• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 months ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 minutes ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

39 minutes ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

1 hour ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

2 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

4 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

13 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

14 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

15 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

‘ফ্লেগ অব কনভেনিয়েন্স’ আৰু ‘প’ৰ্ট ষ্টেট কণ্ট্ৰ’ল’ মানে কি?

editor by editor
June 17, 2026
in নিয়োগ, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

G-7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমুদ্ৰত কৰ্মৰত নাবিক আৰু জাহাজ কৰ্মচাৰীৰ সুৰক্ষাৰ বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰিছে। মোদীয়ে কোনো দেশৰ নাম পোনপটীয়াকৈ উল্লেখ নকৰাকৈয়ে হৰমুজ প্ৰণালী আৰু ওমান উপকূলৰ সমীপত ভাৰতৰ বাণিজ্যিক জাহাজসমূহৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক গৰিহনা দি উত্থাপন কৰিছিল এই প্ৰশ্ন। উল্লেখ্য যে ৯ জুনত ওমান উপকূলত বাণিজ্যিক জাহাজ ‘চেটেবেলো’ৰ ওপৰত সংঘটিত আক্ৰমণত তিনিজন ভাৰতীয় নাবিকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও আন দুখন ভাৰতীয় জাহাজো আক্ৰমণৰ সন্মুখীন হৈছিল যদিও সেই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাছিল। ভাৰতীয় পতাকাসংলগ্ন ১৩খন জাহাজ প্ৰায় ১০০ দিন ধৰি হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছে, য’ত ৫৫০ৰো অধিক ভাৰতীয় নাবিক আছে। মধ্য-প্ৰাচ্যত আমেৰিকা-ইজৰাইল আৰু ইৰানৰ সংঘাতৰ সময়ছোৱাত প্ৰায় ১৮ হাজাৰ ভাৰতীয় নাবিকৰ সুৰক্ষা সংকটত পৰিছিল।

বিশ্বৰ সমুদ্ৰপথৰ যাতায়াতত ভাৰতৰ অৱদান গুৰুত্বপূৰ্ণ

সামুদ্ৰিক যাতায়াতত প্ৰয়োজনীয় মানৱ সম্পদ যোগানৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম বৃহৎ দেশসমূহৰ ভিতৰত ভাৰতো এখন। ভাৰতৰ নৌ-পৰিবহণ নিৰ্দেশালয়ৰ তথ্য অনুসৰি ভাৰতত ৭.৪ লাখতকৈ অধিক নাবিক পঞ্জীয়নভুক্ত হৈ আছে। ইয়াৰে ৩.২৩ লাখ সক্ৰিয়ভাৱে কৰ্মৰত। বিশ্বৰ মুঠ নাবিকৰ প্ৰায় ১৫ শতাংশ ভাৰতীয় আৰু বিশ্বৰ বাণিজ্যিক জাহাজসমূহত কৰ্মৰত ভাৰতীয় নাবিকৰ সংখ্যা প্ৰায় ১৭ শতাংশ। এই পৰিপ্ৰেক্ষিতত সামুদ্ৰিক সুৰক্ষা আৰু নাবিকৰ কল্যাণ ভাৰতৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে।

জাহাজত থকা কোনো দেশৰ পতাকাৰ অৰ্থ কি?

বাণিজ্যিক জাহাজত থকা পতাকাই জাহাজখন কোন দেশত পঞ্জীয়নভুক্ত হৈছে সেই তথ্য প্ৰকাশ কৰে। কোনো এখন জাহাজত যি দেশৰ পতাকা থাকে জাহাজখনৰ কৰ্মচাৰী বা মালিক সেই দেশৰেই যে হ’ব লাগিব তাত কোনো বাধ্যবাধকতা নাথাকে। প্ৰত্যেকখন বাণিজ্যিক জাহাজে কোনো এখন দেশৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগিব, যাতে জাহাজখন আইনীভাৱে কোনো এখন দেশৰ সৈতে সংযুক্ত থাকে। জাহাজখন যিখন দেশত পঞ্জীয়ন কৰা হয় সেইখন দেশৰেই আইন জাহাজখনে মানিব লাগে আৰু কৰ্মচাৰীয়েও সেইখন দেশৰ আইনী সুৰক্ষা লাভ কৰে।

সমুদ্ৰত চলা জাহাজ এখনৰ সুৰক্ষাৰ দায়িত্ব কাৰ?

আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইন অনুসৰি, যি দেশত এখন জাহাজ পঞ্জীয়নভুক্ত হৈ থাকে, সেই দেশকেই ‘ফ্লেগ ষ্টেট’ বুলি কোৱা হয় আৰু জাহাজখনৰ সুৰক্ষাৰ মূল দায়িত্বও সেই দেশৰ ওপৰত ন্যস্ত থাকে। কাৰণ অধিকাংশ সময়তে জাহাজসমূহ আন্তঃৰাষ্ট্ৰীয় জলসীমাত চলাচল কৰে, যিবোৰ কোনো এখন দেশৰ একক নিয়ন্ত্ৰণত নাথাকে। সেয়েহে জাহাজসমূহক কোনো এখন দেশৰ আইনী সুৰক্ষাৰ আওতালৈ আনিবলৈ ফ্লেগ ষ্টেট ব্যৱস্থাৰ প্ৰয়োজন হয়।

‘ফ্লেগ ষ্টেট’ৰ আন দায়িত্বসমূহ

ফ্লেগ ষ্টেটে জাহাজৰ প্ৰশাসনিক, কাৰিকৰী আৰু সুৰক্ষা-সংক্ৰান্ত বিষয়সমূহ তদাৰক কৰাৰ দায়িত্ব বহন কৰে। ইয়াৰ ভিতৰত আছে—জাহাজৰ সুৰক্ষা মান নিশ্চিত কৰা, প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা পালন কৰা, কৰ্মচাৰীৰ বাসস্থান আৰু কৰ্ম পৰিবেশ উন্নত ৰখা, আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক নিয়মসমূহৰ অনুসৰণ নিশ্চিত কৰা ইত্যাদি। ভাৰতত এই দায়িত্ব নৌ-পৰিবহণ মহানিৰ্দেশালয়ে পালন কৰে।

‘ফ্লেগ অব কনভেনিয়েন্স’ আৰু ‘প’ৰ্ট ষ্টেট কণ্ট্ৰ’ল’ কি?

বিশ্বৰ বহু জাহাজ এনে দেশত পঞ্জীয়নভুক্ত হয় য’ত কৰ মাচুল কম, সহজ নিয়ম আৰু অধিক সুবিধা লাভ কৰা যায়। এই ব্যৱস্থাক ‘Flag of Convenience’ বুলি কোৱা হয়। বিশ্বৰ শীৰ্ষৰ তেনে ফ্লেগ ষ্টেটসমূহৰ ভিতৰত পানামা, লাইবেৰিয়া, মাৰ্শ্বাল দ্বীপপুঞ্জ, হংকং, ছিংগাপুৰ, চীন, মাল্টা আৰু বাহামাছ উল্লেখযোগ্য। আনহাতে জাহাজসমূহে বিশ্বৰ বিভিন্ন বন্দৰত যাতায়াত কৰাৰ বাবে সময়ে সময়ে সুৰক্ষা, ৰক্ষণাবেক্ষণ আৰু কৰ্মচাৰীৰ সুবিধাসমূহ পৰীক্ষা কৰাটো প্ৰয়োজনীয়। বন্দৰত সম্পন্ন কৰা এই পৰিদৰ্শন ব্যৱস্থাক ‘Port State Control’ বুলি কোৱা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে নিম্নমানৰ জাহাজ চিনাক্ত কৰি সুৰক্ষাৰ মান উন্নত কৰা আৰু সমুদ্ৰ পৰিৱেশ সংৰক্ষণ কৰা।

নাবিকৰ সুৰক্ষাৰ বাবে থকা আন্তঃৰাষ্ট্ৰীয় আইনসমূহ

নাবিক আৰু সামুদ্ৰিক কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় চুক্তি বলবৎ আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য—
১. Marine Labour Convention (MLC), 2006
ইয়াক নাবিকসকলৰ ‘অধিকাৰ চনদ’ বুলি কোৱা হয়। ইয়াৰ জৰিয়তে কৰ্মচাৰীয়ে ন্যূনতম কৰ্ম পৰিবেশ, বেতন, স্বাস্থ্যসেৱা আৰু সামাজিক সুৰক্ষাৰ অধিকাৰ লাভ কৰে।
২. SOLAS Convention, 1974
‘Safety of Life at Sea’ বা সমুদ্ৰত জীৱনৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে গৃহীত এই চুক্তিয়ে বাণিজ্যিক জাহাজ আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ মান নিৰ্ধাৰণ কৰে। ভাৰতো এই চুক্তিৰ স্বাক্ষৰকাৰী দেশ।
৩. UNCLOS (United Nations Convention on the Law of the Sea)
এই চুক্তিয়ে বিশ্বৰ সমুদ্ৰ আৰু মহাসাগৰসমূহৰ ব্যৱহাৰ, অধিকাৰ আৰু দায়িত্ব সম্পৰ্কীয় নিয়ম নিৰ্ধাৰণ কৰে। আন্তঃৰাষ্ট্ৰীয় জলসীমাত সকলো দেশৰ সমানভাৱে নৌ-চলাচল আৰু মৎস্য চিকাৰৰ অধিকাৰ থাকে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা
জীৱনশৈলী

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

October 6, 2026
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?
বাণিজ্য

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

October 6, 2026
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?
বাণিজ্য

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Next Post
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ'ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.