চুলি সৰা, চুলি পাতল হৈ যোৱা বা খুব ধীৰে ধীৰে চুলি বঢ়াটো আজিকালি প্ৰায়সকলৰেই এক প্ৰধান সমস্যা হৈ পৰিছে৷ বহুতেই চেম্পু, তেল বা হেয়াৰ ট্ৰিটমেণ্ট সলনি কৰে, কিন্তু তেনে কোনো লাভ নহয়৷ কাৰণ বহু সময়ত চুলিৰ সমস্যাৰ প্ৰকৃত কাৰণ হব পাৰে শৰীৰত ভিটামিনৰ ঘাটি৷ চুলি ভালে ৰাখিবলৈ সঠিক খাদ্যৰো বৃহৎ ভূমিকা আছে৷ বিশেষকৈ শৰীৰত প্ৰয়োজনীয় পাঁচটা ভিটামিনৰ অভাৱ হ’লে চুলিৰ বৃদ্ধি ব্যাহত হয়৷ জানি থওক এই ৫ ভিটামিন কি কি?
১. ভিটামিন এঃ ভিটামিন এ স্কেল্পক আৰ্দ্ৰ ৰাখে আৰু চুলিৰ গুৰি সুস্থ ৰখাত সহায় কৰে৷ ই স্কেল্পক প্ৰাকৃতিক তেল তৈয়াৰ কৰাত সহায় কৰে ফলত চুলি শুষ্ক হৈ নপৰে৷ ভিটামিন এ কম হলেই চুলি শুকান ৰুক্ষ হৈ পৰে৷ চুলিৰ আগ ফাটিবলৈ ধৰে আৰু চুলিও সৰে৷ শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিবলৈ গাজৰ, কোমোৰা, মিঠা আলু, পালেং শাক, ব্ৰকলি, অমিতা, কণীৰ কুহুম খাওক৷
২. ভিটামিন বি৭(বায়োটিন)- বায়োটিন চুলিৰ বাবে সকলোতকৈ প্ৰয়োজনীয় ভিটামিন৷ ইয়াৰ অভাৱত চুলি দুৰ্বল হয়, পাতল হয় আৰু সহজেই ভাঙি যায়৷ বহু সময়ত নখ ভাঙি যোৱাও বায়োটিন ঘাটিৰেই লক্ষণ৷ ইয়া ঘাটি পুৰাবলৈ আপুনি কণী, গাখীৰ, বাদাম, কাজু, চিনাবাদাম, ওটছ, কল, মাছৰুম, এভকাডো খাওক৷
৩. ভিটামিন চিঃ ভিটামিন চিয়ে শৰীৰত আয়ৰণ শোষণত সহায় কৰে৷ যি চুলিৰ বৃদ্ধিৰ বাবে ভীষণ জৰুৰী৷ ইয়াৰোপৰি ই কোলাজেন তৈয়াৰ কৰি চুলিৰ গুৰি টান কৰে৷ চুলি গজাতো সহায় কৰে৷ ভিটামিন চি কম হলে চুলি দুৰ্বল হৈ পৰে৷ আমলখি, কমলা, নেমু, বিলাহী, কেপছিকাম, মধুৰিআম খাওক৷
৪. ভিটামিন ডিঃ ভিটামিন ডিয়ে চুলি গজাত সহায় কৰে৷ ইয়াৰ অভাৱত চুলি কমকৈ গজে আৰু বহু সময়ত অতিৰিক্ত চুলি সৰে৷ যিসকলে ৰ’দত কমকৈ বাহিৰলৈ ওলায় তেওঁলোকৰেই এই ঘাটি বেছি হয়৷ এই ভিটামিনৰ ঘাটি দূৰ কৰিবলৈ কণী, গাখীৰ, দৈ, মাছ, মাছৰুম খাব পাৰে৷ ইয়াৰ সৈতে প্ৰতিদিনে কিছু পৰিমাণে সূৰ্যৰ পোহৰ লোৱাটোও খুবেই জৰুৰী৷
৫. ভিটামিন বি৯ঃ ফলিক এছিড নতুন কোষ তৈয়াৰত সহায় কৰে৷ ইয়াৰ অভাৱত চুলিৰ বৃদ্ধি কমি যায় আৰু চুলি প্ৰাণহীন হৈ পৰে৷ পালেং শাক, বিট, মুছুৰ দাইল, কমলা, বাদাম, ব্ৰাউন ৰাইছ খোৱাটো জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















