মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ওপজা দিন৷ বৃহস্পতিবাৰে নিশা আড়ম্বৰপূৰ্ণভাৱে উদযাপিত কৰা হৈছে জন্মদিন। তেওঁৰ জন্মদিনক বিশেষ কৰি তুলিবলৈ বলীউডৰ অসংখ্য তাৰকা উপস্থিত থাকে তেওঁৰ বাসগৃহত। ছচিয়েল মিডিয়াতো বহু তাৰকাই তেওঁক শুভেচ্ছা জনায়। ইফালে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ এটা পোষ্ট ভাইৰেল হৈ পৰিছে৷ বিশেষ পোষ্টটোত ছলমান খানে অনন্তক বিশেষ ধৰণেৰে জন্মদিনৰ শুভেচ্ছা জনাইছে। বলীউডৰ তাৰকা শ্বাহৰুখ খানেও ছচিয়েল মিডিয়াত মুকেশ আম্বানীৰ পুত্ৰক জনাইছে ওপজা দিনৰ শুভকামনা৷
ছুপাৰষ্টাৰ শ্বাহৰুখ খান, ছলমান খান, ৰণবীৰ সিংকে ধৰি বহু বলীউডৰ ডাঙৰ তাৰকা জামেনগৰত উপস্থিত হৈছে৷ অনন্ত আম্বানীৰ জন্মদিনৰ এদিন পূৰ্বেই ছলমান খানে ইনষ্টাগ্ৰামত তেওঁক উদ্দেশ্যি শুভেচ্ছামূলক পোষ্ট কৰিছে৷ দুখন ছবি শ্বেয়াৰ কৰি ছলমানে অনন্তক নিজৰ সৰু ভাই বুলিও আখ্যা দিয়ে। এখন ছবিত দুয়োজনে ইজনে সিজনক চাই হাঁহিছে, আনহাতে আনখন ছবিত ছলমানে অনন্তক সাৱটি ধৰিছে। ছলমানে লিখিছে, ‘আটাইতকৈ নিস্বাৰ্থ, আটাইতকৈ দয়ালু মানুহ আৰু বহুতৰে বাবে প্ৰেৰণা… মোৰ সৰু ভাই অনন্তলৈ জন্মদিনৰ শুভেচ্ছা থাকিল।’ ছলমান খানৰ এই পোষ্টটোক লৈ নেটিজেনে সামাজিক মাধ্যমত বহু প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে।
বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানেও তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অনন্ত আম্বানীক জন্মদিনৰ শুভেচ্ছা জনায়। তেওঁ লিখিছে, “অনন্ত আম্বানীলৈ জন্মদিনৰ শুভেচ্ছা থাকিল…! আপুনি যি কাম কৰি আছে সেয়া সকলোৰে বাবে অনুপ্ৰেৰণা। ইতিবাচক আৰু সঠিক কাম কৰি যাওক। ভাল কাম কৰি যাওক আৰু মানুহৰ মুখত হাঁহি বিৰিঙাই যাওক। ভগৱানে আপোনাক সদায় সুস্বাস্থ্য আৰু সুখৰ বাবে আশীৰ্বাদ কৰক।” শ্বাহৰুখ খানৰ এই পোষ্টটোও চচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















