ৰান্ধনিশালত তেলৰ ব্যৱহাৰ কমোবাৰ বাবে দেশবাসীক বিশেষ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁৰ এই আহ্বানে বহুতকে অবাকো কৰিছে৷ ইন্ধনৰ সাশ্ৰয় বা সোণ কিনা কমাবলৈ কোৱা বিষয়টোক মানুহে সহজেই বুলি উঠিছে৷ কাৰণ এই দুবিধ সামগ্ৰীয়েই বিদেশৰ পৰা প্ৰচুৰ পৰিমাণে আমদানি কৰিব লাগে৷ আনকি ইয়াৰ প্ৰভাৱ পৰে দেশৰ বিদেশি ভাণ্ডাৰত৷ কিন্তু ৰন্ধনত তেল নিত্যপ্ৰয়োজনীয়৷ প্ৰধানমন্ত্ৰীৰ এই বাৰ্তাৰ আঁৰত আছে এক জটিল অংক৷ ২০২৫-২০২৬ চনত ভাৰতে প্ৰায় ১৯.৫ বিলিয়ন ডলাৰ খৰচ কৰিছে কেৱল খোৱা তেলৰ আমদানিত৷ দেশৰ কোষাগাৰৰ পৰা এই বিপুল অংকৰ বিদেশী মুদ্ৰা বাহিৰলৈ যোৱাটোৱে অৰ্থনীতিৰ ওপৰত চাপ সৃষ্টি কৰে৷ খোৱাৰ তেল আমদানি কমিলে দেশৰ বাণিজ্যত ঘাটি কমিব৷ ইয়াৰোপৰি বিদেশি মুদ্ৰাৰ বজাৰত ভাৰতীয় টকাৰ অৱস্থান আৰু শক্তিশালী হ’ব৷
অৱশ্যে মোদীৰ এই বাৰ্তাৰ লক্ষ্য কেৱল অৰ্থনীতি নহয়, জনস্বাস্থ্যও শক্তিশালী কৰা৷ ইৰাণ যুদ্ধৰ বাবে বিশ্ববজাৰৰ অৰ্থনীতিত উত্থান পতন চলি আছে৷ এই পৰিস্থিতিত অপ্ৰয়োজনীয় আমদানিত নিয়ন্ত্ৰণ আনিব খুজিছে চৰকাৰে৷ মন কি বাতৰ দৰে অনুষ্ঠানত পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে পৰিমিত তেল খোৱাৰ কথা হৈছে৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে, অতিৰিক্ত তেল আৰু ভজাপোৰা খোৱাৰ অভ্যাসে বৰ্তমান ঘৰে ঘৰে অসুখ মাতি আনিছে৷ স্থূলতা, হৃদৰোগ আৰু ডায়বেটিছৰ হাতৰ পৰা বাচিবলৈ তেল কমাই খোৱা জৰুৰী৷ তাৰমানে এইটোও নহয় যে ৰন্ধনৰ তেল নিশাৰ ভিতৰতে দেশত কমি যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















