চাৰ্টৰ ওপৰত হাস্পতালত চিকিৎসকে পৰিধান কৰা বগা এপ্ৰন৷ ডিঙিত ষ্টেথ’স্কোপ৷ গুজৰাটৰ ভাৱনগৰৰ ছাৰ টি জেনেৰেল হাস্পতালত ট্ৰমা চেণ্টাৰত ৰোগী চোৱাচিতা কৰাত তেওঁ ব্যস্ত৷ তেওঁ নিজে ৰোগীক চোৱাৰ লগতে দুজন ইণ্টাৰ্ণকো প্ৰয়োজনীয় দিহা দি আছে৷ ষ্ট্ৰেচাৰতকৈ চিকিৎসক চাপৰ সেইবাবেই ৰোগীৰ পৰিয়ালে বাৰে বাৰে চিকিৎসকক ঘূৰি চাইছে৷ তেওঁ আন কোনো নহয় তেওঁ হৈছে চিকিৎসক গণেশ বৰইয়া৷ বয়স ২৫ বছৰ৷ উচ্চতা ৩ ফুট আৰু তেওঁ এমবিবিএছ পাছ কৰা এগৰাকী চিকিৎসক৷
শৰীৰৰ ৭২ শতাংশ অক্ষমতাক লৈয়েই তেওঁ পঢ়াশুনা কৰি চিকিৎসক হৈছে৷ নিৰক্ষৰ কৃষক পিতৃৰ সপোন পূৰণ কৰিছে চিকিৎসক গণেশে৷ ভাৱনগৰৰ গোৰখি গাওঁৰ দৰিদ্ৰ পৰিয়ালত জন্ম গণেশৰ৷ পিতৃ-মাতৃৰ অষ্টম সন্তান আৰু প্ৰথম পুত্ৰ৷ আৰম্ভণিৰে পৰাই এই পুত্ৰক লৈ বহু সপোন দেখিছিল পৰিয়ালে৷ কিন্তু জন্মৰ পৰা গণেশ বামন৷ গ্ৰোথ হৰমনৰ অভাৱত চলাফিৰাতো সমস্যা তেওঁৰ বিস্তৰ৷ ৰোগ ধৰা পৰাৰ পাছত তেওঁক লৈ পৰিয়ালত যি আশা ভৰসা আহিছিল সেই আশা হঠাৎ ভাঙি পৰে৷ কিন্তু নিজৰ পুত্ৰক কেনেকৈ অৱহেলা কৰিব?
গণেশে জনায় যে ১০ বছৰ বয়সত তেওঁক ক্ৰয় কৰিবলৈকো আহিছিল চাৰ্কাছৰ দলৰ কেইজনমান সদস্য৷ পিতৃক পাঁচ লাখ টকা দি তেওঁক ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে৷ তেওঁলোকে জনাই দিছিল যে চাৰ্কাছ দলৰ সৈতে কাম কৰাক বাদ দি গণেশৰ আৰু কোনো ভৱিষ্যৎ নাই৷ সেই দিনা কিছু গণেশৰ পিতৃয়ে লৈছিল বিশেষ সিদ্ধান্ত৷ পাঁচ লাখ কৰা উভতাই দি পুত্ৰক নিদিও বুলি উভতাই পঠিয়াইছিল চাৰ্কাছ দলৰ সদস্যসকলক৷ একমাত্ৰ পুত্ৰক তেওঁলোকে এনেকৈ হেৰুওৱাব খোজা নাছিল বাবেই উভতাই দিছিল চাৰ্কাছ দলটোক৷ গণেশক চাৰ্কাছ দলত দিয়াৰ সলনি পিতৃয়ে কোলাত লৈ স্কুললৈ অনানিয়া কৰিছিল৷ পিতৃৰ এই কৰ্মই প্ৰত্যাশা জন্ম দিছিল গণেশৰ মনত৷ গণেশে বুজি উঠিছিল অক্ষমতাক সংগী কৰি আগন্তুক দিনত তেওঁ পঢ়াশুনাৰ ক্ষেত্ৰত আগুৱাই যাব৷ শাৰীৰিক উচ্চতা নাবাঢ়িলেও শিক্ষাৰ উচ্চতাৰে তেওঁ ওখ হ’ব৷
আকাশ চোৱাৰ সপোন সেইদিনাই দেখিছিল গণেশে৷ অৰ্থাৎ ১০ বছৰ বয়সতে নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দুচকুত গণেশৰ৷ গণেশে কয়, ‘চলাফিৰাৰ বাবে মোক কাৰোবাৰ কান্ধৰ দৰকাৰ হ’ব মই সৰুতেই বুজি উঠিছিলো৷ জীৱনৰ বাটত মোক বহুতেই সহায় কৰিছে৷ সহায় অবিহনে মই ইমান দূৰ আগুৱাব নোৱাৰিলোহেতেন৷’
ভাৱনগৰ জেনেৰেল হাস্পতালৰ বণ্ডেড মেডিকেল অফিচাৰ ক্লাছ-২ গণেশ৷ ২৬ নৱেম্বৰত তেওঁ নিয়োগপত্ৰ পাইছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘মই এতিয়াও বিশ্বাস কৰিব পৰা নাই বাস্তৱক৷’ কাৰণ তেওঁ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত আসনত তেওঁ চিকিৎসকৰ প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছে ৭ বছৰ পূৰ্বে৷ অৰ্থাৎ ২০১৮ চনত৷ তাক পিছত চিকিৎসক হোৱাৰ এই যাত্ৰাত পদে পদে বাধা আহিছে৷ সহজে কতোৱেই তেওঁ আগুৱাব পৰা নাই৷ প্ৰথম বাধা আহিছিল জাতীয় মেডিকেল কাউন্সিলৰ পৰা৷ কোৱা হৈছিল গণেশৰ শাৰীৰিক অক্ষমতা চিকিৎসক হোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধক৷ গোচৰ গৈছিল আদালত পৰ্যন্ত৷
গুজৰাট হাইকৰ্টে গণেশৰ আবেদনৰ বিপক্ষে ৰায় দিয়ে৷ জনাই দিয়ে মেডিকেল কাউন্সিলৰ ধাৰণা অমূলক নহয়৷ ইয়াৰ পাছতেই গণেশে আৰু আশা ৰখা নাছিল৷ গণেশে ভাৱিছিল চিকিৎসক হোৱাৰ সপোনত ইতি টানি বাস্তৱত মন দিয়াই শ্ৰেয়৷ তেওঁ ভাৱিছিল সকলো বাদ দি বি এছ চি পঢ়াৰ কথা৷ কিন্তু সেই সময়তে তেওঁৰ কাষত থিয় দিয়ে স্কুলৰ ডাইৰেক্টৰ চিকিৎসক দলপৎ কাটাৰিয়া৷ গণেশক নজনোৱাকৈয়ে তেওঁ নিজেই তেওঁৰ গোচৰটো ছুপ্ৰিম কৰ্টলৈ লৈ যায়, অৰ্থাৎ ছুপ্ৰিম কৰ্টত আবেদন জনায়৷ শীৰ্ষ আদালতে গণেশৰ পক্ষে ৰায় দিয়ে সেই বছৰেই৷ তাৰপিছৰে পৰাই চিকিৎসক কাটাৰিয়াক মেণ্টৰ হিচাপে মানে গণেশে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















