ভক্তৰ অপাৰ ভক্তিতেই তুষ্ট দেৱাদিদেৱ মহাদেৱ৷ তেওঁক সন্তুষ্ট কৰিবলৈ সামান্য উপচাৰ আৰু মন্ত্ৰই যথেষ্ট৷ অলপতেই ভক্তৰ ওপৰত তুষ্ট হয় ভোলেনাথ৷ নিষ্ঠাৰে দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰিলে তেওঁ ভক্তক সহায় কৰে৷ হিন্দুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি শিৱৰ পূজা কৰিলে ব্যক্তিয়ে শীঘ্ৰেই আৰোগ্য আৰু সুখ সমৃদ্ধি লাভ কৰে৷ হিন্দুশাস্ত্ৰত লক্ষ্মীদেৱীক ধনসম্পদৰ অধিষ্ঠাত্ৰী দেৱী বুলি আৰাধনা কৰা হলেও শিৱৰ এটা স্তোত্ৰৰ জোৰত কৰায়ত্ত কৰিব পাৰে সকলো সম্পদ৷ দিনত মাত্ৰ এবাৰ স্তোত্ৰটি পাঠ কৰিলে দূৰ হয় আৰ্থিক দুৰ্দশা৷
যিসকলে অৰ্থকষ্টত ভূগি আছে বা ধনৰ অসুবিধাত আছে তেওঁলোকৰে মহাদেৱৰ শৰণ ললেই আৰ্থিক দুৰ্ভাগ্য দূৰ হয়৷ কষ্ট নকৰাকৈয়ে দৰিদ্ৰতা দূৰ কৰিবৰ বাবে এই স্তোত্ৰ জপ কৰিব লাগে৷ ভোলেনাথৰ কৃপাত মানিবেগত উপচি পৰিব টকা৷ যিসকলৰ প্ৰায়েই ধন হেৰাই বা চুৰি হয় তেওঁলোকেও এই স্তোত্ৰটো পাঠ কৰিলে সুফল লাভ কৰিব পাৰে৷ অৰ্থৰ টনাআঁজোৰাৰ পৰা মুক্তি পাবলৈ দৰিদ্ৰ দহন শিৱস্তোত্ৰ পাঠ কৰা অত্যন্ত জৰুৰী৷ সোমবাৰে এই স্তোত্ৰ পাঠ কৰিলে সংসাৰৰ পৰা দাৰিদ্ৰতা দূৰ হয়৷ ইয়াৰোপৰি সকলো প্ৰকাৰৰ আৰ্থিক বাধা দূৰ হয়৷ কোনোৱে বিচাৰিলে প্ৰতি দিনে এবাৰকৈ এই স্তোত্ৰ পাঠ কৰিব পাৰে৷
নিয়মবিধি
দাৰিদ্ৰ দহন শিৱস্তোত্ৰ পাঠ কৰিবলৈ হলে পুৱাই গা ধুই শুদ্ধ বস্ত্ৰ মাটিত পাৰি বহিব৷ কোনো আসন ব্যৱহাৰ নকৰিব৷ কোনোৱে যদি বিয়লী পাঠ কৰিব খোজে তেতিয়াও সমস্যা নাই৷ শুদ্ধাচাৰে, শুদ্ধচিত্তে শিৱস্তোত্ৰ পঢ়িব৷ ইয়াৰ সৈতে প্ৰত্যেক সোমবাৰে শিৱৰ মূৰত পানী ঢালি প্ৰাৰ্থনা কৰিলেও সুফল পাব৷ ইয়াৰ সৈতে কলা কুকুৰ বা কাউৰীক অন্নদান কৰিলে স্তোত্ৰপাঠৰ শক্তি বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















