মাইক্ৰছফ্টৰ পাছত এইবাৰ আমাজন৷ ভাৰতত বিপুল পৰিমাণে অৰ্থ বিনিয়োগ কৰিবলৈ আগবাঢ়িছে জেফ বেজোছৰ ই কমাৰ্ছ কোম্পানী৷ ডিজিটেল অৰ্থনীতি, AI-ৰ ওপৰত জোৰ দিয়েই এই অৰ্থ বিনিয়োগ কৰা হৈছে বুলি জনোৱা হৈছে৷ আমাজনৰ তৰফৰ পৰা জনোৱা হৈছে যে আগন্তুক পাঁচ বছৰত তেওঁলোকে ভাৰতত ৩৫ বিলিয়ন ডলাৰ বা ৩ লাখ কোটি টকাতকৈ বেছি অৰ্থ বিনিয়োগ কৰিব খুজিছে৷ ইয়াৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় ১০ লাখ যুৱক যুৱতীয়ে চাকৰি পাব৷ বিশ্ব বজাৰত ক্ৰমবৰ্ধনমান প্ৰতিযোগিতাৰ মাজত আমাজনৰ ভাৰতৰ এই আস্থাক অত্যন্ত পজিটিভ হিচাপেই চাইছে আন্তৰ্জাতিক বাণিজ্য মহলে৷
ই কমাৰ্ছ কোম্পানীটোৱে জনোৱা অনুসৰি যেওঁলোকে যি স্থানত বিনিয়োগ কৰিব তাৰ মাজত আছে ডিষ্ট্ৰিবিউটৰ কেন্দ্ৰ, লজিষ্টিক নেটৱৰ্ক, ডাটা চেণ্টাৰ, ডিজিটেল পেমেণ্টৰ উন্নতি সাধন আৰু প্ৰযুক্তি প্লেটফৰ্ম৷ আমাজনৰ দাবী ইয়াৰ ফলত ২০৩০ চনৰ ভিতৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ১০ লাখ কৰ্মসংস্থান তৈয়াৰৰো পৰিকল্পনা আছে তেওঁলোকৰ৷
১৫ বছৰ ধৰি ভাৰতত বিনিয়োগ কৰিছে আমাজনে
আমাজন ইমাৰ্জিং মাৰ্কেটৰ চিনিয়ৰ ভাইছ প্ৰেছিডেণ্ট অমিত আগৰৱালে জনাইছে যে ভাৰতত কোম্পানীৰ বৃদ্ধি দেশৰ ডিজিটেল উন্নতিৰ সৈতে যুক্ত৷ তেওঁ কয়, ‘বিগত ১৫ বছৰত আমি ৪০ বিলিয়ন ডলাৰ বিনিয়োগ কৰি ভাৰতত সৰু ব্যৱসায়ৰ বাবে বিশাল পৰিকাঠামোগত বিনিয়োগ কৰিছো৷ ইয়াৰ ফলত লাখ লাখ কৰ্মসংস্থান তৈয়াৰ হৈছে আৰু মেড ইন ইণ্ডিয়াক বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছে৷ আমাজন ২০৩০ চনৰ মাজত ভাৰতৰ পৰা মোট-ই-কমাৰ্ছ ৰপ্তানী বৰ্তমানৰ ২০ বিলিয়ন ডলাৰৰ পৰা চাৰিগুণ বাঢ়ি ৮০ বিলিয়ন ডলাৰলৈ লৈ যোৱাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷
বিনিয়োগৰ ঘোষণা কৰিছে মাইক্ৰছফ্টেও
মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দেখা কৰাৰ পাছত ভাৰতত ডাঙৰ বিনিয়োগৰ ঘোষণা কৰিছে মাইক্ৰছফ্টৰ CEO সত্য নাদেলাও৷ তেওঁ জনাইছে যে মাইক্ৰছফ্টে ভাৰতত ১৭.৫ বিলিয়ন ডলাৰ বা ১.৫৭ লাখ কোটি টকা বিনিয়োগ কৰিব৷ যি বৰ্তমান পৰ্যন্ত এছিয়াৰ মাইক্ৰছফ্টৰ বৃহত্তম বিনিয়োগ৷ এই বিনিয়োগৰ লক্ষ্য হৈছে এই দেশত AI-ৰ গতিক আৰু দ্ৰুত কৰি তোলা৷ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ স্বপ্নক এইধৰণৰ বিনিয়োগে সফল ৰূপ দিব বুলিও আশা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















