২০২৬ চন সূৰ্যৰ বছৰ আৰু এই নতুন বছৰত সূৰ্যৰ পুত্ৰ শনি উদয় হৈছে৷ শনিদেৱ ৭মাৰ্চত অস্ত যোৱাৰ পাছত ১০ এপ্ৰিলত উদয় হ’ব৷ আৰু সম্পূৰ্ণ বছৰজুৰি উদয় অৱস্থাতেই থাকিব৷ উদিত শনিয়ে ২০২৬ চনত তিনি ৰাশিৰ বাবে শুভ সময় কঢ়িয়াই আনিছে৷ জ্যোতিষমতে উদয়বান শনিদেৱে তিনি ৰাশিৰ কেৰিয়াৰ আৰু আৰ্থিক দিশত লাভ দিব পাৰে৷ জানি থওক এই ৩ৰাশি কি কি?
বৃষ ৰাশি
শনিদেৱে বৃষ ৰাশিৰ ১১তম ঘৰত উদিত হ’ব৷ যাৰ ফলত আয় বাঢ়িব৷ এই সময়ত জাতকে ধন উপাৰ্জন কৰিব পাৰে৷ পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব পাৰে৷ চাকৰিয়াল লোকৰ দৰমহা বাঢ়িব আৰু বোনাছো পাব পাৰে৷ সমাজত আপোনাৰ সন্মান বাঢ়িব আৰু আপুনি এনে মানুহৰ সংস্পৰ্শলৈ আহিব যিয়ে ভৱিষ্যতে আপোনাক আগুৱাই নিয়াত সহায় কৰিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ দশম ঘৰত শনিৰ উদয় হব৷ এই অৱস্থাত জাতকৰ কৰ্মক্ষেত্ৰ বা পেছাগত জীৱনত আগুৱাই যোৱাৰ সুযোগ পাব৷ চাকৰি আৰু ব্যৱসায়ত স্থিৰতা আহিব৷ বাণী আৰু বুদ্ধিৰ সঠিক ব্যৱহাৰ কৰক৷ আয় আৰু খৰচৰ মাজত ভাৰসাম্য বজায় ৰাখিব পাৰিব৷ বৰিষ্ঠ অধিকাৰিসকলৰ পৰা সহযোগিতা পাব৷ ভাগ্যৰ সংগ পাব এই সময়ত৷ ৰৈ থকা কাম দ্ৰুততৰভাৱে সম্পূৰ্ণ কৰিব পাৰিব৷ পদোন্নতি আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিত শনিৰ তৃতীয় ঘৰত উদিত হ’ব৷ সাহস, আত্মবল আৰু প্ৰয়াস বৃদ্ধি হব আৰু এই ৰাশিৰ জাতকৰ৷ আপোনাৰ চাকৰি আৰু ব্যৱসায় কৰিলে এই প্ৰচেষ্টাত সফল হব৷ আপোনাৰ প্ৰচেষ্টাৰ ইতিবাচক ফলাফল পাব৷ নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবেও এই সময় ভাল সময় হিচাপে বিবেচিত হয়৷ নতুন চাকৰি, দোকান বা কাৰখানা আৰম্ভ কৰাৰ বাবে অনুকূল সময়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















