চিল্কৰ পাঞ্জাৱী, লগত পৰিধান কৰিছে চিল্কৰ ধুঁতি৷ ডিঙিত উত্তৰীয়৷ দেখিয়েই সকলোৱে কৈছে বাঙালি বাবু৷ ২০২৬ৰ বিধানসভা নিৰ্বাচত পশ্চিমবংগত আশাতীত ফলাফলৰ পাছত সোমাবৰে সন্ধিয়া এই ৰূপেৰে নতুন দিল্লীৰ বিজেপি BJP সদৰ দপ্তৰত দেখা গৈছে প্ৰধানমন্ত্ৰী মোদীক৷ মোদীয়ে যেতিয়া বাঙালী সাজেৰে মঞ্চত উঠিছিল তেতিয়া দৰ্শকাসনৰ প্ৰথম শাৰীত বহি আছিল শমীক ভট্টাচাৰ্যসহ বংগৰ বিজেপি নেতৃত্ব৷ তেওঁলোকৰ সন্মুখতেই বিজেপি কাৰ্যকৰ্তাসকলক ভুয়সী প্ৰশংসা কৰিলে নৰেন্দ্ৰ মোদীয়ে৷
তেওঁ কয়, ‘দীৰ্ঘদিনৰ সাধনা যেতিয়া সিদ্ধ হয় তেতিয়া সুখ আহে৷ আজি দেশৰ সকলো বিজেপি সমৰ্থকৰ মুখত সেই সুখ দেখিছো৷ আমিও তেওঁলোকৰ সুখত চামিল হৈছো৷ আজিৰ দিনটো দেশৰ উজ্জ্বল ভৱিষ্যৎ ঘোষণাৰ দিন৷ ভৰসাৰ দিন৷ আমি পশ্চিমবংগ, অসম, পন্ডিচেৰী, তামিলনাডু আৰু কেৰালাৰ জনতাক প্ৰণাম জনাইছো৷ বিজেপিৰ কোটি কোটি কাৰ্যকৰ্তাক হৃদয়েৰে অভিনন্দন জনাইছো৷ আপোনালোকে নতুন ইতিহাস ৰচনা কৰিলে৷’
তেওঁৰ বক্তব্যত আহিছে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কথাও৷ তেওঁ কয়, ‘শ্যামাপ্ৰাসাদ মুখাৰ্জীৰ আত্মাই আজি শান্তি পালে৷ ১৯৫১ চনত জনসংঘৰ প্ৰতিষ্ঠা কৰি দেশৰ যুৱকসকলক দেশপ্ৰেমৰ বাৰ্তা দিছিল৷ তেওঁ যি সমৃদ্ধ বাংলাৰ সপোন দেখিছিল সেয়া কেইবাদশকৰ পাছত পূৰণ হোৱাৰ অপেক্ষাত আছিল৷ আজি বাংলাৰ জনতাই আমাৰ কাৰ্যকৰ্তাসকলক সেই সুযোগ দিছে৷ আজি পশ্চিমবংগৰ ইতিহাসত এক নতুন অধ্যায় যুক্ত হ’ল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















