১১ ছেপ্টেম্বৰ ২০২৫ বুধবাৰে চন্দ্ৰই মীন ৰাশি এৰি মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ ভাদৰ কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ধ্ৰুৱ যোগ আৰু ব্যাঘাত যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অশ্বিনী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে কাইলৈ দিনটো অত্যন্ত শুভ হব৷ আৰ্থিকভাৱে ভাল অৱস্থানত থাকিব আৰু বিনিয়োগ কৰাৰো ভাল সুযোগ পাব৷ নিজকে ব্যস্ত ছিডিউলৰ মাজত ৰাখিও আপুনি প্ৰেম জীৱনৰ বাবে সময় ওলিয়াব পাৰিব৷ ব্যৱসায়ীয়ে কাইলৈ ভাল মুনাফা লাভৰ সুযোগ পাব৷
মিথুন ৰাশি
কাইলৈ মঙ্গলময় দিন কটাব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ জীৱনত সকলো ক্ষেত্ৰতে সাফল্য লাভ কৰিব পাৰে৷ পাৰিবাৰিক সম্পত্তি বৃদ্ধি কৰাৰ সুযোগ পাব৷ কাইলৈ নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব৷ সমাজত মান সন্মান বৃদ্ধি পাব৷
তুলা ৰাশি
কাইলৈ সুখৰ সময় কটাব তুলা ৰাশিৰ জাতকে৷ কাইলৈ বিলাসবহুল দিন কটাব পাৰে৷ নতুন সম্পত্তি বা বাহন কিনিব পাৰে৷ অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে কাইলৈ দিনটো শুভ৷ চাকৰি, প্ৰমোছন বা ভ্ৰমণৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
মকৰ ৰাশি
কাইলৈ ১১ ছেপ্টেম্বৰ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত বৃহৎ সাফল্য পাব মকৰ ৰাশিৰ জাতকে৷ বিষ্ণুৰ কৃপাত কাইলৈ আপোনাৰ মনৰ কোনো অপূৰ্ণ ইচ্ছাও পূৰণ হব পাৰে৷ পাবলগীয়া ধন লাভ কৰিব৷ ঘৰলৈ বিশেষ অতিথিৰ আগমন হব পাৰে৷ ই.আৰ ফলত ঘৰত আনন্দৰ পৰিবেশ থাকিব৷
মীন ৰাশি
কাইলৈ ধ্ৰুৱ যোগৰ প্ৰভাৱত আপোনাৰ মনত পজিটিভ চিন্তাভাৱনাই কাম কৰিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব মীন ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ সকলো প্ৰয়োজন আপুনি পূৰণ কৰিব পাৰিব৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তিত চহী কৰিব পাৰে৷ ব্যৱসায়িক যাত্ৰা আপোনাৰ বাবে লাভজনক হব৷ কেৰিয়াৰত উন্নতি হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















