গণৰিয়া খুবেই ভয়ংকৰ এক ৰোগ৷ ই এনে এটা ৰোগ যি দ্ৰুত চিকিৎসা নকৰিলে গুৰুতৰ জটিলতা সৃষ্টি কৰিব পাৰে আৰু ই পুৰুষ আৰু মহিলা উভয়ৰ ক্ষেত্ৰতেই বন্ধ্যাত্বৰ কাৰণ হব পাৰে৷ কিন্তু গণৰিয়া মাৰণৰোগ নহয় গতিকে বিশেষ চিন্তা নকৰি আপুনি নিৰাপদ আৰু সুস্থনে সেয়া জনাৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷
গণৰিয়া এক যৌনবাহিত সংক্ৰমণ যি চিকিৎসা নকৰিলে দীৰ্ঘম্যাদী ৰোগ হৈ পৰিব পাৰে৷ সহজ কথাত গণৰিয়া এক বেক্টেৰিয়াজনিত সংক্ৰমণ যি অসুৰক্ষিত যৌনমিলন বা সংক্ৰমিত ব্যক্তিৰ সৈতে অন্য সুস্থ ব্যক্তিৰ ঘনিষ্ঠ যোগাযোগৰ মাধ্যমেৰে এই ৰোগ বিয়পি পৰে৷ ই পুৰুষ আৰু মহিলা উভয়ৰে হব পাৰে৷ বেছিভাগ ব্যক্তিৰেই প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা বা যৌনাংগৰ কাষত খজুৱতি আদি সমস্যাৰ সৃষ্টি কৰে৷ বহুতৰে যৌনাংগৰ কাষত ফুলি যোৱা আৰু খজুৱতি হোৱা সমস্যাও হব পাৰে৷ ইংলেণ্ডত মহামাৰীৰ ৰূপত বৃদ্ধি পাইছে গণৰিয়াত আক্ৰান্তৰ সংখ্যা৷ বিগত মঙলবাৰৰ পৰা ইংলেণ্ডত যৌনৰোগত টিকা দিয়াৰো ব্যৱস্থা আৰম্ভ হৈছে৷
মনত ৰখা প্ৰয়োজন যে গণৰিয়া উপসৰ্গবিহীনো হব পাৰে৷ অৰ্থাৎ আপোনাৰ কোনো লক্ষণ নাথাকিবও পাৰে৷ সেই কাৰণেই যিসকলে অসুৰক্ষিত যৌন মিলন কৰিছে বা অন্য কোনো ধৰণৰ ঘনিষ্ঠ যোগাযোগ কৰিছে তেতিয়া তেওঁলোকে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাটো জৰুৰী৷ গণৰিয়াৰ প্ৰাথমিক লক্ষণ কি কি?
যন্ত্ৰণাদায়ক প্ৰস্ৰাৱ
গণৰিয়াৰ প্ৰধান লক্ষণ হৈছে প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা৷ জ্বলাপোৰা বা তীব্ৰতৰ ভাৱে বিষ অনুভৱ কৰা৷ ইয়াৰ সৈতে প্ৰস্ৰাৱৰ পৰিমাণ বেছি হোৱা আৰু ঘনাই প্ৰস্ৰাৱ লগা৷ ইয়াৰ সৈতে মূত্ৰনলীৰ পৰা পুঁজৰ দৰে স্ৰাৱ বাহিৰ হোৱা৷
অস্বাভাৱিক যোনি স্ৰাৱ
মহিলাৰ ক্ষেত্ৰত এই সমস্যা হয়৷ প্ৰায়েই যোনি স্ৰাৱ হৈ থকা আৰু হালধীয়া বা সেউজীয়া ৰঙৰ যোনিস্ৰাৱ হোৱা যি খুবেই গোন্ধযুক্ত হব পাৰে৷ অন্যান্য লক্ষণসমূহৰৰ ভিতৰত আছে যোনিৰ চাৰিওকাষে খজুৱতি বা জ্বলাপোৰা কৰা৷ যৌন মিলন বেদনাদায়ক হোৱাটোও এক লক্ষণ হব পাৰে৷
প্ৰজনন অংগত প্ৰদান
পুৰুষৰ ক্ষেত্ৰত গণৰিয়াৰ কাৰণে এপিডিডাইমিছ প্ৰদাহ হব পাৰে যি অণ্ডকোষৰ পিছফালে থাকে৷ লক্ষণসমূহৰ মাজত আচে ফোলাভাৱ আৰু কোমলতা, ইয়াৰোপৰি বীৰ্যপাতৰ সময়ত বিষ অনুভৱ কৰা৷ পুৰুষৰ লিংগৰ অগ্ৰভাগ বা মলদ্বাৰৰ পৰা বগা বা হালধীয়া স্ৰাৱো ওলাব পাৰে৷
মহিলাৰ ক্ষেত্ৰত গণৰিয়াৰ ফলত পেলভিক ইনফ্লেমেটৰি ডিজিজ হব পাৰে যি জৰায়ু, ফেলোপিয়ান টিউব আৰু অন্যান্য প্ৰজনন অংগৰ নেইছেৰিয়া গণৰিয়াৰ দৰে বেকটেৰিয়াৰ সংক্ৰমণৰ কাৰণে হয়৷ PIDৰ ফলত পেটৰ বিষ, জ্বৰ ইয়াৰোপৰি মাহেকীয়াৰ সময়ত অস্বাভাৱিক ৰক্তপাত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ