অম্বুবাচী মেলাৰ সময়ত কামাখ্যা ধামত দেখা পোৱা উ*লংগ সন্ন্যাসী বা বাবাসকলক সাধাৰণতে নাগা সাধু বা নাগা বাবা বুলি কোৱা হয়। যদিও সকলো উ*লংগ সন্ন্যাসীয়েই নাগা নহয়, তথাপিও অম্বুবাচীৰ সময়ত কামাখ্যাত দেখা পোৱা অধিকাংশ উ*লংগ সন্ন্যাসী বিভিন্ন আখড়াৰ নাগা সাধু।
নাগা সাধু বা বাবাসকলৰ পৰিচয়
নাগা বাবাসকল হৈছে হিন্দু ধৰ্মৰ এক বিশেষ ত্যাগী আৰু যোদ্ধা সন্ন্যাসী সম্প্ৰদায়। তেওঁলোক সাধাৰণতে বিভিন্ন আখড়াৰ অন্তৰ্গত, যেনে জুনা আখড়া, নিৰঞ্জনী আখড়া, আৱাহন আখড়া আদি। ইতিহাস অনুসৰি মধ্যযুগত বিদেশী আক্ৰমণৰ সময়ত মঠ-মন্দিৰ আৰু সনাতন ধৰ্ম ৰক্ষাৰ বাবে বহু সন্ন্যাসীক অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হৈছিল। এই যোদ্ধা সন্ন্যাসীসকলেই পিছলৈ নাগা সাধু নামেৰে পৰিচিত হয়।
নাগা বাবাসকল কিয় উ*লংগ হৈ থাকে?

নাগা সাধুসকল উ*লংগ হৈ থকাৰ অন্তৰালত ইয়াৰ গভীৰ আধ্যাত্মিক তাৎপৰ্য আছে। বিশেষকৈ ৪টা আদৰ্শগত কাৰণত তেওঁলোকে কোনো সাজ-সজ্জা পৰিধান নকৰাকৈ থাকে-
১. সম্পূৰ্ণ বৈৰাগ্যৰ প্ৰতীক
তেওঁলোকে বিশ্বাস কৰে যে কাপোৰো এক ধৰণৰ পাৰ্থিৱ সম্পত্তি। সেয়ে কাপোৰ পৰিত্যাগ কৰি তেওঁলোকে দেখুৱায় যে তেওঁলোকৰ দেহ, ধন-সম্পত্তি, সামাজিক মৰ্যাদা আদিৰ প্ৰতি কোনো মোহ নাই।
২. দেহৰ অহংকাৰ ত্যাগ
নাগা সাধুসকলৰ মতে মানুহৰ সকলোতকৈ ডাঙৰ আসক্তি হৈছে নিজৰ শৰীৰটো। এগৰাকী সুন্দৰী নাৰী বা সুঠাম-স্বাস্থ্যৱান পুৰুষে নভৱাকৈ হ’লেও নিজৰ শৰীৰটোক লৈ আত্মঅহংকাৰ কঢ়িয়াই ফুৰে। ঠিক একেদৰে নিজকে দেখিবলৈ কুৰুপা বুলি ভৱা পুৰুষ বা নাৰীয়ে নিজৰ শৰীৰটোক লৈ হীনমান্যতাত ভুগি থাকে। নাগা বাবাসকল এই ভাৱনাৰ পৰা সম্পূৰ্ণ মুক্ত। উ*লংগ হৈ থাকি তেওঁলোকে শৰীৰৰ প্ৰতি থকা অহংকাৰ আৰু লাজ-সংকোচ অতিক্ৰম কৰাৰ চেষ্টা কৰে।
৩. প্ৰকৃতিৰ সৈতে একাত্মতা
তেওঁলোকে বিশ্বাস কৰে যে মানুহ জন্মৰ সময়ত উ*লংগ হৈ আহে আৰু মৃত্যুৰ পিছত সকলো পাৰ্থিৱ বস্তু এৰি যায়। যিহেতু কাপোৰো এবিধ পাৰ্থিৱ বস্তু। সেয়ে উ*লংগতা তেওঁলোকৰ বাবে প্ৰকৃতিৰ মূল ৰূপলৈ উভতি যোৱাৰ প্ৰতীক।
৪. শিৱৰ অনুকৰণ
বহু নাগা সাধুৱে ভগৱান শিৱক নিজৰ আৰাধ্য দেৱতা হিচাপে মানে। শিৱক বৈৰাগ্য, ত্যাগ আৰু সংসাৰৰ মোহৰ উৰ্ধ্বত অৱস্থিত শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়। নাগা সাধুসকলে সেই আদৰ্শক অনুসৰণ কৰে।

নাগা বাবাসকলে শৰীৰত ছাই কিয় সানে?
নাগা সাধুসকলৰ গাত দেখা পোৱা ধূসৰ বা বগা ৰঙৰ পদাৰ্থ হৈছে ছাই বা ভস্ম। ভস্মই মৃ*ত্যুৰ কথা সোঁৱৰাই দিয়ে। সকলো বস্তু এদিন ছাই হৈ যাব বুলি তেওঁলোকে ইয়াৰ দ্বাৰা প্ৰতিপলে মন-মগজুক বুজনি দিয়ে বুলি বিশ্বাস। আনহাতে ভস্মক পবিত্ৰ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও যিহেতু নাগা বাবাসকলে কাপোৰ পৰিধান নকৰে সেয়ে ছায়ে গৰম আৰু ঠাণ্ডাৰ পৰা কিছু সুৰক্ষাও প্ৰদান কৰে। অধিকাংশ নাগা সাধু বছৰৰ অন্য সময়ত হিমালয়ৰ গুহা, অৰণ্য, নদীৰ পাৰত থকা আশ্ৰম, অথবা বিভিন্ন আখড়াত বাস কৰে। কুম্ভমেলা, অম্বুবাচী মেলাৰ দৰে কোনো বিশেষ সময়তহে তেওঁলোকে সাধাৰণ মানুহৰ মাজলৈ আহে।
কি কি কঠোৰ সাধনাৰ মাজেৰে এগৰাকী লোক নাগা সাধু হয়?
নাগা সাধু হোৱাটো অত্যন্ত কঠিন প্ৰক্ৰিয়া। প্ৰথমে এগৰাকী নাগা বাবু হ’বলৈ সংসাৰ সম্পূৰ্ণ ত্যাগ কৰিব লাগে। নিজৰ সম্পত্তি আৰু পাৰিবাৰিক সম্পৰ্ক এৰিব লাগে। বহু বছৰৰ কঠোৰ সাধনা কৰিব লাগে। আখড়াৰ অনুমোদন লাভ কৰিব লাগে। কিছুমান ক্ষেত্ৰত কিছুমান নাগা বাবাই নিজৰ প্ৰতীকী “শ্ৰাদ্ধ”ও সম্পন্ন কৰে, অৰ্থাৎ তেওঁলোকে নিজকে সংসাৰিক জীৱনৰ বাবে মৃত বুলি ধৰে।
অম্বুবাচী মেলাত তেওঁলোকৰ ভূমিকা
অম্বুবাচী মেলাৰ সময়ত হাজাৰ হাজাৰ নাগা সাধু, অঘোৰী, তান্ত্ৰিক আৰু বিভিন্ন সম্প্ৰদায়ৰ সন্ন্যাসী কামাখ্যা মন্দিৰলৈ আহে। তেওঁলোকে সাধনা, জপ-তপ, ধ্যান আৰু তান্ত্ৰিক আচাৰ-অনুষ্ঠান সম্পাদন কৰে। বহু ভক্তই তেওঁলোকৰ আশীৰ্বাদ লয়। তথাপি এটা কথা মনত ৰখা উচিত যে নাগা সাধুসকলৰ উলংগতা কোনো প্ৰদৰ্শনী বা অদ্ভুত আচৰণ নহয়; ই তেওঁলোকৰ আধ্যাত্মিক সাধনা, ত্যাগ, বৈৰাগ্য আৰু সংসাৰৰ মোহ-মায়াক জয় কৰাৰ এক গভীৰ ধৰ্মীয় প্ৰতীক।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















