৮ বছৰ জোৰা প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত আদালতে দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ৰায়দান প্ৰদান প্ৰদান কৰিছে। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰে এই ৰায়দান।

দেশৰ প্ৰচলিত আইন ব্যৱস্থাক উপহাস কৰি ২০১৮ৰ ৮ জুনত কাৰ্বি আংলঙৰ পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে দুই প্রকৃতিপ্রেমী যুৱক গুৱাহাটীৰ অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ প্ৰাণ কাঢ়ি লয়।

তেতিয়াৰে পৰা ভুক্তভোগী পৰিয়ালে ন্যায়ৰ অপেক্ষাত ৰৈ আছিল। অৱশেষত সেই গোচৰৰ ৰায়দান প্ৰদান কৰা হ’ল। অভি-নীল হত্যাকাণ্ডৰ মুঠ অভিযুক্তৰ সংখ্যা আছিল ৪৫জন। ইয়াৰে ২৫জনক ৰেহাই দিয়ে আদালতে।

উল্লেখ্য যে এই ঘটনাটো চাক্ষুষ সাক্ষী আছিল ১২জন। কিন্তু পাঁচজনে সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে সাতজনে সত্যতা স্বীকাৰ নকৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তুলিছিল। ফলত আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ ব্যৱস্থা গ্রহণ কৰে। এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত আজি ৰায়দান প্ৰদান কৰিলে।

৮বছৰৰ পিছত পোৱা অভি-নীল কাণ্ডৰ ৰায়দানত ২০জনক দোষী সাৱ্যস্ত কৰে। ২৪ এপ্ৰিলত এই ২০ জনৰ শাস্তি ঘোষণা কৰিব আদালতে।

কিন্তু এই ৰায়দানত সুখী নহয় যুৱকদ্বয়ৰ পৰিয়াল। মৃত নীলোৎপল দাসৰ পিতৃয়ে কয়, ‘২০জনক দোষী সাব্যস্ত কৰাত সন্তুষ্ট যদিও ২ ৫জনক দোষমুক্ত কৰাৰ বাবে আমাৰ মনত ক্ষোভ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















