বৈদিক জ্যোতিষৰ গণনা অনুসৰি সৌৰজগতৰ ৰজা সূৰ্যই আগন্তুক ১৩ ফেব্ৰুৱাৰী ২০২৬ত মকৰ ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ কুম্ভ ৰাশিত পূৰ্বৰে পৰাই থাকিব ৰাহু৷ সূৰ্য আ ৰু ৰাহু পৰস্পৰৰ শত্ৰু গ্ৰহ৷ এই ছায়াগ্ৰহৰ সৈতে সূৰ্যই একেঘৰত গোচৰ কৰাত গঠিত হব গ্ৰহণ যোগ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এয়া অত্যন্ত অশুভ যোগ৷ এই ক্ষতিকৰ গ্ৰহণ যোগৰ প্রভাৱত নানান দিশৰ পৰা ক্ষতিৰ মুখত পৰিব পাঁচ ৰাশিৰ জাতক৷ জানি থওক ১৩ ফেব্ৰুৱাৰীৰ পৰা গ্ৰহণ যোগৰ কবলত পৰিব কোন কোন?
মেষ ৰাশিত গ্ৰহণ যোগৰ প্ৰভাৱ
সূৰ্য আৰু ৰাহুৱে একে ঘৰলৈ আহিলে মানসিক চাপ বাঢ়িব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ অফিচত সহকৰ্মীসকলৰ সৈতে মতান্তৰ হব পাৰে৷ আপোনাৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্থ হব৷ এই সময়ত কাৰোবাৰ সৈতে ঝামেলাত সোমাই নপৰাটোৱেই মংগল৷ কৰোবাত বিনিয়োগ কৰিলে বৃহৎ আৰ্থিক ক্ষতি হব পাৰে৷
মিথুন ৰাশিত গ্ৰহণ যোগৰ প্ৰভাৱ
১৩ ফেব্ৰুৱাৰীত নিজৰ শৰীৰ আৰু স্বাস্থ্যৰ বিশেষ যত্ন লওক মিথুন ৰাশিৰ জাতকে৷ গ্ৰহণ যোগৰ প্রভাৱত আপোনাৰ শৰীৰ বেয়া হব৷ মনত অজানা ভয়ে বাঁহ বান্ধিব পাৰে৷ মনৰ ভিতৰত সংশয় তৈয়াৰ হব৷ পিতৃৰ সৈতে সম্পৰ্কৰ অৱনতি হব পাৰে৷ সকলো কামত বাধাৰ মুখত পৰিব৷ এই কাৰণে মানসিক অৱসাদে গ্ৰাস কৰিব৷
সিংহ ৰাশিত গ্ৰহণ যোগৰ প্ৰভাৱ
সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ ৰাহুৰ সৈতে সূৰ্যৰ একে ঘৰত অৱস্থানৰ ক্ষতিকৰ প্ৰভাৱ পৰিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ দাম্পত্য জীৱনত টেনছন বাঢ়িব৷ ব্যৱসায়ত অংশীদাৰত আপুনি প্ৰতাৰণাৰ বলি হব পাৰে৷ নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি প্ৰতিকূল হব পাৰে৷
বৃশ্চিক ৰাশিত গ্ৰহণ যোগৰ প্ৰভাৱ
গ্ৰহণ যোগৰ কারণে ১৩ ফেব্ৰুৱাৰীৰ পৰা এটাৰ পাছত আনটো বিপদৰ মুখত পৰিব বৃশ্চিক ৰাশিৰ জাতক৷ কেৰিয়াৰত এটাৰ পাছত আনটো চেলেঞ্জ আহিব৷ কৰ্মক্ষেত্ৰত কোনোৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে৷ সংসাৰত অশান্তি থাকিব৷ বাহন চলোৱাৰ সময়ত সাৱধান, দুৰ্ঘটনা হব পাৰে৷
কুম্ভ ৰাশিত গ্ৰহণ যোগৰ প্রভাৱ
কুম্ভ ৰাশিত গঠিত হব গ্ৰহণ যোগ৷ সেই কাৰণে সূৰ্য আৰু ৰাহুৰ অশুভ যুঁটিৰ প্ৰভাৱত সকলোতকৈ বেছি প্ৰভাৱ পৰিব কুম্ভ ৰাশিত৷ এই ৰাশিৰ জাতকে আত্মবিশ্বাসৰ অভাৱত ভুগিব৷ খং, অস্থিৰতা বাঢ়িব৷ ভুল সিদ্ধান্ত লোৱাৰ ফলত বৃহৎ আৰ্থিক ক্ষতি হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ