অহা ২০ জুনত প্রধানমন্ত্রী কিষাণ যোজনাৰ ২৩ সংখ্যক কিস্তি পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ আহিব৷ যদি কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ নহয় তেন্তে আপোনাৰ কিস্তি ৰৈ যাব পাৰে। এই তালিকাত আপোনাৰ নাম আছে নে নাই চাবলৈ এতিয়াই পৰীক্ষা কৰক।
ইতিমধ্যে চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২৩ সংখ্যক কিস্তিৰ দিন ঘোষণা কৰিছে। কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ছ’চিয়েল মিডিয়া পোষ্টযোগে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম কিষাণ) আঁচনিৰ ২৩ সংখ্যক কিস্তি অহা ২০ জুন শনিবাৰে কৃষকৰ একাউণ্টত জমা হ’ব। কিন্তু এইবাৰ কঠোৰ নিয়মৰ বাবে লাখ লাখ কৃষকৰ নাম হিতাধিকাৰীৰ তালিকাৰ পৰা বাহিৰ হৈছে। গতিকে আপোনাৰ একাউণ্টত ধন কেতিয়া আহিব আৰু কি ভুলৰ বাবে কিস্তি আবদ্ধ হৈ পৰিব পাৰে সেই কথা জনাটো জৰুৰী।
প্ৰতিবাৰৰ দৰে এইবাৰো চৰকাৰে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি)ৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন প্ৰেৰণ কৰিব। ২০ জুন শনিবাৰে যোগ্য কৃষকৰ একাউণ্টত পোনপটীয়াকৈ ২০০০ টকা জমা কৰা হ’ব। ইতিমধ্যে ডিবিটিৰ জৰিয়তে ধন প্ৰেৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে।
এই কৃষকসকলে নাপাব ২০০০ টকা। যদি আপুনি তিনিটা কাম সম্পূৰ্ণ নকৰে, তেন্তে এইবাৰ আপোনাৰ একাউণ্টলৈ ২০০০ টকা নাহিবও পাৰে।
- e-KYC সম্পূৰ্ণ নোহোৱা- চৰকাৰে সকলো হিতাধিকাৰীৰ বাবে e-KYC বাধ্যতামূলক কৰিছে। যদি আপোনাৰ ই-কে ৱাই চি সম্পূৰ্ণ নহয় তেন্তে কিস্তিৰ ধন আবদ্ধ হৈ থাকিব পাৰে।
- ভূমি পৰীক্ষণ কৰা হোৱা নাই – যিসকল কৃষকৰ ভূমিৰ তথ্য চৰকাৰী তথ্যকোষত পৰীক্ষা কৰা হোৱা নাই তেওঁলোকক হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।
- আধাৰৰ সৈতে সংযুক্ত নহয় বেংক একাউণ্ট যিটো বেংক একাউণ্টত কে এম কিষাণৰ ধন লাভ কৰা হয়, সেইটো আধাৰৰ সৈতে সংযুক্ত কৰি এন পি চি আই (ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম)ৰ সৈতে মেপ কৰাটো বাধ্যতামূলক।
হিতাধিকাৰীৰ তালিকাত নিজৰ নাম কেনেকৈ পৰীক্ষা কৰিব?
- প্ৰথমে পি এম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
- হোমপেজত থকা ‘Beneficiary List’ বিকল্পত ক্লিক কৰক।
- তাৰ পিছত আপোনাৰ ৰাজ্য, জিলা, মহকুমা, ব্লক আৰু গাঁৱৰ নাম বাছি লওক।
- তাৰ পিছত ‘Get Report’ বুটামত ক্লিক কৰক।
- আপোনাৰ গাঁৱৰ সম্পূৰ্ণ হিতাধিকাৰী তালিকা পৰ্দাত দেখা দিব, য’ত আপুনি আপোনাৰ নাম বিচাৰি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













