দক্ষিণ ভাৰতৰ অতি জনপ্ৰিয় অভিনেত্ৰী ছামান্থা ৰুথ প্ৰভুৱে অনুৰাগীসকললৈ আগবঢ়াইছে নিজৰ বিশেষ সুখবৰ। বহুদিন ধৰি চলি থকা চৰ্চাৰ অন্ত পেলাই সামান্থাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে তেওঁ অতি সোনকালেই মাতৃত্বৰ সুখ লাভ কৰিব। শেহতীয়াকৈ মুক্তি পোৱা তেওঁৰ ছবি ‘মা ইন্টি বংগাৰম’ৰ সফলতা উদযাপন সভাত সংবাদ মাধ্যমৰ আগত ছামান্থাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ সকলো কণ্ট্ৰেক্ট সম্পূৰ্ণ কৰাৰ পিছত কিছুদিনৰ বাবে অভিনয়ৰ পৰা বিৰতি ল’ব ছামান্থাই।
এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়-‘মা ইন্টি বংগাৰম’ৰ পিছত শাৰীৰিক অৱস্থাৰ কথা চিন্তা কৰি অলপ সময় জিৰণি ল’ব লাগিব। মই মেটাৰ্নিটী লিভত থাকিম। কিছু সময়ৰ বিৰতিৰ পিছত নতুন এখন ছবিৰে পুনৰ অনুৰাগীসকলৰ মাজলৈ উভতি আহিম।’ উল্লেখযোগ্য যে বিগত কেইবামাহ ধৰি ছামান্থাৰ গৰ্ভধাৰণক লৈ সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আলোচনা চলি আছিল। বিশেষকৈ ‘মা ইন্টি বংগাৰম’ৰ সফলতা উদযাপনৰ কিছুমান ভিডিঅ’ আৰু ফটো ভাইৰেল হোৱাৰ পিছত বহু অনুৰাগীয়ে এই বিষয়টোক লৈ যথেষ্ট চৰ্চা কৰিছিল। অৱশেষত অভিনেত্ৰীগৰাকীয়ে নিজেই অনুৰাগীসকলৰ আগত এই খবৰ নিশ্চিত কৰিছে।

সামান্থা আৰু ৰাজৰ সম্পৰ্ক
ছামান্থা ৰুথ প্ৰভু আৰু ৰাজ নিদিমোৰুৱে ২০২৫ চনৰ ১ ডিচেম্বৰত তামিলনাডুৰ কোয়েম্বাটুৰস্থিত সদগুৰুৰ ঈশা ফাউণ্ডেচনত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল। একেদিনাই দুয়োজনে ইনষ্টাগ্ৰামত বিয়াৰ কেইবাখনো বিশেষ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছিল। ছামান্থা-ৰাজৰ যুটীয়ে ইয়াৰ পূৰ্বে জনপ্ৰিয় ৱেব ছিৰিজ ‘দ্য ফেমিলি মেন ২’ত একেলগে কাম কৰিছিল। পিছলৈ ‘ৱৰ্ল্ড পিকলবল লীগ’ৰ সময়ত ছামান্থাই শ্বেয়াৰ কৰা কিছু ছবিত ৰাজৰ সৈতে ‘চেন্নাই ছুপাৰ চেম্পছ’ দলক সমৰ্থন জনোৱা দেখাৰ পিছতেই দুয়োৰে সম্পৰ্কক লৈ চৰ্চা আৰম্ভ হৈছিল। শেহতীয়াকৈ মুক্তি পোৱা ‘মা ইন্টি বংগাৰম’ ছবিখনতো তেওঁলোকে একেলগে কাম কৰিছে।

‘মা ইন্টি বংগাৰম’ৰ বাজেট আৰু আয়
‘মা ইন্টি বংগাৰম’ এখন পাৰিবাৰিক এক্সন-কমেডি ছবি, যাৰ পৰিচালনা কৰিছে নন্দিনী ৰেড্ডীয়ে। ২০১৯ চনত মুক্তি পোৱা ‘অ’ বেবি!’ ছবিৰ সফলতাৰ পিছত ছামান্থা আৰু নন্দিনী ৰেড্ডীৰ এইখন তেওঁলোকৰ দ্বিতীয়খন ছবি। ছবিখনৰ চিত্ৰনাট্য লিখিছে ৰাজ নিদিমোৰু আৰু বসন্ত মাৰিংগন্তীয়ে। ছবিখনত ছামান্থাৰ উপৰিও গুলছান দেৱাইয়া, দিগন্ত মঞ্চালে, গৌতমী তদিমল্লা, শ্ৰীমুখী, মঞ্জুষা আৰু শ্ৰীনিবাস গাভিৰেড্ডীৰ দৰে শিল্পীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। IMDb-ত উপলব্ধ তথ্য অনুসৰি ছবিখনৰ নিৰ্মাণ ব্যয় প্ৰায় ৩০ কোটি টকা। আনহাতে বিশ্বজুৰি ছবিখনে ইতিমধ্যে প্ৰায় ৫১.৩২ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ছামান্থাৰ এই সুখবৰ পোৱাৰ পিছত অনুৰাগীসকলে সামাজিক মাধ্যমত অভিনন্দন আৰু শুভেচ্ছাৰ জোৱাৰ তুলিছে। মাতৃত্বৰ নতুন অধ্যায়ত প্ৰৱেশ কৰিবলৈ ওলোৱা অভিনেত্ৰীগৰাকীক সকলোৱে শুভকামনা জনাইছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















