• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

2 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

37 minutes ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

2 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

3 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

3 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

4 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

16 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

17 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

18 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

18 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

18 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

21 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

সোৱাদৰ লগতে সঞ্চয়ৰো এক উত্তম উপায়

editor by editor
June 26, 2026
in খাদ্য, জীৱনশৈলী, ভাৰত
0
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় সংস্কৃতিত প্ৰায় প্ৰতিটো ঘৰত যিকোনো উৎসৱ, পূজা-পাৰ্বণ বা বিভিন্ন অনুষ্ঠানত মিঠাইৰ কথা আহিলেই প্ৰথমে মনলৈ আহে খীৰ। বহু যুগ ধৰি খীৰ আমাৰ খাদ্য-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু পৰম্পৰাগত পদ্ধতিত গাঢ় আৰু মলাইদাৰ খীৰ বনাবলৈ যথেষ্ট সময় আৰু প্ৰচুৰ পৰিমাণৰ গাখীৰৰ প্ৰয়োজন হয়। গাখীৰক দীৰ্ঘ সময় ধৰি জুইত ৰাখি লৰাই থাকিব লাগে, তেতিয়াহে সেয়া গাঢ় আৰু সোৱাদযুক্ত হয়। কিন্তু যদি হঠাতে ঘৰলৈ অতিথি আহে আৰু পৰ্যাপ্ত পৰিমানৰ গাখীৰ নাথাকে, তেতিয়া কি কৰিব? আচৰিত হ’লেও সত্য যে গাখীৰ নোহোৱাকৈয়েও অতি কম সময়তে একেবাৰে সোৱাদেৰে ভৰপূৰ, মসৃণ আৰু মলাইদাৰ খীৰ প্ৰস্তুত কৰিব পাৰি।

কেনেকৈ বনাব এই বিশেষ খীৰ?

প্ৰথমে সাধাৰণভাৱে চাউল ভালদৰে ধুই লওক। ইয়াৰ পিছত কোনো খোলা পাত্ৰত পানী দি চাউলখিনি সিজাওক। এই ৰেচিপিৰ বাবে প্ৰেছাৰ কুকাৰ ব্যৱহাৰ নকৰাই ভাল।চাউল সম্পূৰ্ণৰূপে সিজি গ’লে উতলা পানীখিনি এটা ডাঙৰ বাটিত ছেকি পৃথককৈ ৰাখক। এই পানীত প্ৰাকৃতিক ষ্টাৰ্চ যথেষ্ট পৰিমাণে থাকে, যিয়ে খীৰক গাখীৰ নোহোৱাকৈয়েও গাঢ় আৰু ক্ৰীমী গঠন প্ৰদান কৰে। এতিয়া এই চাউলৰ পানীখিনি পুনৰ জুইত বহুৱাই মধ্যমীয়া আঁচত গৰম কৰক। ইয়াত সোৱাদ অনুসৰি চেনি বা গুড় মিহলাই দিয়ক।

মাজে মাজে লৰাই থাকিব যাতে পাত্ৰটোৰ তলিত নালাগে। কিছু সময়ৰ পিছত ষ্টাৰ্চৰ বাবে মিশ্ৰণটো স্বাভাৱিকভাৱে গাঢ় হ’বলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত তাত অলপ ইলাচি গুড়ি দিয়ক, যিয়ে খীৰত এক মনোমোহা সুগন্ধি আনিব। তাৰপিছত আগতেই সিজোৱা চাউলৰ অলপ অংশ এই মিশ্ৰণত মিহলাই দিয়ক। ইচ্ছা কৰিলে কাজু, বাদাম, কিচমিচ, পিষ্টা আদি শুকান ফল কাটি যোগ কৰিব পাৰে আৰু কেইমিনিটমান ৰন্ধাৰ পিছতেই খীৰ সম্পূৰ্ণ প্ৰস্তুত হৈ যাব।

সোৱাদৰ লগতে সঞ্চয়ৰো এক উত্তম উপায়

এই খীৰ কেৱল সোৱাদযুক্তেই নহয়, ই এক কম খৰছী বিকল্পও। সাধাৰণতে বহুতে ভাতৰ উতলা পানী পেলাই দিয়ে, কিন্তু সেই পানীত থকা পুষ্টিকৰ ষ্টাৰ্চক ব্যৱহাৰ কৰি এখন সুস্বাদু খীৰ তৈয়াৰ কৰিব পাৰি।

খাদ্য অপচয় ৰোধ কৰাৰ লগতে কম খৰচতে সুস্বাদু খীৰ উপভোগ কৰাৰ এই পদ্ধতিটো নিশ্চয়েই বহু গৃহিণী আৰু খাদ্যপ্ৰেমীৰ বাবে আকৰ্ষণীয় হ’ব। গতিকে পৰৱৰ্তী সময়ত গাখীৰ কম থাকিলেও চিন্তা নকৰিব, চাউলৰ পানীৰে এই বিশেষ খীৰ এবাৰ চেষ্টা কৰি চাওক। হয়তো এই অভিনৱ ৰেচিপিয়েই আপোনাৰ পৰিয়ালৰ প্ৰিয় খীৰ হৈ পৰিব।

বিভিন্ন খাদ্য প্ৰকাৰণৰ তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Recipe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ
জীৱনশৈলী

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

June 26, 2026
আপোনাৰ দিনটো আজি কেনে যাব?
বিবিধ

আপোনাৰ দিনটো আজি কেনে যাব?

June 26, 2026
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি
ভাৰত

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

June 25, 2026
Next Post
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.