• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

4 months ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

5 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

5 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

5 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

6 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

6 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

7 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

7 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

8 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

8 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

10 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

11 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

তীস্তা নদী প্ৰকল্পত বাংলাদেশ-চীনৰ বৃহৎ চুক্তি

editor by editor
June 26, 2026
in বিশ্ব, ভাৰত, ৰাজনীতি
0
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ উত্তৰ পূবক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ ‘চিকেন নেক’ কৰিড’ৰৰ কাষত অৱস্থিত তীস্তা নদীক কেন্দ্ৰ কৰি নতুনকৈ কূটনৈতিক আৰু কৌশলগত আলোচনা আৰম্ভ হৈছে। শেহতীয়াকৈ বেইজিং ভ্ৰমণত থকা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে চীনৰ সৈতে তীস্তা নদী ব্যৱস্থাপনা প্ৰকল্প সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ চুক্তিত উপনীত হোৱাত ভাৰতৰ উদ্বেগ বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। চীন আৰু বাংলাদেশে তীস্তা নদীকে ধৰি একাধিক নদীৰ ব্যৱস্থাপনা, সংৰক্ষণ আৰু উন্নয়নমূলক কামত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। বেইজিঙৰ দিয়াওয়ুতাই ষ্টেট গেষ্ট হাউছত অনুষ্ঠিত বৈঠকত চীনৰ জল সম্পদ মন্ত্ৰী লি গুওয়িং আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে এই চুক্তিত স্বাক্ষৰ কৰে।

সহযোগিতা বিচাৰি চীনৰ ওচৰত শিৰনত বাংলাদেশ

চীনৰ জলসম্পদ মন্ত্ৰীৰে হোৱা বৈঠকত তাৰিক ৰহমানে বাংলাদেশত চলি থকা নদী খনন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ বিষয়ে চীনক অৱগত কৰে। তেওঁ কয় যে-এই প্ৰকল্পসমূহৰ মূল উদ্দেশ্য হৈছে বানপানীৰ ক্ষতি হ্ৰাস কৰা, পৰিৱেশ সংৰক্ষণ কৰা আৰু দেশখনৰ জল সম্পদৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰা। লগতে তিস্তা নদীকে ধৰি আন নদীসমূহৰ উন্নয়নমূলক কামত চীনৰ অধিক সহযোগিতা বিচাৰে বাংলাদেশে। বাংলাদেশে তিস্তা নদীৰ ব্যাপক ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্প (TRCMRP)-ত চীনৰ পৰা প্ৰযুক্তিগত সহায় বিচাৰিছে। ইয়াৰ প্ৰতিক্ৰিয়াত চীনৰ জল সম্পদ মন্ত্ৰীয়ে বাংলাদেশক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। তেওঁ উল্লেখ কৰে যে-২০০৫ চনত দুয়ো দেশৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি (MoU) আৰু যোৱা বছৰৰ চীনা বিশেষজ্ঞ দলৰ বাংলাদেশ ভ্ৰমণে জল সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত দুয়ো দেশৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিছে।

ভাৰতৰ বাবে কিয় চিন্তাৰ বিষয়?

তিস্তা নদীৰ উৎস ছিকিমৰ হিমালয় অঞ্চলত। ছিকিমৰ পৰা নদীখন পশ্চিমবংগৰ স্পৰ্শকাতৰ অঞ্চল চিকেনে নেকৰ মাজেৰে বাংলাদেশত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ (যমুনা) নদীত মিলিত হয়। শিলিগুড়িত অৱস্থিত ‘চিকেন নেক’প্ৰায় ২০ কিলোমিটাৰ বহল আৰু ৬০ কিলোমিটাৰ দীঘল এটা সংকুচিত এলেকা। ই ভাৰতৰ আটাইকেইখন পূৰ্বোত্তৰ ৰাজ্যক দেশৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰি ৰাখিছে। সেয়েহে তিস্তা প্ৰকল্পত চীনৰ সক্ৰিয় অংশগ্ৰহণে এই অঞ্চলত চীনৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে বুলি আশংকা কৰা হৈছে, যি ভাৰতৰ কৌশলগত সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।

তিস্তা নদী বিতৰ্ক কি?

তিস্তা নদীৰ পানী বণ্টনক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত বহু বছৰ ধৰি মতানৈক্য চলি আহিছে। বাংলাদেশে শুকান বতৰত নদীখনৰ ৫০ শতাংশ পানী দাবী কৰি আহিছে।

আনহাতে, ২০১১ চনৰ এক খচৰা চুক্তি অনুসৰি ভাৰতক ৪২.৫ শতাংশ আৰু বাংলাদেশক ৩৭.৫ শতাংশ পানী দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু ভাৰতীয় সংবিধান অনুসৰি জল সম্পদ ৰাজ্যিক বিষয় হোৱাৰ বাবে পশ্চিমবংগ চৰকাৰৰ আপত্তিৰ ফলত আজিলৈকে এই চুক্তি চূড়ান্ত ৰূপ লাভ কৰা নাই।

তিস্তা নদী প্ৰকল্প কি?

বাংলাদেশৰ তিস্তা নদী ব্যাপক ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্প (TRCMRP) হৈছে প্ৰায় ১ বিলিয়ন ডলাৰৰ এক বৃহৎ আন্তঃগাঁথনি আৰু জল সম্পদ উন্নয়ন আঁচনি। এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে বান নিয়ন্ত্ৰণ, খৰাঙৰ সময়ত পানীৰ উপলব্ধতা নিশ্চিত কৰা আৰু সমগ্ৰ তিস্তা অৱবাহিকাৰ সুসংগঠিত ব্যৱস্থাপনা। এই আঁচনিৰ অধীনত প্ৰায় ১০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীপথ খনন আৰু পুনৰুদ্ধাৰৰ কাম কৰা হ’ব, যাতে নদীখনৰ স্বাভাৱিক পানীপ্ৰবাহ বজাই ৰখাৰ লগতে বানপানীৰ সমস্যাও হ্ৰাস পায়।
চীনৰ এই নতুন অংশগ্ৰহণে দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক সমীকৰণত নতুন অধ্যায়ৰ সূচনা কৰিছে। এতিয়া ভাৰত, বাংলাদেশ আৰু চীনৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ওপৰত এই প্ৰকল্পৰ প্ৰভাৱ কেনেদৰে পৰে, সেয়া লক্ষ্যণীয় হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24china
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!
নিয়োগ

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

October 27, 2026
Next Post
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.