আৰু মাত্ৰ দুমাহ পাছত ২০২৬ চন আৰম্ভ হ’ব৷ আগন্তুক বছৰ কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰহৰ গোচৰৰ সাক্ষী থাকিব৷ ৰাহু আৰু কেতু যথাক্ৰমে মকৰ আৰু সিংহ ৰাশিত গোচৰ কৰিব৷ বৃহস্পতিয়ে সিংহ ৰাশিত গোচৰ কৰিব৷ ২০২৬ চনত শনিয়ে তাৰ ৰাশিচক্ৰ পৰিবৰ্তন নকৰিলেও কেইবাবাৰো তাৰ গতি পৰিবৰ্তন কৰিব৷ আগন্তুক বছৰ শনি নক্ষত্ৰমণ্ডলীত স্থানান্তৰিত হ’ব, অৱস্থান পৰিবৰ্তন কৰিব, অস্ত যাব আৰু উদয় হৈ মাৰ্গীও হ’ব, বক্ৰীও হ’ব৷ এই সমস্ত পৰিবৰ্তনে মানুহৰ জীৱনত প্ৰভাৱ পেলাব৷
এই গ্ৰহৰ গোচৰে সকলো ৰাশিচক্ৰক প্রভাৱিত কৰিব, সাধাৰণভাৱে ক’বলৈ গলে চাৰিটা ৰাশিৰ জাতক জাতিকাৰ বাবে ২০২৬ চনত বেছিভাগ সময় শুভ হ’ব৷ ২০২৬ চনত এই ৰাশিসমূহ ভাগ্যবান হ’ব৷
বৃষ ৰাশি
২০২৬ চনত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে বহু উল্লেখযোগ্য সাফল্য কঢ়িয়াই আনিব৷ কাঙ্ক্ষিত পদ আৰু আৰ্থিক লাভ অৰ্জন কৰিব৷ ব্যক্তিগত জীৱনলৈ সুখ আহিব৷ অবিবাহিতসকলৰ বিবাহৰ যোগ আছে আৰু বিবাহিত দম্পতিৰ সম্পৰ্ক আৰু শক্তিশালী হ’ব৷ আৰ্থিক সমৃদ্ধি বৃদ্ধি পাব৷
সিংহ ৰাশি
২০২৬ চনত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে বহু উল্লেখযোগ্য সাফল্য আহিব৷ কাঙ্ক্ষিত পদ আৰু আৰ্থিক লাভ অৰ্জন কৰিব৷ তেওঁলোকৰ ব্যক্তিগত জীৱনলৈ সুখ আহিব৷ অবিবাহিতসকলৰ বিবাহ ঠিক হব৷ আৰ্থিক সমৃদ্ধি আহিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ২০২৬ চনত কেৰিয়াৰত উন্নতি আহিব৷ ব্যৱসায় লাভজনক হব৷ বৃহৎ কোনো বাণিজ্যিক চুক্তি স্বাক্ষৰিত হ’ব৷ দীৰ্ঘ দূৰত্বলৈ ভ্ৰমণ কৰিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে ২০২৬ চনত গ্ৰহসমূহ অনুকূল থাকিব৷ সম্পদ আৰু সম্পত্তি বৃদ্ধি পাব৷ নতুন ঘৰ, মাটি বা যানবাহন ক্ৰয় কৰিব পাৰে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতি কৰিব৷ ঘৰত সুখ থাকিব৷ ব্যৱসায় সমৃদ্ধ হব৷ প্ৰতিপত্তি বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















