মেঘ– যদি আপোনাৰ ভূমি আৰু সম্পত্তি সম্বন্ধীয় দীৰ্ঘদিনীয়া সমস্যা আছে তেনেহলে এইকেইদিনতে এই সমস্যা সমাধান হ’ব পাৰে আৰু আপুনি লাভ কৰিব পাৰে ভাল খবৰ। বিত্তীয় সম্বন্ধীয় পৰিকল্পনা, আঁচনি ৰূপায়ণৰ বাবেও এইকেইদিন আপোনাৰ বাবে ভাল সময়। ব্যৱসাসীসকলে কৰ্মচাৰীৰ ওপৰত অলপ নজৰ দিব লাগিব।
বৃষ– সময় আৰু ভাগ্যই এইকেইদিনত আপোনাক পূৰ্ণ সহযোগ কৰিব। বহুদিনৰ পৰা যুঁজি থকা যিকোনো কামৰ অনুকুল পৰিণাম পোৱাৰ সময় এয়া। কাৰো সৈতে বাদ-বিবাদত লিপ্ত নহ’ব এয়া আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
মিথুন- কিছু দায়িত্বৰ বোজা আপোনাৰ কান্ধত পৰিব, কিন্তু ভাল খবৰ এয়াই যে এই দায়িত্ব আপুনি নিয়াৰিকৈ পালন কৰি প্ৰশংসাৰ পাত্ৰ হ’ব।
কৰ্কট– দীৰ্ঘদিনৰ পৰা ঘৰ সলনি, ঘৰ মেৰামতি বা ঘৰৰ কোনো আচবাব সলনিৰ দৰে সিদ্ধান্ত লৈ থকা সকলে আজিয়েই চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পাৰিব। ভাল খবৰ এয়াই যে এই সন্দৰ্ভত যি সিদ্ধান্তই নলওক কিয় সেয়া আপোনাৰ বাবে সুদূৰপ্ৰসাৰী হ’ব। আপোনাৰ ক্ৰোধক নিয়ন্ত্ৰণ ৰাখিব লাগিব। ক্ৰোধৰ বাবে আপোনাৰ ক্ষতি হ’ব পাৰে।
সিংহ- আপোনৰ গ্ৰহৰ স্থিতি অনুকুলত আছে। ভৱিষ্যৎ সম্বন্ধীয় কিছু পৰিকল্পনা ল’ব পাৰে, যি আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব পাৰে। আপোনাৰ ব্যক্তিত্বই আপোনাৰ বন্ধু-বৰ্গ বা পৰিয়ালৰ আন সদস্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। কাকো চকু মুদি বিশ্বাস নকৰিব।
কন্যা-আজি কৰা কষ্টৰ অদূৰ ভৱিষ্যতে আপুনি ভাল ফল লাভ কৰিব। পৰিয়াল সম্বন্ধীয় যিকোনো সিদ্ধান্তত আপুনি অকল্পনীয় সফলতা লাভ কৰিব পাৰে।
তুলা– বিৱাহ, ঘৰ লোৱা আদিৰ দৰে ঘৰত মাংগলিক কাৰ্যৰে জড়িত আঁচনিৰ পৰিকল্পনা বা সিদ্ধান্ত আজিৰ দিনটোত লোৱাটো শুভ ফলদায়ক হ’ব। আনৰ ব্যক্তিগত কথাত হস্তক্ষেপ নকৰিব, ই আপোনাৰ বাবে প্ৰতিকূল হ’ব পাৰে।
বৃশ্চিক-স্থান পৰিৱৰ্তনৰ বাবে এয়া উচিত সময়। ঘৰ সলনি, কৰ্মসংস্থাপন সলনিৰ কথা যদি দীৰ্ঘদিনৰ পৰা ভাবি আছে এই সময়ত তাৰ সিদ্ধান্ত ল’লে ভৱিষ্যতে সেয়া শুভ ফলদায়ক হ’ব পাৰে। অভিজ্ঞতা নথকা কামত আজি হাত নিদিয়াই ভাল।
ধনু-কোনো আত্মীয়ই যুঁজি থকা সমস্যা আপোনাৰ দ্বাৰা আজি সমাধান হ’ব পাৰে। ধৰ্ম-কৰ্ম আৰু আধ্যাত্মিকতাত বিশ্বাসীসকলে মানসিক শান্তি আৰু শক্তি পাব। ক্ৰোধ আৰু অহংকাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।
মকৰ-ঘৰৰ মেৰামতি, ঘৰৰ আচবাবৰ স্থান সলনি কৰিলে ইয়াৰ শুভফল পাব। আজি দীঘলীয়া যাত্ৰাৰ পৰিকল্পনা ল’ব পাৰে।
কুম্ভ-আজি আপোনাৰ ঘৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব। ঘৰৰ বাবে কোনো মূল্যৱান সম্পদ ক্ৰয়ৰ পৰিকল্পনা কৰি থকাসকলে আজি ক্ৰয় কৰিব পাৰে।
মীন-ৰাজনীতিত জড়িত ব্যক্তিসকলৰ বাবে আজি শুভ দিন। ৰাজনীতিত জড়িত ব্যক্তিৰ বাবে আজি নতুন সুযোগ আহিব পাৰে। ধাৰে দিয়া টকা আজি আপুনি উভতাই পাব পাৰে। ঘৰুৱা আচবাব অন্যান্য সম্পত্তি কিনোতে আজি সাৱধান হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















