সামাজিকমাধ্যমত চকু ৰাখিলেই দেখা যায় আলিয়া ভাট্টৰ পৰা আদি কৰি বি টাউনৰ বহু নায়িকাই বৰফৰ পানীৰে মুখ ধোৱে৷ কোনো কোনোৱে আকৌ বৰফেৰে মুখ ঘঁহে৷ বৰফৰ পানী ছালৰ বাবে কিমান উপকাৰী বা ইয়াৰ কি কি গুণাগুণ আছে? আইছ থেৰাপি বা নানান ধৰণৰ ফলৰ ৰসেৰে তৈয়াৰ কৰা বৰফ মুখত লগাই ৰূপচৰ্চাৰ প্ৰৱণতা বহুতৰে আছে৷ সামাজিক মাঝ্যমতো এনে বহু উপায়ক লৈ ভিডিঅ’ প্ৰস্তুত কৰে বহুজনে৷ কোনোৱে নিমপাতৰ ৰসেৰে বৰফ বনাই মুখত লগালে হালমইনা কমে বুলি দিয়ে কোনোৱে আকৌ এলোভেৰাৰ বৰফ বনাইয়ো মুখত লগায়৷
উপকাৰিতা
বৰফ দিলে সহজেই চকুৰ মুখৰ ফোলাভাৱ কমি যায়৷ ক্লান্তিৰ ছাপো দূৰ হয়৷ কাৰণ ঠাণ্ডাত ৰক্তবাহক নলী সংকুচিত হৈ যায়৷ বিশেষকৈ টোপনিৰ পৰা উঠাৰ পাছত বহুতৰে মুখত খোলাভাৱ থাকে সেয়া কমোৱাত সহায় কৰে বৰফে৷
ৰ’দৰ তাপত ছাল ৰঙা হোৱা জ্বলাপোৰা কৰা আদি কমাবলৈকো কোল্ড থেৰাপি সহায়ক৷ দ্ৰুত জ্বলাভাৱ কমাই বৰফে৷
বৰফ ব্যৱহাৰৰ পাছত যেতিয়া ছাল আকৌ স্বাভাৱিক উত্তাপলৈ আহে তেতিয়া ৰক্তপ্ৰবাহ বাঢ়ি যায়৷ ৰক্ত সঞ্চালন ভাল হোৱাৰ ফলত মুখ উজ্জ্বল দেখা যায়৷
কোনসকল লোক সতৰ্ক হব?
সামাজিক মাধ্যমত দেখিয়েই সেই কৌশলক নিজস্ব ৰূপচৰ্চাত ব্যৱহাৰ কৰা লোকৰ যিসকলৰ ছাল স্পৰ্শকাতৰ, ৰোজাছিয়া বা ছালত ফোঁহা ওলোৱা ধৰণৰ সমস্যা আছে তেওঁলোকে বৰফ ব্যৱহাৰ নকৰাটোৱেই শ্ৰেয়৷ অতিৰিক্ত শুকান ছালৰ লোক আৰু বৰফ এলাৰ্জি থাকিলেও বৰফ ব্যৱহাৰ নকৰাটোৱেই শুভ৷
বৰফ ব্যৱহাৰৰ সঠিক কৌশল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















