বিনিয়োগৰ উদ্দেশ্যই কৈছে টকা বঢ়োৱা৷ তাৰ বাবে বজাৰত অন্য বহু বিকল্প আছে৷ কিন্তু সকলোবোৰকে নিৰাপদ বুলি ক’ব নোৱাৰি৷ বহু ক্ষেত্ৰতেই বজাৰৰ ওঠানমা সহ্য কৰিব লগা হয়৷ যদি কোনোৱে নিৰাপদ বিনিয়োগ বিচাৰি থাকে তেন্তে বজাৰৰ ওঠানমাৰ পৰা দূৰৈত থাকিবলৈ FD এক নিৰ্ভৰযোগ্য বিকল্প৷
দেশৰ বৃহত্তম চৰকাৰী বেংক, ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে বিভিন্ন এফ ডি স্কিমত চমৎকাৰ সুদৰ হাৰ দিছে৷ এছ বি আইত নূন্যতম ৭ দিনৰ বাবে এক এফ ডি একাউণ্ট খুলিব পাৰে৷ ইয়াৰোপৰি এই চৰকাৰী বেংকত সৰ্বোচ্চ ১০ বছৰৰ বাবে এটা এফ ডি খুলিব পাৰে৷ এছ বি আইয়ে তেওঁলোকৰ গ্ৰাহকক বিভিন্ন ম্যাদৰ এফ ডি একাউণ্টত ৩.০৫ শতাংশৰ পৰা ৭.০৫ শতাংশ পৰ্যন্ত সুদৰ হাৰ প্ৰদান কৰে৷ এছ বি আইয়ে এক ২১১ দিনৰ এফ ডিত ২,০০,০০০ টকা জমা কৰিলে কিমান সুদ পোৱা যাব৷
এছ বি আইৰ এটা ২১১ দিনৰ এফ ডিত কিমান সুদ দিছে?
ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকক ৪৪৪ দিনৰ অমৃত বাৰ্ষিক স্পেছিয়েল এফ ডি স্কিমত সাধাৰণ নাগৰিকসকলৰ বাবে সৰ্বোচ্চ সুদ হাৰ দিছে৷ এই বেংকে অমৃত বৰ্ষা এফ ডি প্ৰকল্পত সাধাৰণ নাগৰিকৰ বাবে সৰ্বোচ্চ ৬.৪৫ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৬.৯৫ শতাংশ আৰু ছুপাৰ চিনিয়ৰ চিটিজেনৰ বাবে ৭.০৫ শতাংশ সুদ প্ৰদান কৰে৷ ইয়াৰোপৰি এছ বি আইয়ে ২১১ দিনৰ পৰা ১ বছৰতকৈ কম ম্যাদৰ এফ ডি প্ৰকল্পত সাধাৰণ নাগৰিকৰ বাবে ৫.৯০ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৬.৪০ শতাংশ আৰু ছুপাৰ চিনিয়ৰ চিটিজেনৰ বাবে সৰ্বোচ্চ ৬.৫০ শতাংশ সুদ প্ৰদান কৰে৷
কোনোৱে যদি এটা ২১১ দিনৰ এফ ডিত ২০০,০০০ টকা জমা কৰে তেতিয়া কিমান সুদ পাব?
বেংক অফ ইণ্ডিয়াত এটা ২১১ দিনৰ এফ ডি প্ৰকল্পত ২ লাখ জমা কৰিলে এজন সাদাৰণ নাগৰিকে ম্যাদপূৰ্তিত ৬৮৮৭ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২,০৬,৮৮৭ টকা পাব৷
একেদৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা ২১১ দিনৰ এফ ডি স্কিমত ২ লাখ টকা জমা ৰাখিলে ছিনিয়ৰ চিটিজেনে ম্যাদপূৰ্তিত ৭৪৭৭ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২,০৭,৪৭৭ টকা পাব৷ অন্যহাতে ছুপাৰ চিনিয়ৰ চিটিজেনে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা ২১১ দিনৰ এফ ডি স্কিমত ২ লাখ টকা জমা ৰাখিলে ৭৫৯৫ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২,০৭,৫৯৫ টকা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ