মাহিলী ৭০০০ টকাৰ বিনিয়োগ৷ ম্যাদপূৰ্তিৰ পাছত ৫৭লাখতকৈ বেছি অৰ্থ হাতলৈ আহিব গ্ৰাহকৰ৷ এয়া কোনো চিটফাণ্ড বা ষ্টকৰ দৰে বিনিয়োগ নহয়৷ বেংক বা ডাকঘৰৰ কেন্দ্ৰীয় চৰকাৰী প্ৰকল্পত আছে এই সুবিধা৷ ইয়াৰ নাম হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা পিপিএফ৷ কেনেকৈ ইয়াৰ পৰা হাতলৈ মোটা ৰিটাৰ্ণ আহিব?
কেন্দ্ৰই পৰিচালনা কৰা দীৰ্ঘম্যাদি সুৰক্ষিত সঞ্চয় প্ৰকল্প হৈছে পিপিএফ৷ ইয়াত সুদৰ হাৰ শ্বেয়াৰবজাৰৰ সূচকৰ ওঠানমাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ ফলত পিপিএফত বিনিয়োগ কৰাসকলে নিশ্চিত ৰিটাৰ্ণ পায়৷ ইয়াত নূন্যতম ১৫ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে৷ ফলত সন্তানৰ উচ্চ শিক্ষা, বিবাহ বা অৱসৰৰ পাছত ভাল সঞ্চয় হাতত আহিব পৰা অন্যতম বিকল্প হব পাৰে৷ পিপিএফ চৰকাৰী গেৰেণ্টিযুক্ত প্ৰকল্প হলেও ইয়াত সুদৰ হাৰ স্থিৰ নহয়৷ পৰ্যায়ক্ৰমে সেয়া সলনি হৈ থাকে৷ বৰ্তমান ইয়াত বাৰ্ষিক ৭.১শতাংশ হাৰত সুদ দিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷
পিপিএফৰ পৰা ৰিটাৰ্ণৰ বিষয়টো এক উদাহৰণৰ সৈতে দিলে সহজেই বুজিব পাৰিব৷ ধৰা হল কোৱো ব্যক্তিয়ে প্ৰতি মাহে ৭০০০ টকাকৈ সংশ্লিষ্ট প্ৰকল্পত বিনিয়োগ কৰিছে৷ অৰ্থাৎ বছৰত মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৮৪ হাজাৰ টকা৷ ১৫ বছৰত সেই অংক বাঢ়ি হ’ব ১২ লাখ ৬০ হাজাৰ টকা৷ এতিয়া বাৰ্ষিক সুদৰ হাৰ ৭.১ শতাংশ থাকিলে ম্যাদপূৰ্তিৰ পাছত ২২ লাখ ৭৮ হাজাৰ ১৯৭ টকা পাব সেই গ্ৰাহকে৷ অৰ্থাৎ সুদৰ বাবদ ১০ লাখ ১৮ হাজাৰ ১৯৭ টকা পাব তেওঁ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















