আজি ২ জুন ২০২৬ মঙ্গলবাৰে মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে বৃহস্পতিয়ে৷ পুৰাণ অনুসৰি সম্পদ আৰু সমৃদ্ধিৰ গ্ৰহ বৃহস্পতিক কোৱা হয় দেৱগুৰু বা দেৱতাসকলৰ আচাৰ্য৷ ৩১অক্টোবৰ পৰ্যন্ত বৃহস্পতি থাকিব কৰ্কট ৰাশিত৷ প্ৰেম আৰু সৌন্দৰ্যৰ গ্ৰহ শুক্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব আগন্তুক ৮জুনত৷ ইয়াৰপাছতেই ৪জুলাইত শুক্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিলৈ যাব৷ অৰ্থাৎ ৮ জুনৰ পৰা ৪ জুলাই পৰ্যন্ত কৰ্কট ৰাশিত বৃহস্পতি আৰু শুক্ৰৰ যুঁটি থাকিব৷ পুৰাণমতে শুক্ৰ হৈছে ৰাক্ষকসকলৰ আচাৰ্য৷ বৃহস্পতি আৰু শুক্ৰৰ যুঁটিৰ ফলত লাভৱান হ’ব চাৰি ৰাশিৰ জাতক৷ জানি থওক তালিকাত কোন কোন আছে?
বৃষ ৰাশি
বৃহস্পতি আৰু শুক্ৰৰ যুঁটিত প্ৰতিদিনৰ আয় বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷ যিসকলে দীৰ্ঘদিন ধৰি আৰ্থিক সমৃদ্ধি লাভৰ বাবে চেষ্টা চলাইছিল তেওঁলোক এইবাৰ সফল হ’ব৷ ব্যৱসায়ীসকলে কোনো দীৰ্ঘম্যাদি প্ৰকল্পৰ সৈতে যুক্ত হ’ব পাৰে৷ ইয়াৰ ফলত ভৱিষ্যতে আৰ্থিক লাভ হ’ব৷ সামাজিক কামৰ বাবে প্ৰশংসা পাব৷ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷
তুলা ৰাশি
শুক্ৰৰ শুভ প্ৰভাৱত ৮জুনৰ পৰা আৰ্থিক পৰিস্থিতি মজবুত হ’ব তুলা ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত মুনাফা বাঢ়িব৷ বিবাহিত দম্পতিয়ে সন্তান লাভৰ সুখবৰ পাব পাৰে৷ উপাৰ্জন বাঢ়িব৷ সামাজিক কামৰ সৈতে যুক্তসকলৰ পৰিচিতি আৰু জনপ্ৰিয়তা বাঢ়িব৷
ধনু ৰাশি
বৃহস্পতি আৰু শুক্ৰৰ যুঁটি অত্যন্ত শুভ ফলদায়ী হ’ব ধনু ৰাশিৰ জাতকৰ বাবে৷ গুৰুগ্ৰহ বৃহস্পতিয়ে দাম্পত্য জীৱনত সুখ আৰু প্ৰেম কঢ়িয়াই আনিব৷ শুক্ৰৰ প্রভাৱত এই সময়ত আপোনাৰ আয় বাঢ়িব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো আৰ্থিক সমস্যাৰ সমাধান হ’ব৷ পৰিয়ালৰ কোনো সদস্যৰ পৰা উল্লেখযোগ্য আৰ্থিক লাভ হ’ব পাৰে৷
মীন ৰাশি
বৃহস্পতি আৰু শুক্ৰৰ যুঁটিয়ে মীন ৰাশিৰ জাতকৰ সন্মুখত সমৃদ্ধিৰ দুৱাৰ খুলি দিব৷ ব্যৱসায়ীসকলে উল্লেখযোগ্য আৰ্থিক লাভ কৰিব পাৰে৷ চাকৰিয়ালৰ দৰমহাবৃদ্ধি হ’ব পাৰে৷ নতুন ঘৰ বা বাহন কিনাৰ যোগ আছে৷ প্ৰয়োজনত জীৱনসংগীক কাষত পাব৷ দাম্পত্য জীৱনত সুখ ভৰপুৰ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















