হিন্দুধৰ্ম আৰু বৈদিক জ্যোতিষত মকৰ সংক্ৰান্তি অত্যন্ত গুৰুত্বপূৰ্ণ এক তিথি৷ এই দিনটোত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে৷ এই বছৰ ১৪ জানুৱাৰীত পালিত হ’ব মকৰ সংক্ৰান্তি৷ ইয়াৰোপৰি সেই দিনটোত থাকিব অনুৰাধা নক্ষত্ৰৰ শুভ যোগ৷ মকৰ ৰাশিৰ দৰে অনুৰাধা নক্ষত্ৰৰো অধিপতি গ্ৰহ শনি৷ সেই কাৰণেই ২০২৬চনত মকৰ সংক্ৰান্তিৰ মাহাত্ম্য আৰু বৃদ্ধি পাইছে৷ জ্যোতিষ গণনা অনুসৰি এই শুভ প্ৰভাৱ লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক কোন কোন ৰাশিৰ জাতক এই তালিকাত আছে?
মেষ ৰাশি
মকৰ সংক্ৰান্তিৰ পৰা ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ মনত আনন্দ থাকিব৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিছে তেওঁলোকে এই সময়ত সুখবৰ পাব পাৰে৷ ৰৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ সতৰ্ক থাকক৷ আৰ্থিকভাৱেও এই সময়ত বৃহৎ উন্নতিয়ে অপেক্ষা কৰিছে মেষ ৰাশিৰ জাতকৰ বাবে৷
সিংহ ৰাশি
সূৰ্য মকৰ ৰাশিলৈ আহিলে সিংহ ৰাশিৰ জাতকৰ জীৱনত বৃহৎ পৰিবৰ্তন আহিব পাৰে৷ যি সাফল্য আপুনি লাভ কৰিব খুজিছে সেয়া এই সময়ত অৰ্জন কৰিব৷ আদালতত গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ পুৰণি শত্ৰুৱে এই সময়ত আপোনাৰ ওচৰত পৰাস্ত হব৷ এই সময়ত কাকো ধন ধাৰলৈ নিদিব৷
কন্যা ৰাশি
মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত অভাৱনীয় সাফল্য পাব পাৰে কন্যা ৰাশিৰ জাতকে৷ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিব৷ গৱেষণামূলক কামত সাফল্য লাভ কৰিব৷ সন্তানক লৈ কোনো ভয় আপোনাৰ মনত থাকিলে এই সময়ত দূৰ হব৷ প্ৰেমৰ সম্পৰ্ক ভালে থাকিব৷ কেৰিয়াৰ বৃহৎ উন্নতি কৰাৰ যোগ আছে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে মকৰ সংক্ৰান্তিৰ পৰা ভাল সময় আহিব৷ এই সময়ত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ বিদেশী কোম্পানীৰ সৈতে যুক্ত সকলে বৃহৎ সাফল্য লাভ কৰিব৷ কাম কৰাৰ সময়ত খং নিয়ন্ত্ৰণত ৰাখক৷ মাটি আৰু সম্পত্তিজনিত সমস্যাৰ সমাধান হব৷
মকৰ ৰাশি
সূৰ্যৰ গোচৰৰ প্রভাৱত মকৰ সংক্ৰান্তিৰ পৰা ভাগ্য খুলিব মকৰ ৰাশিৰ জাতকৰ৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ এই সময়ত প্ৰভাৱশালী কোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে আপুনি৷ একাধিক কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব৷ দ্ৰুত উন্নতি কৰাৰ যোগ আছে মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ এই সময়ত আপোনাৰ উপাৰ্জন বহুপৰিমাণে বাঢ়িব৷ পৰিয়ালত কোনো শুভ অনুষ্ঠান আয়োজিত হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















