নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে
নৱবৰ্ষৰ আগে আগে ভাৰতীয় ৰে’লৱেই লাখ লাখ যাত্ৰীলৈ আনিছে এক দুসংবাদ। ভাড়া বৃদ্ধিৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱেই । ৰেলৱেই ২০২৫ চনৰ ২৬ ডিচেম্বৰ দেওবাৰে নতুন ভাড়া তালিকা প্ৰকাশ কৰিব বুলি সদৰি কৰিছে।
এই ভাড়া বৃদ্ধিৰ পৰা প্ৰায় ₹৬০০ কোটি ৰাজহ পোৱাৰ সম্ভাৱনা আছে বুলি সদৰি ৰে’লৱে বিভাগৰ। উল্লেখ্য যে ৰেলৱেই প্ৰতি কিলোমিটাৰত ১ৰ পৰা ২ পইচা ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰেল যাত্ৰীসকলে এতিয়া সাধাৰণ শাখাত ২১৫ কিলোমিটাৰৰ ওপৰৰ যাত্ৰাৰ বাবে প্ৰতি কিলোমিটাৰত ১ পইচা ভাড়া দিব লাগিব। মেইল/এক্সপ্ৰেছ, নন-এচি, আৰু এচি ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত ২ পইচা হাৰত ভাড়া দিব লাগিব।
অৱশ্যে ভাৰতীয় ৰেলৱে ইয়াকো সদৰি কৰিছে যে, ২১৫ কিলোমিটাৰতকৈ কম দূৰত্বৰ যাত্ৰাৰ বাবে টিকটৰ ভাড়া বৃদ্ধি নাপায়, পূৰ্বৰ দৰেই একেই থাকিব টিকটৰ নিৰিখ। আনহাতে নন-এচি শিতানত ৫০০ কিলোমিটাৰ যাত্ৰা কৰা যাত্ৰীসকলে ১০ টকা অতিৰিক্ত ভাড়া দিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















