ষমা খোজে তেওঁ৷
সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ পৰা জনা গৈছে, ঘটনাটো ঘটিছে উত্তৰপ্ৰদেশৰ বুলন্দচহৰ জিলাত৷ সেই জিলাৰ শিকাৰপুৰ কোতালী এলেকাৰ কৈলাৱান গাওঁত ঘটনাটো ঘটিছে৷ বিজেপি নেতাগৰাকীৰ নাম ৰাহুল বাল্মিকী৷ স্থানীয় বিজেপি মৰ্চাৰ ডাঙৰ নেতা তেওঁ৷ সম্প্ৰতি তেওঁকেই এগৰাকী বিবাহিত তৰুণীৰ সৈতে আপত্তিকৰ অৱস্থান শ্মশানত হাতে লোটে ধৰে গাওবাসীয়ে৷
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পৰা বিজেপি নেতাই পৰিধান কৰি আছিল কেৱল অন্তৰ্বাস আৰু বুটাম খোলা চাৰ্ট৷ এই অৱস্থাতেই বাহনৰ পৰা নামি আহি সকলোৰে ওচৰত ক্ষমা খোজে৷ তেওঁ কয়, ‘প্লিজ ভিডিঅ’ নকৰিব৷ আমাক ক্ষমা কৰক৷’ বিজেপি নেতাৰ এই কাণ্ডৰ পাছতেই গাওঁবাসীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ কিন্তু বিজেপি নেতাৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাই আৰক্ষীয়ে৷ চিকাৰপুৰ থানাত আৰক্ষীয়ে সেই বিজেপি নেতাৰ বিৰুদ্ধে কোনো অভিযোগ গ্ৰহণ কৰা আনই৷ এই ঘটনাৰ পাছৰে পৰাই বিজেপি নেতাগৰাকী পলাতক হৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















