দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত সাগৰৰ পাৰত বহু দূৰলৈ নাৰিকল গছ দেখা যায়। নাৰিকলৰ গছবোৰ প্ৰায়ে সাগৰৰ ফালে হালি থকা যেন লাগে। এনে ক্ষেত্ৰত স্বাভাৱিকভাৱে প্ৰশ্ন উঠে—নাৰিকল গছ সাধাৰণতে সাগৰৰ কাষতেই কিয় দেখা যায়? পাহাৰীয়া অঞ্চল বা চহৰৰ মাজত কিয় কমকৈ দেখা যায়? ইয়াৰ আঁৰত কেৱল এটা নহয়, কেইবাটাও বৈজ্ঞানিক কাৰণ আছে। সাগৰৰ পাৰত নাৰিকল গছ বেছিকৈ হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল ইয়াৰ বীজ। নাৰিকলৰ কঠিন খোলাটোৱে ইয়াক পানীত সহজে উপঙি থকাত সহায় কৰে। গছৰ পৰা সৰি পৰা নাৰিকল সাগৰৰ ঢৌৱে কঢ়িয়াই নিব পাৰে বহু হাজাৰ কিলোমিটাৰ দূৰলৈ। যেতিয়া সেই নাৰিকল কোনো উপকূলত আহি লাগে, তেতিয়া সেয়া অংকুৰিত হৈ গছলৈ পৰিণত হয়। বিজ্ঞানৰ ভাষাত এই প্ৰক্ৰিয়াক হাইড্ৰ’ক’ৰি (Hydrochory) বুলি কোৱা হয়। অৰ্থাৎ পানীৰ জৰিয়তে বীজ বিস্তাৰ হৈ নতুন উদ্ভিদৰ জন্ম হোৱা প্ৰক্ৰিয়া। আশ্চৰ্যজনকভাৱে, বহু দূৰ ভাহি যোৱাৰ পাছতো নাৰিকল সহজে নষ্ট বা পচি নাযায়। সেইবাবেই পৃথিৱীৰ প্ৰায় সকলো উষ্ণমণ্ডলীয় দেশৰ সাগৰীয় উপকূলত নাৰিকল গছ দেখা যায়।
সাগৰীয় উপকূলৰ ৰ’দো এক গুৰুত্বপূৰ্ণ কাৰণ

সাগৰৰ কাষৰ মাটি সাধাৰণতে বালিময় আৰু সামান্য লৱণযুক্ত হয়। এই ধৰণৰ মাটি নাৰিকল গছৰ বাবে যথেষ্ট উপযোগী। তদুপৰি, উপকূলীয় অঞ্চলত প্ৰচুৰ সূৰ্যৰ পোহৰ পোৱা যায়, যিয়ে গছৰ বৃদ্ধিত সহায় কৰে। নাৰিকল গছৰ পাতবোৰক একপ্ৰকাৰ সৌৰ পেনেলৰ সৈতে তুলনা কৰিব পাৰি। যিমান বেছি পোহৰ পায়, সিমানেই খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু বৃদ্ধি ভাল হয়। নাৰিকল গছৰ বাবে অতি উৰ্বৰ মাটিৰ বিশেষ প্ৰয়োজন নহয়। বালিময় মাটিয়ে শিপাবোৰক সেমেকা কৰি ৰাখে যদিও পানী জমা হৈ নাথাকে। নাৰিকল গছৰ শিপাই মাটিৰ তলৰ পৰা প্ৰয়োজনীয় পানী আহৰণ কৰিব পাৰে, সেয়েহে ইহঁতৰ বাবে মূলতঃ আর্দ্ৰতা আৰু কিছু পুষ্টি থাকিলেই যথেষ্ট।
ইয়াৰ উপৰিও, সাগৰৰ ঢৌৱে উপকূললৈ অনা মাটিত বিভিন্ন পুষ্টিকৰ উপাদান থাকে, যিয়ে গছৰ বৃদ্ধিত সহায় কৰে। সাগৰৰ উপকুলীয় অঞ্চলৰ বতাহ সদায়েই আর্দ্ৰতাৰে ভৰা থাকে। এই আর্দ্ৰ বতাহ গছে সহজতেই লাভ কৰে। সাগৰৰ ঢৌ আৰু গভীৰ শিপাৰ জৰিয়তে গছবোৰে পৰ্যাপ্ত পানী লাভ কৰে। ফলত পানীৰ অভাৱ সাধাৰণতে অনুভৱ নকৰে।

নাৰিকল গছ সাগৰৰ ফালে কিয় হালি থাকে?
বেছিভাগ গছেই সাধাৰণতে বতাহৰ বিপৰীত দিশলৈ হালিহে ডাঙৰ হয়। কিন্তু নাৰিকল গছৰ ক্ষেত্ৰত এয়া সম্পূৰ্ণ ওলোটা হোৱা দেখা যায়। ফট’ট্ৰ’পিজম (Phototropism) নামৰ প্ৰক্ৰিয়াৰ বাবে নাৰিকল গছবোৰ অধিক পোহৰ পোৱা দিশলৈ হালি যায়। সাগৰৰ ফালেই সাধাৰণতে অধিক খোলা আকাশ আৰু সূৰ্যৰ পোহৰ পোৱা যায়। সেইবাবেই বহু নাৰিকল গছ সাগৰৰ ফালে হালি থকা দেখা যায়।
পৰিৱেশ সুৰক্ষাতো নাৰিকল গছৰ ভূমিকা
সাগৰৰ পাৰত থকা নাৰিকল গছৰ দীঘল শাৰীসমূহে উপকূলীয় অঞ্চলক ধুমুহা আৰু ঘূৰ্ণীবতাহৰ তীব্ৰ প্ৰকোপৰ পৰা কিছু পৰিমাণে সুৰক্ষা দিয়ে। অৰ্থাৎ, এই গছবোৰ কেৱল নিজে শক্তিশালী নহয়, পৰিৱেশ সংৰক্ষণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশ্যে নাৰিকল গছৰ খেতি কেৱল সাগৰৰ উপকুলীয় অঞ্চলতেই যে ভাল হয় তেনে নহয়। যদিও ই সাধাৰণতে উপকূলীয় অঞ্চলত অধিক দেখা যায়, তথাপিও অন্য আর্দ্ৰ অঞ্চলতো ইয়াৰ খেতি সম্ভৱ। এনে ঠাইত গছৰ শিপাৰ কাষত ক’কো পিট (Coco Peat) ব্যৱহাৰ কৰা হয়, যাতে মাটিৰ আর্দ্ৰতা ধৰি ৰাখিব পাৰি। কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ বহু নাৰিকল বাগিচাত এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ফলত সাগৰৰ কাষত নাথাকিলেও উপযুক্ত পৰিৱেশ সৃষ্টি কৰি সফলভাৱে নাৰিকল গছৰ খেতি কৰিব পাৰি।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















