বৈদিক জ্যোতিষশাস্ত্ৰমতে গ্ৰহৰ সেনাপতিৰ গোচৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হয়৷ মঙ্গলক শক্তি, ভাতৃ, সাহস, বীৰত্ব, ভূমি, তেজ, যুদ্ধ আৰু শক্তিৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ এই সময়ত মঙ্গলে বুধৰ কন্যা ৰাশি আৰু হস্ত নক্ষত্ৰত গোচৰ কৰিছে৷ পঞ্চাঙ্গ অনুসৰি মঙ্গলে ৩ ছেপ্টেম্বৰৰ সন্ধিয়া পৰ্যন্ত হস্ত নক্ষত্ৰত থাকিব৷ হস্ত নক্ষত্ৰৰ শাসক গ্ৰহ চন্দ্ৰ বুলি কোৱা হয়৷ চন্দ্ৰৰ নক্ষত্ৰত বুধৰ গোচৰ কিছু ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ জানি থওক কোন ৰাশিৰ জাতকে চন্দ্ৰৰ হস্ত নক্ষত্ৰত গ্ৰহৰ সেনাপতি মঙ্গলৰ গোচৰত আশীৰ্বাদ পাব পাৰে৷ চন্দ্ৰৰ নক্ষত্ৰত মঙ্গলৰ প্ৰৱেশৰ ফলত কাৰ কাৰ ভাগ্য উদয় হব?
মেষ ৰাশি
হস্ত নক্ষত্ৰত মঙ্গলৰ গোচৰ মেষ ৰাশিৰ জাতকৰ বাবে শুভ হব৷ আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ প্ৰেম জীৱন ভাল হব পাৰে৷ আপোনাৰ বেংক বেলেন্স বঢ়োৱাৰ বাবে আপুনি নতুন সুযোগ পাব পাৰে৷ এই সময়ত আপোনাৰ স্বাস্থ্যৰ যত্ন লওক আৰু তৰ্ক বিতৰ্কত সোমাই নপৰিব৷
তুলা ৰাশি
হস্ত নক্ষত্ৰত মঙ্গলৰ গোচৰ তুলা ৰাশিৰ জাতকৰ বাবে খুবেই উপকাৰী বুলি ধাৰণা কৰা হয়৷ এই সময়ত আপোনাৰ মনত ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ আহিব৷ এই সময়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বিশেষ সফলতা লাভ কৰিব৷ কিছু লোকে শিক্ষামূলক ভ্ৰমণো কৰিব পাৰে৷ আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব৷
মিথুন ৰাশি
হস্ত নক্ষত্ৰত মঙ্গলৰ গোচৰ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ বুলি ধাৰণা কৰা হয়৷ যোগাযোগ ক্ষেত্ৰৰ সৈতে যুক্ত ব্যক্তিৰ বাবে এই সময় ভাল হব৷ আপুনি মানুহৰ সৈতে সামাজিক যোগাযোগ বঢ়াবলৈ সক্ষম হব৷ পেছাগত জীৱনতো নতুন অগ্ৰগতিৰ নতুন পথ উন্মোচিত হোৱা দেখা যাব৷ আপোনাৰ বন্ধুৰ পূৰ্ণ সহায়তাত আপুনি সহজেই সমস্ত অসুবিধা দূৰ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















