• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া চলচ্চিত্ৰৰ পুনৰুত্থানৰ ঐতিহাসিক সন্ধিক্ষণত ‘চুপা চুপি’, দৰ্শকৰ অভাৱনীয় সঁহাৰি

অসমীয়া চলচ্চিত্ৰৰ পুনৰুত্থানৰ ঐতিহাসিক সন্ধিক্ষণত ‘চুপা চুপি’, দৰ্শকৰ অভাৱনীয় সঁহাৰি

4 months ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

16 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

17 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

17 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

17 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

18 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

19 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

20 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

21 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

21 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

22 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

23 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অসমীয়া চলচ্চিত্ৰৰ পুনৰুত্থানৰ ঐতিহাসিক সন্ধিক্ষণত ‘চুপা চুপি’, দৰ্শকৰ অভাৱনীয় সঁহাৰি

ছুপাৰহিটৰ দিশে 'চুপা চুপি', প্ৰথম দিনটো প্ৰায় প্ৰতিটো ছবিগৃহতে Housefull

editor by editor
June 13, 2026
in অসম, চিনেমা, বিনোদন, বিবিধ, লেখা, সংগীত
0
অসমীয়া চলচ্চিত্ৰৰ পুনৰুত্থানৰ ঐতিহাসিক সন্ধিক্ষণত ‘চুপা চুপি’, দৰ্শকৰ অভাৱনীয় সঁহাৰি
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
অসমীয়া চলচ্চিত্ৰ উদ্যোগে বহু উত্থান-পতনৰ মাজেৰে অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হৈছে। এটা সময়ত যিটো উদ্যোগক মৃত্যুমুখী বুলি ধৰা হৈছিল, আজি সেই উদ্যোগে পুনৰ নিজৰ অস্তিত্ব, শক্তি আৰু সম্ভাৱনাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ ঊৰ্ধ্বমুখী নৱ যাত্ৰাৰ শেহতীয়া আৰু উজ্জ্বল উদাহৰণ ‘চুপা চুপি’।
মুক্তিৰ প্ৰথম দিনাৰ পৰাই ৰাজ্যজুৰি এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে ছবিখনে। গুৱাহাটী, নগাঁও, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ধেমাজি, তেজপুৰ, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, বঙাইগাঁও আদি প্ৰায় প্ৰতিখন জিলাৰ ছবিগৃহত ‘হাউছফুল’ হোৱাৰ খবৰে দর্শকৰ আগ্ৰহৰ স্পষ্ট সাক্ষ্য বহন কৰিছে। গুৱাহাটীৰ আটাইকেইটা ছবিগৃহত একেলগে খলকনি তুলি ‘চুপা চুপি’য়ে ইয়াকেই দেখুৱাইছে যে যদি ভাল কাহিনী, সাৱলীল অভিনয়, উন্নত নিৰ্মাণ, কাহিনীৰে খাপ খোৱা লোকেশ্যন আৰু স্থানীয় সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যায়, তেন্তে বলীউড বা দাক্ষিণাত্যৰ সৈতে ফেৰ মাৰিব পৰা ক্ষমতাও আছে অসমীয়া ছবিৰ। শেহতীয়াকৈ বহু ছবিগৃহত হিন্দী ছবিক আঁতৰাই অসমীয়া ছবি ‘চুপা চুপি’ প্ৰদৰ্শিত কৰাৰ সিদ্ধান্তই তাকেই প্ৰমাণ কৰিছে। অসমীয়া ছবি বজাৰখনৰ এই উৰ্ধ্বমুখী যাত্ৰা আমাৰ বাবে এক সুখৰ খবৰ।
এই সফলতা কেৱল এখন ছবিৰ ব্যৱসায়িক সফলতা নহয়; ই অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ এক সামাজিক আৰু সাংস্কৃতিক জয়যাত্ৰাৰ অংশ। বিশেষকৈ প্ৰথমেই উল্লেখ কৰাৰ দৰে বহু ছবিগৃহত হিন্দী ছবিৰ শ্ব’ হ্ৰাস কৰি বা আঁতৰাই ‘চুপা চুপি’ প্ৰদৰ্শনৰ সিদ্ধান্ত গ্ৰহণ কৰাটো এক গুৰুত্বপূৰ্ণ ঘটনা। ইয়াৰ অৰ্থ হৈছে দর্শকে নিজৰ ভাষাৰ ছবিক অগ্ৰাধিকাৰ দিছে, কেৱল অগ্ৰাধিকাৰ দিয়াই নহয় ‘চুপা চুপি’ চাই দৰ্শকে আপ্লুতও হৈছে। ছবিগৃহসমূহেও অসমীয়া ছবিৰ চাহিদাক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। একমাত্ৰ অসমীয়া ছবিৰ বাবেই জুবিন দাই এদিন মুম্বাইৰ নিজৰ নিশ্চিত উজ্জ্বল ভৱিষ্যৎ এৰি অসমলৈ গুছি আহিছিল আৰু নিৰ্মাণ কৰিছিল মিছন চাইনাৰ দৰে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ৰেকৰ্ড সৃষ্টি কৰা ব্যৱসায়িক সফল ছবি। মিছন চাইনাই যিদৰে দৰ্শকক ছবিগৃহলৈ টানি আনিছিল সেই পৰম্পৰা কাঞ্চনজংঘা, বিদুৰভাই, ভাইমন দা, ৰৈ ৰৈ বিনালেই ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ ‘চুপা চুপি’য়েও যে সেই পৰম্পৰা অক্ষুন্ন ৰাখিবলৈ যে সক্ষম হ’ব তাত কোনো সন্দেহ নাই। ছবিখনৰ প্ৰতি দৰ্শকৰ প্ৰথমটো দিনৰ সঁহাৰিয়েই ইয়াক প্ৰমাণ কৰিছে। জুবিন দাই ‘মিছন চাইনা’ৰ জৰিয়তে দেখুৱাইছিল যে বিগ বাজেট, আধুনিক নিৰ্মাণ কৌশল আৰু জাতীয়তাবোধৰ সমন্বয়ে অসমতো ব্যৱসায়িকভাৱে সফল ছবি নিৰ্মাণ সম্ভৱ। পৰিচালনা, প্ৰযোজনা, অভিনয়, কাহিনী, চিত্ৰনাট্য, সংগীত, শব্দ, পোহৰ আদি প্ৰতিটো বিভাগৰেই প্ৰশংসনীয় কামে ‘চুপা চুপি’ৰ সফলতাৰ মূল কাৰণ। ‘চুপা চুপি’ৰ কাহিনীত পৰিচালক প্ৰণৱ ভৰালীয়ে যি ৰহস্য, আবেগ, একশ্যন আৰু বিনোদনৰ সমন্বয় ঘটাইছে সেয়াই ছবিখনৰ প্ৰতি সকলো বয়সৰ দর্শকৰ আকৰ্ষণ বৃদ্ধি কৰাইছে। বৰ্তমানৰ ডিজিটেল যুগত যেতিয়া OTT প্লেটফৰ্ম আৰু মোবাইল বিনোদনে ছবিগৃহ সংস্কৃতিক প্ৰত্যাহ্বান জনাইছে, তেনে সময়তে এখন আঞ্চলিক ভাষাৰ ছবিয়ে দর্শকক ছবিগৃহলৈ টানি আনিব পৰাটোও অন্য এক সাফল্য। বিশেষকৈ PVR, INOX, Matrix আদিৰ দৰে আধুনিক মাল্টিপ্লেক্সত অসমীয়া ছবিৰ সফল প্ৰদৰ্শনে এক নতুন দর্শকশ্ৰেণীৰ সৃষ্টি কৰে।

ঘাত-প্ৰতিঘাত নেওচি অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উৰ্ধ্বমুখী যাত্ৰাৰ শেহতীয়া উদাহৰণ ‘চুপা চুপি

অসমীয়া চলচ্চিত্ৰৰ ইতিহাসলৈ চালে দেখা যায় যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰ পৰা আৰম্ভ হোৱা যাত্ৰাই বহু দশক ধৰি আৰ্থিক সংকট, প্ৰযুক্তিগত সীমাবদ্ধতা আৰু বজাৰৰ অভাৱৰ সৈতে সংগ্ৰাম কৰি আহিছিল। কিন্তু সাম্প্ৰতিক সময়ত নতুন প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতা, আধুনিক প্ৰযুক্তি, উন্নত বিপণন কৌশলে এই উদ্যোগক নতুন শক্তি প্ৰদান কৰিছে। ‘চুপা চুপি’ৰ সাফল্যই এটা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে—অসমীয়া দর্শকে ভাল ছবি বিচাৰে আৰু সেই ছবি যদি মানসম্পন্ন হয় তেন্তে তেওঁলোকে ভাষা বা বাজেটৰ ভিত্তিত বিচাৰ নকৰে। বিগ বাজেটৰ এই ছবিখনে প্ৰমাণ কৰিলে যে শক্তিশালী কাহিনী, স্থানীয় চৰিত্ৰ আৰু অসমীয়া মাটিৰ সুবাসেৰে গঢ়ি তোলা চলচ্চিত্ৰই বৃহৎ সফলতা লাভ কৰিবই। সাম্প্ৰতিক সময়ত মিছন চাইনা, কাঞ্চনজংঘা, ড০ বেজবৰুৱা, ভাইমন দা, বিদুৰভাই, চুপা চুপি আদি কেৱল একোখন চলচ্চিত্ৰই নহয়; ই অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ আত্মবিশ্বাস আৰু সম্ভাৱনাৰ প্ৰতীক। বহু বছৰ ধৰি যি উদ্যোগে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দি আহিছিল, সেই উদ্যোগে আজি পুনৰ সম্ভাৱনাৰ উজ্বল বাটটোৰে গতি কৰিছে আৰু এই কৃতিত্বৰ অধিকাৰী কিন্তু বহু পৰিমাণে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। অসমীয়া চিনেমাৰ এই উত্থান অব্যাহত থাকক। ‘চুপা চুপি’ৰ দৰে ছবিৰ উত্থান হওক আৰু নতুন নতুন প্ৰযোজকক অসমীয়া চলচ্চিত্ৰ উদ্যোগটোত ভৰি দিয়াৰ সাহস আৰু প্ৰেৰণা দিয়ক। ‘চুপা চুপি’য়ে প্ৰথম দিনা বক্স অফিচত যি খলকনি তুলিছে সেয়া অসমীয়া সংস্কৃতি আৰু চলচ্চিত্ৰ উদ্যোগটোৰ নতুন জাগৰণৰ এক আশাব্যঞ্জক সংকেত। ‘চুপা চুপি’ৰ কাহিনী আৰু পৰিচালনা প্ৰণৱ ভৰালীৰ। DJ Entertainment আৰু Atlasৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে নৃপেন দাস আৰু হৃষিকেশ পাটগিৰিয়ে। এটা ব্যতিক্ৰম চৰিত্ৰত অভিনয় কৰা প্ৰথিতযশা অভিনেতা অৰুণ নাথৰ অভিনয়ৰ প্ৰথম দিনাই সৰ্বত্ৰে চৰ্চা চলিছে। ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে পল্লৱ লোচন, স্নিগ্ধা গগৈ, হিমাংশু প্ৰসাদ দাস, ৰাগিনী কৌশিক, কৌশিক ভাৰদ্বাজ, কিশোৰ তহবিলদাৰ, বৈভৱী, জিত কলিতা, সপ্তৰ্ষী গগৈ, বেদব্ৰত বৰা, জিণ্টু কুমাৰ কাশ্যপ আদিয়ে। পলাশ সূৰ্য গগৈৰ সংগীত পৰিচালনাত ছবিখনৰ গানকেইটাত কণ্ঠদান কৰিছে দীক্ষু, ৰূপম ভূঞা, নীল আকাশ, দীপান্বিতা ডেকা, আচুৰ্য বৰপাত্ৰগোহাঁই, বিশ্ৰুত শইকীয়া, সুদীপ ৰঞ্জন আদিয়ে। ‘চুপা চুপি’ৰ দৃ্শ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে আৰু সম্পাদনা কৰিছে উদীপ্ত কুমাৰ ভট্টাচাৰ্যই।
এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24chupa-chupi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
মৃত্যুক জিনি ১৩ কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙোৱা মেক্সিকোৰ নায়ক ৰাউল জিমেনেজ

মৃত্যুক জিনি ১৩ কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙোৱা মেক্সিকোৰ নায়ক ৰাউল জিমেনেজ

EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.