বলীউডৰ জনপ্ৰিয় জুঁটি কেটৰিণা কাইফ আৰু বিকিয়ে তেওঁলোকৰ প্ৰথম সন্তানৰ আগমনৰ সংবাদ ঘোষণা কৰিছে৷ ইনষ্টাগ্ৰামত এখন বিশেষ ফটো শ্বেয়াৰ কৰি তেওঁলোকে জনাইছে- আমাৰ জীৱনৰ আন এক অধ্যায় আৰম্ভ হ’বলৈ ওলাইছে৷ ছবিত দেখা গৈছে কেটৰিণাৰ বেবী বাম্প হাতেৰে চুই আছে বিকিয়ে৷ এই পোষ্টৰ মাধ্যমেৰে তেওঁলোকে নিশ্চিত কৰিছে যে তেওঁলোকৰ সংসাৰলৈ নতুন সদস্য আহিছে৷ সূত্ৰৰ খবৰ অনুসৰি কেটৰিনা বৰ্তমান ৮ মাহৰ অন্তঃসত্ত্বা আৰু অক্টোবৰৰ শেষ বা নৱেম্বৰৰ আৰম্ভণিতেই মাতৃ হব কেটৰীণা৷
বিকি-কেটৰ এই ঘোষণাৰ পাছতেই বহুজনে তেওঁলোকক শুভেচ্ছাৰে ওপচায়ো দিছে৷ কেটৰিনা আৰু বিকিয়ে ২০২১ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানত বিবাহ বন্ধনত আৱদ্ধ হয়৷ বলীউডৰ অন্যতম প্ৰশংসিত জুটি হিচাপে পৰিচিত তেওঁলোক৷ বিগত তিনি বছৰ তেওঁলোকে বিভিন্ন ৰোমান্সৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছে৷ ইয়াৰ পৰাই বুজিব পাৰি যে দুয়োৱে সুখৰ সংসাৰ কটাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















