কেদাৰনাথ, বদ্ৰীনাথ মন্দিৰৰ পৰা আহিছে ডাঙৰ আপডেট৷ এতিয়াৰে পৰা কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো অ-হিন্দুৱে৷ শীঘ্ৰেই এই প্ৰস্তাৱ মন্দিৰ কমিটিৰ আসন্ন বোৰ্ড সভাৰ পাছ কৰা হব বুলিও খবৰ প্ৰকাশ পাইছে৷
বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ কমিটিৰ সভাপতি আৰু বিজেপিৰ এগৰাকী প্ৰবীণ নেতা হেমন্ত দ্বিবেদীয়ে আজি ঘোষণা কৰিছে যে বদ্ৰীনাথ, কেদাৰনাথ আৰু মন্দিৰ কমিটিৰ আওতাত থকা সমস্ত মন্দিৰত অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব৷
তেওঁ জনাই যে দেৱভূমি উত্তৰাখণ্ডৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰা সৰ্বোচ্চ অগ্ৰাধিকাৰ৷ বিষয়টোৰ বাখ্যা দি তেওঁ কৈছে, পূৰ্বে কেদাৰ খণ্ডৰ পৰা মানস খণ্ড পৰ্যন্ত মন্দিৰ শৃঙ্খলত ঐতিহ্যগতভাৱেই অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ আছিল৷ কিন্তু অ-বিজেপি চৰকাৰৰ আমোলত এই ঐতিহ্য লঙ্ঘন হব পাৰে৷ সেয়ে এই ঐতিহ্যসমূহৰ কথা মূৰত ৰাখি পদক্ষেপ লোৱা হব৷
অন্যহাতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত ৰাজ্যজুৰি অবৈধ মন্দিৰ আঁতৰোৱাৰ পদক্ষেপৰো প্ৰশংসা কৰিছে মন্দিৰ কমিটিৰ সভাপতিয়ে৷ বিষয়টোক উত্তৰাখণ্ডৰ ধৰ্মীয় পৰিচয়, সাংস্কৃতিক ঐতিহ্য আৰু আইনশৃঙ্খলা জোৰদাৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও ধাৰণা কৰিছে হেমন্ত দ্বিবেদীয়ে৷ তেওঁ কয়, ৰাজ্য চৰকাৰ আৰু BKTC-ৰ মাজত আৰু ভাল সমন্বয়ৰ ফলত দেৱভূমি উত্তৰাখণ্ডৰ পবিত্ৰতা আৰু ঐতিহ্য আৰু বেছি সুৰক্ষিত হ’ব৷ মন্দিৰ কমিটিয়ে সেই পদক্ষেপেই লৈছে৷
এই দুই প্ৰাচীন মন্দিৰত অহিন্দুসকলৰ প্ৰৱেশ নিষিদ্ধ কৰাক লৈ পুষ্কৰ সিং ধামীয়ে কয়, ‘দেৱভূমি উত্তৰাখণ্ডৰ সকলো তীৰ্থস্থানত যি ব্যৱস্থা লোৱা হ’ব সেয়া মন্দিৰ কমিটি আৰু কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিয়েই লোৱা হব৷
উল্লেখ্য যে বৰ্তমান ৰীতি মানি ছমাহৰ বাবে বন্ধ হৈছে কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ৷ আগন্তুক ২৩ এপ্ৰিলত খুলিব বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ৷ অন্যহাতে কেদাৰনাথ মন্দিৰৰ দ্বাৰ খোলাৰ তাৰিখ জনা যাব মহাশিৱৰাত্ৰিৰ দিনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















