আপুনি যেতিয়াই ATM মেচিনৰ পৰা ধন উলিয়াবলৈ যায়, তেতিয়াই আপোনাক এটা বিশেষ ৪ সংখ্যাৰ পিন নম্বৰৰ প্ৰয়োজন হয়। পিন নম্বৰটোৰ অবিহনে ATMৰ পৰা ধন উলিয়াব নোৱাৰি আৰু একেৰাহে ভুল পিন দিলে আপোনাৰ ATM কাৰ্ড ব্লক হৈও যাব পাৰে। এই ৪সংখ্যাৰ পিন নম্বৰটোৰ সহায়ত আপোনাৰ একাউণ্টৰ পৰা অন্য লোকেও ধন উলিয়াব পাৰে। গতিকে আপোনাৰ আপোনাৰ বেংক একাউণ্টৰ সবোটোকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱেই হৈছে এই ৪টা সংখ্যাৰ পিন নম্বৰটো। বেংকত জমা থকা আপোনাৰ কষ্টাৰ্জিত ধনৰ সুৰক্ষাৰ বাবে এই পিন ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু আপুনি জানেনে, ATM পিন ব্যৱস্থাৰ উদ্ভাৱক কোন আছিল আৰু এই যুগান্তকাৰী আৱিষ্কাৰৰ বাবে তেওঁ কিমান পুৰস্কাৰ পাইছিল? ইয়াৰ আঁৰৰ কাহিনী যথেষ্ট আকৰ্ষণীয় আৰু বিস্ময়কৰ।

স্কটলেণ্ডৰ এজন অভিযন্তাই কৰিছিল এই আৱিষ্কাৰ
আজি বিশ্বজুৰি ব্যৱহৃত ATM পিন সুৰক্ষা ব্যৱস্থাৰ উদ্ভাৱন কৰিছিল স্কটলেণ্ডৰ অভিযন্তা জেমছ গুডফেলোৱে। ১৯৬৬ চনত তেওঁ ব্ৰিটেইনৰ এটা ইঞ্জিনিয়াৰিং কোম্পানীত কৰ্মৰত আছিল। সেই সময়ত কোম্পানীটোৱে বেংকৰ বাবে নগদ ধন বিতৰণ কৰিব পৰা এক নতুন ধৰণৰ মেচিন নিৰ্মাণৰ কাম কৰি আছিল। এই প্ৰকল্পত কাম কৰি থাকোঁতেই জেমছ গুডফেলোৱে এনে এক অত্যাধুনিক প্ৰযুক্তি উদ্ভাৱন কৰে, যিয়ে ATM কাৰ্ড আৰু এটা গোপন পিন নম্বৰৰ সহায়ত নিশ্চিত কৰিব পাৰিছিল যে ধন উলিয়াবলৈ অহা ব্যক্তিজন প্ৰকৃততে সেই একাউণ্টৰ অধিকাৰী নে নহয়।
এই যুগান্তকাৰী আৱিষ্কাৰৰ বিনিময়ত কিমান ধন লাভ কৰিছিল জেমছে?

জেমছ গুডফেলোৰ এই যুগান্তকাৰী আৱিষ্কাৰে পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বৰ বেংকিং ব্যৱস্থাক অধিক সুৰক্ষিত কৰি তুলিলে। কিন্তু আচৰিত কথা যে, এই মহান অৱদানৰ বাবে তেওঁৰ কোম্পানীয়ে তেওঁক কোনো ডাঙৰ পুৰস্কাৰ নিদিলে। কোম্পানীটোৱে তেওঁক প্ৰশংসা কৰিছিল যদিও, বোনাছ হিচাপে দিছিল মাত্ৰ ১০ পাউণ্ড। আজিৰ দৃষ্টিকোণৰ পৰা ভাবিলে এই পৰিমাণ অতি সামান্য যেন লাগে। কিয়নো, কোটি কোটি টকাৰ লেনদেন সুৰক্ষিত কৰা এটা ব্যৱস্থাৰ উদ্ভাৱনৰ বাবে তেওঁ লাভ কৰিছিল কেৱল এই সামান্য পৰিমানৰ বোনাছ।
ATMৰ বৰ্ণিল যাত্ৰা
জেমছ গুডফেলোৰ প্ৰযুক্তি বিকশিত হোৱাৰ ঠিক এবছৰ পিছত, অৰ্থাৎ ১৯৬৭ চনত, ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত বিশ্বৰ প্ৰথম নগদ ধন বিতৰণকাৰী মেচিন স্থাপন কৰা হয়। ইয়াৰ পিছত এই প্ৰযুক্তিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পায়। পৰৱৰ্তী সময়ত, ১৯৭৩ চনৰ ৪ জুনত আমেৰিকাত ATM ব্যৱস্থাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ পেটেণ্টো জাৰি কৰা হয়। তাৰ পিছৰে পৰা ATM সুৰক্ষা ব্যৱস্থা বিশ্বজুৰি বিস্তাৰ লাভ কৰে। আজিও যেতিয়া আপুনি ATMত নিজৰ ৪ সংখ্যাৰ পিন নম্বৰ টাইপ কৰে, তেতিয়া হয়তো মনলৈ নাহে যে এই সৰল অথচ অত্যন্ত শক্তিশালী সুৰক্ষা ব্যৱস্থাৰ আঁৰত আছে স্কটলেণ্ডৰ এজন অভিযন্তাৰ মেধা, যিজনে বিশ্বৰ বেংকিং ব্যৱস্থাক নতুন দিশ দেখুৱাইছিল, যদিও তাৰ বিনিময়ত তেওঁ লাভ কৰিছিল মাত্ৰ ১০ পাউণ্ডৰ এক সামান্য উপহাৰ বা বোনাছ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















