বোৱাৰীয়েকক তেওঁৰ স্বামীৰ মাক-বাপেক বা শহুৰ-শাহুৱেকৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব৷ নিৰ্দেশ দিলে এলাহবাদ হাইকৰ্টে৷ আদালতে স্পষ্টকৈ জনাইছে যে ফৌজদাৰী কাৰ্যবিধিৰ ধাৰা ১২৫ অনুসৰি ব্যক্তিয়ে ভৰণপোষণ দাবী কৰিব পাৰে, কিন্তু ইয়াৰ মাজত শহুৰ বা শাহুৱেক অন্তৰ্ভুক্ত নহয়৷
এই গোচৰত ন্যায়াধীশ মদন পাল সিংহৰ পৰ্যবেক্ষণ যে ভৰণপোষণৰ অধিকাৰ এক সম্পূৰ্ণ আইনী বা ষ্টাটিউটৰি অধিকাৰ আৰু সেৱা কেৱল সেইসমূহ ব্যক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য, যাৰ নাম সংশ্লিষ্ট আইনত স্পষ্টভাৱে উল্লেখ আছে৷ তেওঁ কয়, শহুৰ-শাহুৱেক এই ধাৰাৰ আওতাত নপৰে৷ ফলত তেওঁলোকৰ বাবে বোৱাৰীয়েকৰ ওপৰত আইনী দায় আৰোপ কৰাৰ কোনো অধিকাৰেই নাই৷
আদালতে লগতে স্পষ্টকৈ জনাই দিছে যে নৈতিক দায়বদ্ধতা যিমানেই শক্তিশালী বা যুক্তিসংগত হলেও সেয়া আইনী বাধ্যবাধকতালৈ ৰূপান্তৰিত কৰিব নোৱাৰিব৷ যদি আইনে তাত অনুমোদন নজনায়৷ অৰ্থাৎ কেৱল নৈতিকতাৰ ভিত্তিত কাৰোবাৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰা সম্ভৱ নহয়৷
ঘটনাটো আগ্ৰাৰ৷ তাত এটা পৰিয়ালে আদালতত ২০২৫ চনৰ আগষ্ট মাহৰ এক সিদ্ধান্তক চেলেঞ্জ কৰি ৰিভিছন পিটিছন দাখিল কৰিছিল৷ তাতেই বোৱাৰীয়েকক তেওঁলোকৰ ভৰণপোষণ দিয়াৰ দাবী জনাইছিল এক প্ৰবীণ দম্পতিয়ে৷ আবেদনত জনাইছিল যে তেওঁলোক বৃদ্ধ, নিৰক্ষৰ আৰু আৰ্থিকভাৱে অসহায়৷ তেওঁলোকৰ ভৰণপোষণৰ দায়িত্ব সেয়ে বোৱাৰীয়েকে ল’ব লাগে৷
আবেদনকাৰীয়ে লগতে দাবী কৰিছিল যে তেওঁলোকৰ বোৱাৰীয়েক এগৰাকী আৰক্ষী কনিষ্টবল৷ সেয়ে তেওঁ আৰ্থিকভাৱে স্বচ্ছ্বল৷ পুত্ৰৰ মৃত্যুৰ পাছত তেওঁ সেই চাকৰি লাভ কৰিছে৷ সেয়ে এতিয়া তেওঁলোকৰ দায়িত্ব বোৱাৰীয়েকে ল’ব লাগে৷ তেওঁলোকে লগতে কৈছিল যে বোৱাৰীয়েকৰ নৈতিক দায়বদ্ধতাক আইনী বিষয় হিচাপেও লোৱা উচিত৷
আদালতে এই যুক্তি খাৰিজ কৰি দিছে৷ ন্যায়াধীশে জনাই যে নথিপত্ৰত এনে কোনো প্ৰমাণ নাই যে বোৱাৰীয়েকে চাকৰি সহানুভূতিত লাভ কৰিছে৷ ফলত এই যুক্তি গ্ৰহণযোগ্যই নহয়৷ ইয়াৰোপৰি আদালতে জনাইছে যে মৃত পুত্ৰৰ সম্পত্তিৰ উত্তৰাধিকাৰ সংক্ৰান্তিয় বিষয়ত এই ধৰণৰ সংক্ষিপ্ত ভৰণপোষণ গোচৰৰ আওঁতাত নপৰে৷ সেই বিষয়ে পৃথক আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে বিচাৰ্য৷ সকলো মিলি আদালতৰ এই ৰায়ৰ পৰা পৰিষ্কাৰ যে আইনে য’তে য’তে নিৰ্দিষ্টভাৱে কোনো দায়বদ্ধতা নিৰ্ধাৰণ কৰা নাই৷ আদালতক নৈতিকতাৰ ভিত্তিত নতুন আইন তৈয়াৰ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















