এক বাহনৰ বিজ্ঞাপনত একেলগে দেখা গৈছিল দীপিকা পাডুকন আৰু শ্বাহৰুখ খানে৷ আৰু সেই কাৰণতেই বলীউডৰ দুই অভিনেতা আৰু হুণ্ডাই কোম্পানীৰ ৬গৰাকী কৰ্মকৰ্তাৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে৷
FIR দাখিল কৰা হৈছে ৰাজস্থানৰ ভাৰতপুৰত৷ এই গোচৰ তৰিছে এজন স্থানীয় বাসিন্দাই৷ তেওঁৰ অভিযোগ, ২০২২ চনত তেওঁ ক্ৰয় কৰা হোণ্ডাই আলকাজাৰ SUV ত কেইবা মাহৰ পৰা বিভিন্ন প্ৰযুক্তিগত সমস্যাই দেখা দিছে৷ তেওঁ আকৌ অভিযোগ কৰিছে যে বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো কোম্পানী.এ সমস্যাসমূহ সমাধান কৰি দিয়াত ব্যৰ্থ হৈছে৷ ৰাজস্থানৰ ভাৰতপুৰৰ বাসিন্দা কীৰ্তি সিংহৰ অভিযোগত তেওঁ স্পষ্টকৈ জনাইছে যে তেওঁ হোণ্ডাই কোম্পানীৰ বাহনখন ২৩ লাখ টকাতকৈয়ো বেছি দামেৰে ক্ৰয় কৰিছিল৷
আৰক্ষীয়ে প্ৰথমে তেওঁৰ অভিযোগ নথিভুক্ত কৰিবলৈ অস্বীকাৰ কৰিছিল তেতিয়াই কীৰ্তি আদালতকৈ যায়৷ আদালতৰ নিৰ্দেশত ২৫ আগষ্টত মথুৰা গেট থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০, ৪০৬ আৰু ১২০ বি ধাৰা, আৰু ভাৰতীয় ন্যায়সংহিতাৰ ৩১২, ৩১৮, ৩১৬, ৬১ আৰু ১৭৫(৩) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷
হোণ্ডাই মটৰ ইণ্ডিয়াৰ শীৰ্ষ কৰ্মকৰ্তাসকলৰ নামো উল্লেখ কৰিছে গোচৰত৷ তেওঁ আদালতত তৰা গোচৰত নাম অন্তৰ্ভুক্ত আছে, হোণ্ডাইৰ ব্যৱস্থাপনা পৰিচালক এনচো কিম, চিইঅ তৰুণ গাৰ্গ, মালৱা অটো চেলছ প্ৰাইভেট লিমিটেডৰ এম ডি নিতিন শৰ্মা আৰু পৰিচালক প্ৰিয়ংকা শৰ্মা৷ তেওঁ ব্ৰেণ্ডটোৰ সমৰ্থন আৰু প্ৰচাৰৰ বাবে অভিনেতা দীপিকা পাডুকন আৰু শ্বাহৰুখ খানকো অভিযুক্ত কৰিছে৷ তেওঁ দীপিকা আৰু শ্বাহৰুখক ত্ৰুতিপূৰ্ণ পণ্যৰ প্ৰচাৰৰ বাবে দায়ী কৰি যুক্তি দিছে যে তেওঁলোকে এনে ব্ৰেণ্ডৰ বিজ্ঞাপন দি গ্ৰাহকক বিভ্ৰান্ত কৰিছে৷ বৰ্তমানলৈকে অৱশ্যে দীপিকা আৰু শ্বাহৰুখৰ তৰফৰ পৰা এই অভিযোগৰ কোনো প্ৰতিক্ৰিয়া অহা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















