শৰীৰৰ বাবে পুষ্টিৰ দৰেই টোপনিও গুৰুত্বপূৰ্ণ। ‘টোপনি’ বিষয়টোক আপুনি খুবেই সাধাৰণ বিষয় হিচাপে লোৱাটো মুঠেও উচিত নহয়৷ বিজ্ঞানীসকলে দশক দশক ধৰি টোপনিৰ ওপৰতো গৱেষণা কৰি আহিছে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে টোপনি কিয় জীৱনৰ ইমান অবিচ্ছেদ্য অংগ। টোপনিৰ সময়ত মগজুৱে স্মৃতি সৃষ্টি আৰু সংৰক্ষণ কৰে। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে পৰ্যাপ্ত আৰু গভীৰ টোপনিয়ে মগজুৰ বয়স বৃদ্ধি ৰোধ কৰিব পাৰে। হৃদযন্ত্ৰৰ সমস্যাৰ আঁৰত টোপনিৰ অভাৱ হ’ব পাৰে বুলিও যথেষ্ট প্ৰমাণ পোৱা গৈছে। গতিকে টোপনি একেবাৰে অৱহেলিত বস্তু নহয়। টোপনিৰ অৰ্থ কেৱল চকু মুদি দিয়াটোৱেই নহয়৷
ৰাতিপুৱা টোপনি অনুভৱ কৰাঃ ৰাতিপুৱা সাৰ পোৱাৰ পিছতো যদি আপুনি টোপনি অনুভৱ কৰে, তেন্তে আপোনাৰ নিশা ভালদৰে টোপনি অহা নাই বুলি বুজিব লাগে। টোপনিৰ বিভিন্ন পৰ্যায় থাকে। তাৰ ভিতৰত এটা হ’ল চকুৰ দ্ৰুত গতি। এই পৰ্যায়ত মগজু সক্ৰিয় হৈ থাকে, মানুহে সপোন দেখে। এই পৰ্যায়ত টোপনি গভীৰ নহয়। ফলত ৰাতিপুৱা ভাগৰুৱা অনুভৱ হ’ব পাৰে।
নাক বজাঃ নাক বজালেই কোনোৱে ভালদৰে শুইছে বুলি ক’ব নোৱাৰি। হাওঁফাওঁ বা শৰীৰলৈ অক্সিজেন পোৱাত বাধা থাকিলে এই শব্দ হয়। ফলস্বৰূপে নাক বজাই থকা লোকসকলৰ নিশা ভালকৈ টোপনি নাহে।
মনোযোগ দিয়াত অসুবিধাঃ গোটেই দিনটো কামত মনোনিৱেশ কৰাত অসুবিধা হোৱা, ভাগৰুৱা অৱস্থাও টোপনিৰ অভাৱৰ সূচক। কাৰণ, টোপনি ভাল নহ’লে স্মৃতিশক্তিৰ কিছু অংশ সাময়িকভাৱে মচি পেলাব পাৰি। চিন্তাও ধুৱলি-কুঁৱলী হৈ পৰিব পাৰে।
খিংখিঙীয়া মেজাজঃ কোনো নিৰ্দিষ্ট কাৰণ নথকাকৈ যদি হঠাতে মেজাজৰ অৱনতি ঘটিছে। আপুনি অযথা চিঞৰি চিঞৰি আছে। ইয়াৰ আঁৰত মানসিক চাপ, ভাগৰ বা টোপনিৰ অভাৱ হ’ব পাৰে।
সঘনাই প্ৰস্ৰাৱ কৰাঃ ৰাতি সঘনাই প্ৰস্ৰাৱ কৰিলে বেয়া টোপনিৰ স্পষ্ট লক্ষণ। ভালকৈ টোপনি গ’লে ৰাতি সাৰ পোৱাৰ কোনো প্ৰশ্নই উত্থাপন নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















