ধনকুবেৰ, উদ্যোগপতিৰ পৰা বিশ্বৰ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰনেতা৷ বিত্তবান ক্ষমতাশালীসকলৰ মাজত আছে ছুইচ বেংকত ধন ৰখাৰ প্ৰৱণতা৷ কিয় নিজৰ দেশৰ বেংকক ভৰষা নকৰে তেওঁলোকে? ক’লা টকা লুটপাত কৰি ৰখাৰ বাবে ভাল বিকল্প নেকি ছুইচ বেংক? ছুইজাৰলেণ্ডৰ বেংকিং ব্যৱস্থাক লৈ যাৱতীয় প্ৰশ্নৰ উত্তৰ দিয়া হৈছে এই প্ৰতিবেদনত৷
ছুইছ বেংকত ধন ৰখাৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ইয়াৰ গোপনীয়তা৷ গ্ৰাহকৰ কোনো তথ্য কেতিয়াও ভাইৰেল নহয় এই বেংকৰ পৰা৷ ফলত কোন ব্যক্তিয়ে কিমান টকা ৰাখিছে সেয়া জনাৰ উপায় নাই৷ দ্বিতীয়তে ফ্ৰান্স, জাৰ্মানি আৰু অষ্ট্ৰিয়াক ঘেৰি স্থলবেষ্টিত ছুইজাৰলেণ্ড এখন নিৰপেক্ষ দেশ৷ ফলত ইয়াত যিকোনো লোকেই টকা ৰাখিব পাৰে৷ অন্যহাতে তেওঁলোকে সেই অৰ্থ সম্পূৰ্ণ সুৰক্ষা সহকাৰে ৰাখি থয়৷
খ্ৰিষ্টীয় ১৭ শতকৰ পৰা চলি আছে ছুইচ বেংক৷ সেই সময়ত ইউৰোপৰ অভিজাত শ্ৰেণীক ৰক্ষা কৰাই আছিল এই বেংকৰ উদ্দেশ্য৷ ইয়াৰ পাছতেই বেংকিং ব্যৱস্থাক মজবুত কৰিবলৈ ১৭৩১ চনত ছুইচ পাৰ্লিয়ামেণ্ট গ্ৰেট কাউন্সিল অফ জেনেভা পাছ হয়৷ এই আইন গোপনীয়তাৰ আইন৷ প্ৰতিবেশী ফ্ৰান্সৰ বেংকসমূহ তেতিয়া চলাইছিল প্ৰটষ্টেণ্ট খ্ৰিষ্ট ধৰ্মাৱলম্বীসকলে৷ আৰু তাত ধন থবলৈ আগ্ৰহী নাছিল কেথলিক খ্ৰিষ্টিয়ান ফৰাচি ৰজা৷
১৭৮০ চনত ছুইচ বেংকত ৰখা যাৱতীয় সম্পত্তিক বিমাৰ আওঁতালৈ অনা হয়৷ ফলত ইয়াত ধন ৰখাৰ প্ৰৱণতা বাঢ়িছিল৷ ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰলুৰ যুদ্ধত কিংবদন্তি ফৰাছি সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ পৰাজয় হয় আৰু ইউৰোপৰ ৰাজনীতিলৈ আহে বৃহৎ পৰিবৰ্তন৷ সেই সময়ত নিজকে নিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰে ছুইজাৰলেণ্ডে৷ ফলত পৰবৰ্তী সময়ত কোনো সামৰিক জোটতেই জেনেভাক অংশ লোৱা দেখা নগল৷
১৮৮৬ চনত সৰু এক গৃহযুদ্ধৰ পাছত তৈয়াৰ হয় ছুইচ ফেডাৰেছন৷ ইয়াৰ মাজত এক গণতান্ত্ৰিক কাঠামোৰ মাজলৈ যায় আল্পছৰ কোলাত থকা সেই ইউৰোপীয় দেশ৷ ইয়াত ৰাজনৈতিকভাৱে স্থিতিশীলতা পাইছিল জেনেভাই৷ ফলত বেংকি ব্যৱস্থাক মজবুত কৰিবলৈ কঠোৰ গোপনীয়তা আইন তেওঁলোকে তৈয়াৰ কৰে আৰু সেই গোপনীয়তা আইন সকলোকে মানি চলাৰো পৰামৰ্শ দিছে৷ গোপনীয়তা আইনেই বিশ্বৰ প্ৰতিকোণৰ লোকক আকৰ্ষণো কৰিবলৈ সক্ষম হয়৷
প্ৰথম বিশ্বযুদ্ধ(১৯১৪-’১৮)ত ছুইচ বেংকৰ ব্যৱসায় আৰু ৰমৰমীয়া হৈ পৰে৷ বেংকৰ কৰ্তাসকলে প্ৰথমে ফ্ৰান্স আৰু জাৰ্মানীলৈ গৈ দুই দেশৰ ধনী মানুহৰ খবৰ কৰিছিল৷ আৰু পাছলৈ সংশ্লিষ্ট বেংকসমূহলৈ ঘনে ঘনে ফ্ৰান্স আৰু জাৰ্মানীৰ লোক আহে৷ মূলত এই দুই দেশৰ অভিজাত আৰু ধনী গ্ৰাহকে যুদ্ধৰ অনিশ্চয়তা আৰু আৰ্থিক সংকটৰ কথা ভাৱিয়েই ছুইচ বেংকত ধন জমা ৰাখিবলৈ আৰম্ভ কৰে৷ ধন ৰখাৰ আন এক ডাঙৰ কাৰণ আছিল গোপনীয়তা আইন৷ কোনে কিমান ধন জমা ৰাখিছে সেয়া কোনোৱেই গম নাপায়৷
সেই সময়ত যুদ্ধত হোৱা খৰচৰ বাবে বিশেষ এটা কৰ লৈছিল ইউৰোপৰ বহু দেশে৷ ইয়াৰ মূল উদ্দেশ্য আছিল অভিজাত শ্ৰেণীৰ পৰা মোটা টকা আদায় কৰা৷ ফলত সেই কৰ ফাঁকি দিবৰ বাবেই ছুইচ বেংকত ভিৰ লাগিছিল তৎকালীন ধনকুবেৰসকলৰ একাংশৰ৷ ১৯৩৪ চনত গোপনীয়তা আইনলৈ আন এক ডাঙৰ পৰিবৰ্তন আছে ছুইচ চৰকাৰে৷ তাতেই কোৱা হয় যে তথ্য ফাঁচ হ’লে দেৱানী নহয় ফৌজদাৰী ধাৰাত অভিযুক্ত বুলি ধৰা হ’ব বেংক অধিকাৰীসকলক৷ বিচাৰ প্ৰক্ৰিয়াও তেনেদৰেই চলিব৷ এই সিদ্ধান্তৰ পাছতেই জেনেভাৰ বেংকিং ব্যৱস্থাৰ প্ৰতি ইউৰোপীয় দেশসমূহৰ বিশ্বাস আৰু কেইবাগুণো বৃদ্ধি পায়৷
১৯৩৩ চনত এডলাফ হিটলাৰ ক্ষমতালৈ অহাৰ পাছত জাৰ্মানীত আৰম্ভ হয় ইহুদি নিধন৷ এই ঘটনাত সৰ্বাধিক প্ৰভাৱ পৰে ছুইচ বেংকৰ ওপৰত৷ ইহুদি ব্যৱসায়ীসকলে তেওঁলোকৰ অৰ্থ লুকুৱাই ৰাখিবলৈ জেনেভাৰ বেংকসমূহক বাচি লয়৷ পৰবৰ্তীকালত ১৯৩৯-’৪৫ পৰ্যন্ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউনিয়ন বেংক অফ ছুইজাৰলেণ্ডত ১১০ কোটি ৰেইছমাৰ্ক অৰ্থাৎ তেতিয়াৰ জাৰ্মান মুদ্ৰা জমা ৰাখে স্বয়ং হিটলাৰে৷ ইয়াৰোপৰি তেওঁৰ সহযোগী নাঝি বাহিনীৰ নেতাসকলেও অৰ্থ লুকুৱাই ৰাখিবলৈ জেনেভাৰ বেংকসমূহকেই বাচি লয়৷
নিজে ধন জমা ৰাখিলেও ছুইচ বেংকত ইহুদিৰ ধন থকা কথাটোক কিন্তু সহজভাৱে ল’ব পৰা নাছিল হিটলাৰে৷ সেইবাবেই ১৯৪০ চনত ছুইজাৰলেণ্ড আক্ৰমণৰ পৰিকল্পনা কৰিছিল হিটলাৰে৷ ইয়াৰ পাছত অৱশ্যে জাৰ্মান জেনেৰেলসকলৰ সৈতে বৈঠকত বহি পৰামৰ্শ লোৱাৰ পাছত ছুইজাৰলেণ্ড আক্ৰমণৰ পৰিকল্পনা বাদ দিয়ে৷ ইতিহাসবিদৰ একাংশৰ দাবী যে জেনেভাৰ বেংকসমূহত তেওঁ নিজৰেই ধন থকাৰ বাবে সেই দেশক আক্ৰমণ কৰি ৰিস্ক ল’ব নুখুজিলে হিটলাৰে৷
দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত ইহুদিসকলৰ সম্পত্তি উদ্ধাৰৰ বাবে একাধিক পদক্ষেপ লোৱা হয়৷ ইয়াৰ ফলত ছুইচ বেংকৰ ওপৰতো ব্যাপক চাপ কৰে৷ ৯০ৰ দশকত আনুষ্ঠানিকভাৱে হিটলাৰে জমা কৰা অৰ্থ উভতাই বিচাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই৷ জেনেভাই কিন্তু সেই টকা দিবলৈ ৰাজি নহয়৷ ওলোটাই নিয়ম মানি যাৱতীয় অৰ্থ জাৰ্মানিকেই উভতাই দিয়ে তেওঁলোকে৷ এই ধন জাৰ্মানীক উভতাই দিয়াৰ কাৰণ হৈছে গ্ৰাহকৰ বিশ্বাস বজাই ৰখা৷
২০০৪ চনত বিশ্ব অৰ্থনীতি মন্দাৰ কবলত পৰিছিল৷ সেই বছৰৰেই ডিচেম্বৰ মাহত গোপনীয়তা সংক্ৰান্তিয় আইন আকৌ সলনি কৰে ছুইচ পাৰ্লিয়ামেণ্টে৷ এইবাৰ বেংকৰ গোপন তথ্য ফাঁচ কৰিলে ছ’মাহৰ সলনি পাঁচ বছৰৰ জে’ল বিধান ৰখা হয়৷ তাৰপিছতেই জেনেভাৰ বেংকসমূহৰ ভিতৰৰ খবৰ কেতিয়াও বাহিৰলৈ নোলোৱা হ’ল বুলি ভাৱিলে সেইয়া আপোনাৰ ভুল৷ কাৰণ তাৰ পিছতো তথ্য কিছু বাহিৰ হৈয়েই থাকিল৷
ছুইচ বেংকৰ ৰমৰমীয়া ব্যৱসায়ত সকলোতকৈ ডাঙৰ ধাক্কা খাই মাৰ্কিন নাগৰিক ব্ৰেডলি বাৰ্কেনফিল্ডে৷ ২০০১ চনত জেনেভাৰ ইউবিএছত যোগ দিয়ে তেওঁ৷ পৰবৰ্তী সময়ত আমেৰিকান গ্ৰাহকৰ ধনৰ বিষয়সমূহ তেঁৱেই চোৱাচিতা কৰিবলৈ লয়৷ ২০০৫ চনত ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে খেলিমেলিৰ বাবে চাকৰিৰ পৰা ইস্তাফা দিয়ে বাৰ্কেনফিল্ডে৷ প্ৰায় লগে লগেই তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ উভতিও যায়৷
মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ উভতি গৈ মাৰ্কিন বিচাৰবিভাগক ছুইচ বেংকত আমেৰিকানসকলৰ কলা টকা কিমান আছে সকলো তথ্য দিয়ে বাৰ্কেনফিল্ডে৷ লগে লগেই তদন্তত নামে যুক্তৰাষ্ট্ৰৰ চৰকাৰ৷ জনা যায় যে কেৱল মাত্ৰ ইউ বি এছ ১৮০০ৰ পৰা ২০০০ কোটি ডলাৰ লুকুৱাই ৰাখিছিল ১৯ হাজাৰতকৈ বেছি মাৰ্কিন নাগৰিকে৷ ইয়াৰ বাবে জেনেভাৰ সেই বেংকৰ ওপৰত ৭৮ কোটি ডলাৰৰ জৰিমনা বিহে মাৰ্কিন যুক্তৰাষ্ট্ৰই৷
ছুইচ বেংকৰ গোপন তথ্য ফাঁচ কৰি বাৰ্কেনফিল্ডো কিন্তু বাচি নগ’ল৷ কৰ ফাঁকিৰ অভিযোগত ২০০৯ চনত তেওঁৰ জে’ল হয়৷ ২০১২ চনত তেওঁ কাৰাবাসৰ পৰা মুক্তি পায়৷ সেই সময়ত ছুইচ বেংকৰ গোপন তথ্য ফাঁচ কৰাৰ বাবে ১০.৪ কোটি ডলাৰ আমেৰিকাৰ পৰা লাভো কৰিছিল তেওঁ৷ ২০০৯ চনত ছুইচ বেংকৰ ইউ বি এছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে মাৰ্কিন চৰকাৰে৷ সেই বছৰেই জেনেভা যাত্ৰা কৰিছিল তেতিয়া তৎকালীন মাৰ্কিন বিদেশসচিব হিলাৰী ক্লিণ্টনে৷ মুঠ ৫২ হাজাৰ আমেৰিকান নাগৰিকৰ বেংকৰ তথ্যও তেওঁ বিচাৰিছিল৷ কিন্তু গোপনীয়তা আইনক সন্মুখত ৰাখি সেয়া প্ৰকাশ কৰিবলৈ ৰাজী নহল ছুইচ চৰকাৰ৷ শেষত ৱাছিংটনৰ ছাপত মাত্ৰ চাৰে চাৰিহাজাৰ গ্ৰাহকৰ তথ্য প্ৰকাশ কৰে তেওঁলোকে৷
ছুইচ বেংকত ক’লা ধন ৰখা বিষয়টো বন্ধ কৰিবলৈ যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছিল প্ৰাক্তন মাৰ্কিন প্ৰেছি়ডেণ্ট বাৰাক হুছেইন ওবামাই৷ তেওঁৰ আমোলত পাছ হয় বিদেশী একাউণ্ট কৰ সন্মতি আইন৷ ইয়াত যুক্তৰাষ্ট্ৰৰ বাহিৰৰ কোনো বেংকত ধন বা সম্পত্তি জমা ৰাখিলে বাধ্যতামূলকভাৱে তথ্য দিব লাগিব বুলি কোৱা হৈছিল৷ ক্ষমতাত থকাৰ সময়ত ছুইজাৰলেণ্ডক ধমকিও দিছিল ওবামাই৷ কৈছিল যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ বেংক সংক্ৰান্তিয় তথ্য প্ৰকাশ নকৰিলে তেওঁলোকৰ সৈতে থকা সকলো ব্যৱসায়িক চুক্তি বিচ্ছিন্ন কৰিব৷ ইয়াৰ ফলত অৱশ্যে প্ৰৱল চাপতো পৰিছিল ছুইজাৰলেণ্ড৷ কিন্তু তাৰপিছতো ছুইচবেংকে ভৰষা হেৰুওৱা নাই ধনকুবেৰৰ৷
যুক্তৰাষ্ট্ৰৰ ভাবুকিৰ পাছত বহু দেশেই ছুইজাৰলেণ্ডক এনে ভাবুকি দিছে৷ ২০১৫ চনত জাৰ্মানী, অষ্ট্ৰিয়া আৰু ব্ৰিটেইনৰ সৈতে ৰুবিক চুক্তি স্বাক্ষৰ কৰিছে ছুইচ চৰকাৰে৷ ইয়াত কোৱা হৈছে কোনো ব্যক্তিয়ে দেশৰ যাৱতীয় কৰ দিলে ছুইচ বেংকত ৰখা অৰ্থৰ তথ্য তেওঁলোকে গোপনে ৰাখিব পাৰিব৷ ইয়াৰ ফলত অৱশ্যে জেনেভাৰেই লাভ হয়৷ শুনা যায় যে বৰ্তমান অলিগাৰ্কি নামৰ ৰুছ অভিজাত শ্ৰেণী, চীনৰ কমিউনিষ্ট পাৰ্টীৰ শীৰ্ষ পদাধিকাৰী আৰু মাৰ্কিন ধনকুবেৰৰ বিপুল সম্পত্তি জমা হৈ আছে ছুইচ বেংকত৷ বিগত কেইবাবছৰত বিশ্বজুৰি বাঢ়িছে ভূৰাজনৈতিক অস্থিৰতা৷ আৰ ফলত জেনেভাৰ বেংকসমূহৰ সম্পত্তি কিমান বৃদ্ধি পাইছে সেয়া জানিব পৰা হোৱা নাই৷
ছুইচ বেংকৰ ভল্টক লৈ অৱশ্যে ইউৰোপত একাধিক কাহিনী প্ৰচলিত আছে৷ কোনোৱে কৈছে টকা আৰু সোণ সুৰক্ষিত ৰাখিবলৈ বিশেষ ধৰণৰ বাংকাৰ তৈয়াৰ কৰিছে জেনেভাৰ যাৱতীয় আৰ্থিক প্ৰতিষ্ঠানে৷ কাৰোবাৰ মতে আল্পছৰ দুৰ্গম এলেকাত আছে তেওঁলোকৰ ভল্ট৷ গোপনীয়তা আইনৰ বাবেই অৱশ্যে এই তথ্য সঁচানে সেয়া জানিব পৰা হোৱা নাই৷
ইফালে আমাৰ দেশৰ ধনকুবেৰৰো সম্পত্তি আছে ছুইচ বেংকত৷ সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছিল, ছুইচ বেংকত থকা ক’লা ধন দেশলৈ উভতাই আনি দেশবাসীৰ উন্নতি সাধনত ব্যৱহাৰ কৰিব৷ সেই ধন ভাৰতলৈ উভতি আহিছেনে সেই তথ্য কাৰো হাতত নাই৷ কিন্তু ২০২৪ চনত ছুইজাৰলেণ্ডত ভাৰতীয়ৰ ধনৰ পৰিমান ৩ গুণ বাঢ়িছে৷ ৩.৫৪ বিলিয়ন ছুইচ ফ্ৰাঙ্ক অৰ্থাৎ প্ৰায় ৩৭ ৬০০ কোটি ভাৰতীয় টকা হৈছেগৈ৷ বুধবাৰে ১৯ জুনত ছুইচ নেশ্ব্যনেল বেংকে এই তথ্য প্ৰকাশ কৰিছে৷
এই সম্পত্তি বৃদ্ধিৰ বেছিভাগেই আহিছে বেংক চেনেল আৰু অন্যান্য আৰ্থিক প্ৰতিষ্ঠানৰ পৰা৷ ব্যক্তিগত বেংক একাউণ্টৰ পৰা নহয়৷ ভাৰতীয় গ্ৰাহকৰ একাউণ্টত এই ধনৰ পৰিমানো বৃদ্ধি পাইছে৷ এই একাউণ্টসমূহত জমা কৰা ধনৰ পৰিমান ১১ শতাংশ অৰ্থাৎ ৩৪৬ মিলিয়ন ছুইচ ফ্ৰাঙ্ক অৰ্থাৎ ৩৬৭৫ কোটি টকা বৃদ্ধি পাইছে৷ এই পৰিমাণ ছুইচ বেংকত জমা মুঠ ভাৰতীয়ৰ অৰ্থৰ ১০ভাগৰ এভাগহে মাত্ৰ৷
SNBয়ে জনাইছে যে বিভিন্ন ছুইচ বেংকত ভাৰতৰ ৩.৫৪ বিলিয়ন ছুইচ ফ্ৰাঙ্ক জমা হৈ আছে৷ ইয়াৰ মাজত ৩.০২ বিলিয়ন ছুইচ ফ্ৰাঙ্ক বেংকত ৩৪৬ মিলিয়ন ছুইচ ফাঙ্ক ব্যক্তিগত একাউণ্টত৷ ৪১ মিলিয়ন ছুইচ ফ্ৰাঙ্ক ট্ৰাষ্টৰ নামত আৰু ১৩৫ মিলিয়ন ছুইচ ফ্ৰাঙ্ক বিভিন্ন বণ্ডত জমা হৈ আছে৷ ২০২৪ চনৰ তুলনাত ২০২৩ চনত জমা থকা সম্পত্তিৰ ৭০শতাংশ কমি চাৰি বছৰত সৰ্বনিম্ন ১.০৪ বিলিয়ন ফ্ৰাঙ্ক হৈছে৷ যি ২০০৬ চনৰ সৰ্বকালৰ সৰ্বোচ্চ ৬.৫ বিলিয়ন ফ্ৰাঙ্কতকৈ কম৷
SNBৰ ৰিপৰ্ট বেংকসমূহৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে৷ ই অন্যান্য দেশৰ সত্তাৰ মাধ্যমেৰে ৰক্ষিত কলা ধন বা একাউণ্ট সম্পৰ্কে কোনো বিৱৰণ প্ৰকাশ নকৰে৷ ছুইচ কৰ্তৃপক্ষই বাৰে বাৰে কৈছে যে এই জমাসমূহ কাৰোবাৰ কলা ধন বুলি আমি নকও৷ ২০১৮ চনৰ চুক্তিৰ পাছত ছুইজাৰলেণ্ডৰ ছুইচ বেংকত জমা হোৱা অৰ্থৰ তথ্য ভাৰত চৰকাৰক দি আহিছে ছুইচ বেংকসমূহে৷ ২০১৯ চনত প্ৰথমবাৰৰ বাবে এই তথ্য দিছিল ছুইচ বেংকৰ পৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















