প্ৰতিটো গ্ৰহৰ নিজস্ব শক্তি থাকে আৰু যেতিয়া কোনো শক্তিশালী গ্ৰহে নিজৰ ৰাশি বা নক্ষত্ৰ পৰিৱৰ্তন কৰে, তেতিয়া ই মানুহৰ আৰ্থিক, মানসিক আৰু সামাজিক জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰে। কাইলৈৰ পৰা মেষ, কন্যা আৰু মীন ৰাশিৰ লোকসকল সাৱধান হোৱা উচিত।
এইবোৰ পালন কৰক
যদি আপুনি আৰ্থিক সংকটত জুৰুলা হৈছে বা এনে পৰিস্থিতিয়ে আপোনাক চিন্তিত কৰি তুলিছে, ঘৰৰ মূল প্ৰৱেশদ্বাৰত দেশী ঘিউৰে এগচি চাকি জ্বলাই জীৱনত সুখ আৰু শান্তিৰ কামনা কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পৰিয়ালৰ সদস্যৰ ওপৰত পৰে আৰু আৰ্থিক সংকটৰ পৰা সকাহ পোৱা যায়।
সূৰ্য দেৱতাই ৰঙা ৰং ভাল পায়। এই দিনটোত ৰঙা ৰঙৰ কাপোৰ পিন্ধাটোও শুভ বুলি গণ্য কৰা হয়। লগতে ৰঙা ৰঙৰ কাপোৰ দান কৰিব পাৰে। পুৱা শুই উঠি গা ধুব, তাৰ পিছত ৰঙা কাপোৰ পিন্ধি সূৰ্য দেৱতাক পূজা কৰিব। এনে কাৰ্যই সুখ, শান্তি-সমৃদ্ধিৰে ভৰপূৰ কৰিব আপোনাৰ জীৱন।
ৰঙা চন্দনৰ তিলক লগাইহে ঘৰৰ পৰা ওলাই যাব। এই কাৰ্যৰ দ্বাৰা আপুনি যি কামৰ উদ্দেশ্যেই ঘৰৰ পৰা ওলাই নাযাওক কিয়, সফলতাৰ পূৰ্ণ সম্ভাৱনা থাকে বুলি লোকবিশ্বাস আছে। জীৱনত সুখ, সমৃদ্ধি আৰু খ্যাতি পাবলৈ দেওবাৰে আটাৰে চাৰিমুখীয়াকৈ বন্তি নিৰ্মাণ কৰি আহত গছৰ তলত জ্বলাব। মনত ৰাখিব, এই চাকিত কেৱল সৰিয়হৰ তেলহে ব্যৱহাৰ কৰিব লাগে।
(ষ্পষ্টীকৰণ- এই লেখাটিত উল্লেখ কৰা সকলো ৰীতি-নীতি বা কাৰ্যৰ বৰ্ণনা ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















