মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

বৰ্তমান সৌন্দৰ্য ধৰি ৰাখিবলৈ বহুতেই ভৰসা কৰে দামী চেলুন ট্ৰিটমেণ্ট, ফেছিয়েল বা কছমেটিক ইনজেকছনৰ ওপৰত৷ কিন্তু বিশেষজ্ঞৰ মতে শৰীৰৰ ভিতৰতেই লুকাই আছে সুন্দৰ ছাল আৰু চুলিৰ প্ৰকৃত ৰহস্য৷ নিয়মিত সঠিক পুষ্টি আৰু ভিটামিন গ্ৰহণ কৰিলে মাত্ৰ ৩০ দিনৰ ভিতৰতেই চকুত লগা পৰিবৰ্তন দেখা যাব৷ আনকি তিনিটা গুৰুত্বপূৰ্ণ ভিটামিন আছে যিসমূহে চাল, চুলি আৰু শৰীৰৰ গঠনত, প্ৰাকৃতিক সৌন্দৰ্য বঢ়োৱাত সহায় কৰে৷

ভিটামিন কে২ঃ ভিটামিন কে ২ক লৈ বেছি আলোচনা নহলেও ই শৰীৰৰ গঠন আৰু ছালৰ সৌন্দৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ বিশেষজ্ঞসকলৰ মতে, এই ভিটামিনে শৰীৰত কেলছিয়ামক সঠিক স্থানলৈ লৈ যোৱাত সহায় কৰে৷ ফলত হাড় মজবুত হয় আৰু মুখৰ গঠন আৰু নিখুত হৈ পৰে৷ এই ভিটামিনে মুখৰ ফোলাভাৱ কমোৱাত সহায় কৰে আৰু চালক মসৃণ কৰি ৰখাত সহায় কৰে৷ বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা পৰে৷ ভিটামিন কে ২ পোৱা যায় কণীৰ কুহুম, চিজ আৰু ফাৰমেণ্টেড খাদ্য৷

বায়োটিনঃ বায়োটিনক বহুতেই কেৱল চুলিৰ ভিটামিন বুলি জনায়৷ কিন্তু বাস্তৱত ই চুলি, চাল আৰু নখ তিনিটাকেই উন্নত কৰাত সহায় কৰে৷ বিশেষজ্ঞৰ মতে বায়োটিনে কেৰটিন উৎপাদন বঢ়ায়, যিয়ে চুলি আৰু ছালৰ বাবে অত্যন্ত জৰুৰী৷ ই চুলি সৰা কমোৱাত সহায় কৰে৷ চুলি আৰু ঘন কৰে৷ নখ ভঙাৰ প্ৰৱণতা কমাই৷ ছাল মসৃণ আৰু স্বাস্থ্যকৰ কৰি তোলে৷ বায়োটিন পোৱা যায় কণী, বাদাম, কল আৰু ওটছৰ দৰে খাদ্যত৷

ভিটামিন এঃ ছালৰ যত্নই ভিটামিন এ বা ৰেটিনলৰ ভূমিকা সকলোতকৈ বেছি৷ ই ছালৰ পুৰণি কোষ আঁতৰাই নতুন কোষ তৈয়াৰত সহায় কৰে৷ ছাল বিশেষজ্ঞৰ মত শৰীৰত ভিটামিন এ নিয়মিত পালে ছাল আৰু উজ্জ্বল আৰু প্ৰাণৱন্ত হৈ উঠে৷ এই ভিটামিনে ব্ৰণ আৰু দাগ কমোৱাত সহায় কৰে, ছাল মসৃণ কৰে, বালিৰেখা পাতল কৰিব পাৰে৷ ভিটামিন এ পোৱা যায় গাজৰ, অমিতা, মিঠা আলু আৰু সেউজ পাচলিত৷

৩০ দিনত কি পৰিবৰ্তনে দেখা দিব পাৰে?

বিশেষজ্ঞৰ মতে ভিটামিন গ্ৰহণৰ ক্ষেত্ৰত মাত্ৰা জানি থোৱাটো খুবেই গুৰুত্বপূৰ্ণ বিষয়৷ অতিৰিক্ত ছাপ্লিমেণ্ট লোৱাৰ পূৰ্বে অৱশ্যেই চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লোৱা উচিত৷ সৌন্দৰ্য কেৱল বাহিৰৰ সাজ সজ্জাই নহয়৷ ভিতৰৰ পৰাও নিজৰ যত্ন লোৱা উচিত৷ সঠিক খাদ্য, পৰ্যাপ্ত পানী, টোপনি আৰু প্ৰয়োজনীয় ভিটামিন এই চাৰিটা বিষয়ে আপোনাক সুন্দৰ কৰি ৰাখিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *