সকলো শেষ…জুবিন নাই মানে সকলো যেন দিশহাৰা৷ তেওঁ নিজকে অভিভাৱক নাভাৱিলেও তেওঁ যেন সকলোৰে অভিভাৱকেই আছিল৷ আজি অসমীয়াই অভিভাৱক হেৰুৱাইছে৷ কিছু সময়ৰ পাছতেই প্ৰাণৰ জুবিন গাৰ্গক চিতাৰ জুইয়ে আঁকোৱালি ল’ব৷ কায়িকভাৱে শেষ হৈ যাব চিৰপৰিচিত জুবিন৷ জুবিনে কায়িক বিদায় ল’লেও যুগৰ পৰা যুগলৈ অসমীয়াৰ প্ৰাণত জীয়াই থাকিব জুবিন৷
বিদায় বেলাত জুবিনক পিন্ধাই দিয়া হৈছে তেওঁৰ প্ৰিয় পোছাকো৷ প্ৰিয় ড্ৰেগন ড্ৰেছ পিন্ধি কফিনত নিৰবে শুই আছে জুবিন৷ সোণাপুৰত ইতিমধ্যে শেষ শ্ৰদ্ধা জনাই থকা হৈছে৷ তাতেই স্বামীৰ চৰণ চুই শেষ বিদায় জনাইছে গৰিমা শইকীয়া গাৰ্গে৷ পিতৃয়েও থৰক বৰক খোজেৰে আগুৱাই গৈ শেষবাৰৰ বাবে পিতৃৰ মুখখন এবাৰ চাইছে৷ অন্তিম যাত্ৰাত আজিও তেওঁৰ কাষত আছে হাজাৰ হাজাৰ মানুহ৷ নাথাকিবনো কিয়, জুবিনে যে ভালপাইছিল মানুহ৷ জুবিনে জীৱন্ত কালতো বাৰে বাৰে কৈছিল, মই মানুহ ভালপাওঁ৷ মানুহ নহলে মই থাকিব নোৱাৰো৷ সেয়েতো আজি বিদায় বেলাতো তেওঁক কোনোৱে অকলশৰীয়া হবলৈ দিয়া নাই৷ কাষত ৰৈ আছে হাজাৰ হাজাৰ মানুহ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















