জ্যোতিষমতে বুধ হৈছে জ্ঞান, বুদ্ধি আৰু বিচাৰৰ প্ৰতীক৷ আৰু এই গ্ৰহই যেতিয়া ওলোটাকৈ গতি কৰে তেতিয়া মানুহে পুৰণি সিদ্ধান্ত সম্পৰ্কে আকৌ ভাৱিবলৈ আৰম্ভ কৰে৷ ওলোটা গতি বা বক্ৰী অৱস্থাত বুধৰ প্ৰভাৱ নকমে৷ বৰং এই সময়ত তাৰ শক্তি বৃদ্ধি পায়৷ আৰু ২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত বুধ বক্ৰী হ’ব৷ এই অৱস্থাত বুধ থাকিব ২১ মাৰ্চ পৰ্যন্ত৷ আৰু এই সময়ত বহুতেই ভাল সময় কটাব৷ বিশেষকৈ ৫ ৰাশিৰ জীৱনৰ পৰা আৰ্থিক কষ্ট দূৰ হব৷ পাব বহু ধন৷ কোন কোন ৰাশি লাভৱান হ’ব?
বৃষ ৰাশি
বুধৰ এই দশাত ভাল সময় কটাব বৃষ ৰাশিৰ জাতকে৷ আপোনাৰ জীৱনত উন্নতি নিশ্চিত হব৷ ইয়াৰোপৰি পুৰণি ব্যৱসায়ত লাভ পাব৷ আয়ৰ নতুন ৰাস্তাও খুলিব পাৰে৷ বহু দিন ধৰি যিসকলে ধনক লৈ চিন্তা কৰি আছিল তেওঁলোকে ৰেহাই পাব৷ এই সময়ত পাৰিবাৰিক দিশৰ পৰা থকা সমস্যাৰো অৱসান ঘটিব৷ আপোনাৰ সৈতে পৰিয়ালৰ সদস্যসকলৰ সম্পৰ্ক ভাল হব৷ কেৰিয়াৰত উন্নতি হব৷ ইয়াৰোপৰি ক্ৰয় কৰিব পাৰে ঘৰ, বাহন আৰু সম্পদ৷
মিথুন ৰাশি
এই সময় ভাল হব মিথুন ৰাশিৰো৷ চিন্তা কৰি কামত আগুৱাব৷ বহু দিন ধৰি যি কাম আপোনাৰ সম্পন্ন হোৱা নাছিল সেই কামত সফল হব৷ কেৰিয়াৰত নতুন সুযোগ পাব৷ হাতলৈ আহিব ধন৷ ইয়াৰোপৰি খৰচ কমিব৷ যাৰ ফলত আৰ্থিক সমস্যা দূৰ হব৷
কন্যা ৰাশি
বুধৰ এই দশাত কন্যা ৰাশিৰ জীৱনত সাল সলনি আহিব৷ আপোনাৰ বিদ্যা-বুদ্ধি বৃদ্ধি পাব৷ কেৱল সেয়াই নহয়, যিসকলে চাকৰি কৰিছে, তেওঁলোকেও এই সময়ত উন্নতিৰ শিখৰলৈ যাব৷ ইয়াৰোপৰি আয়ৰ নতুন নতুন স্থান তৈয়াৰ হব৷ চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ৷
তুলা ৰাশি
ভাল সময় আহিব আপোনাৰো৷ ভাৱিচিন্তি কাম কৰিলে সফলতা পাবই৷ কেৱল সেয়াই নহয়, এই সময়ত বহু দিন ধৰি ৰৈ থকা কামো সম্পন্ন হব৷ যাৰ ফলত হাতলৈ ভাল পৰিমাণৰ ধন আহিব৷ আপোনাৰ অৰ্থকষ্ট দূৰ হব৷ নতুনকৈ কৰা চিন্তাই ভাল ফল দিব৷
কুম্ভ ৰাশি
এই সময়ত আপুনি নতুন কৈ প্লেন কৰিব পাৰে৷ কেৰিয়াৰত পুৰণি পৰিকল্পনাসমূহক আকৌ এবাৰ নতুনকৈ কামত লগাব পাৰে৷ আই টি, ডাটা, আৰু বিশ্লেষণৰ দৰে কামৰ সৈতে যুক্তসকলে এই সময়ত ভাল ফল পাব৷ আমদানি বাঢ়িব ধীৰে ধীৰে৷ অৰ্থকষ্ট শেষ হব৷ ভাল সময়ৰ বাবে সাজু হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















