• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

3 months ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

42 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

2 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

4 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

5 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

6 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

7 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

তীস্তা নদী প্ৰকল্পত বাংলাদেশ-চীনৰ বৃহৎ চুক্তি

editor by editor
June 26, 2026
in বিশ্ব, ভাৰত, ৰাজনীতি
0
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
0
SHARES
334
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ উত্তৰ পূবক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ ‘চিকেন নেক’ কৰিড’ৰৰ কাষত অৱস্থিত তীস্তা নদীক কেন্দ্ৰ কৰি নতুনকৈ কূটনৈতিক আৰু কৌশলগত আলোচনা আৰম্ভ হৈছে। শেহতীয়াকৈ বেইজিং ভ্ৰমণত থকা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে চীনৰ সৈতে তীস্তা নদী ব্যৱস্থাপনা প্ৰকল্প সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ চুক্তিত উপনীত হোৱাত ভাৰতৰ উদ্বেগ বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। চীন আৰু বাংলাদেশে তীস্তা নদীকে ধৰি একাধিক নদীৰ ব্যৱস্থাপনা, সংৰক্ষণ আৰু উন্নয়নমূলক কামত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। বেইজিঙৰ দিয়াওয়ুতাই ষ্টেট গেষ্ট হাউছত অনুষ্ঠিত বৈঠকত চীনৰ জল সম্পদ মন্ত্ৰী লি গুওয়িং আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে এই চুক্তিত স্বাক্ষৰ কৰে।

সহযোগিতা বিচাৰি চীনৰ ওচৰত শিৰনত বাংলাদেশ

চীনৰ জলসম্পদ মন্ত্ৰীৰে হোৱা বৈঠকত তাৰিক ৰহমানে বাংলাদেশত চলি থকা নদী খনন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ বিষয়ে চীনক অৱগত কৰে। তেওঁ কয় যে-এই প্ৰকল্পসমূহৰ মূল উদ্দেশ্য হৈছে বানপানীৰ ক্ষতি হ্ৰাস কৰা, পৰিৱেশ সংৰক্ষণ কৰা আৰু দেশখনৰ জল সম্পদৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰা। লগতে তিস্তা নদীকে ধৰি আন নদীসমূহৰ উন্নয়নমূলক কামত চীনৰ অধিক সহযোগিতা বিচাৰে বাংলাদেশে। বাংলাদেশে তিস্তা নদীৰ ব্যাপক ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্প (TRCMRP)-ত চীনৰ পৰা প্ৰযুক্তিগত সহায় বিচাৰিছে। ইয়াৰ প্ৰতিক্ৰিয়াত চীনৰ জল সম্পদ মন্ত্ৰীয়ে বাংলাদেশক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। তেওঁ উল্লেখ কৰে যে-২০০৫ চনত দুয়ো দেশৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি (MoU) আৰু যোৱা বছৰৰ চীনা বিশেষজ্ঞ দলৰ বাংলাদেশ ভ্ৰমণে জল সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত দুয়ো দেশৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিছে।

ভাৰতৰ বাবে কিয় চিন্তাৰ বিষয়?

তিস্তা নদীৰ উৎস ছিকিমৰ হিমালয় অঞ্চলত। ছিকিমৰ পৰা নদীখন পশ্চিমবংগৰ স্পৰ্শকাতৰ অঞ্চল চিকেনে নেকৰ মাজেৰে বাংলাদেশত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ (যমুনা) নদীত মিলিত হয়। শিলিগুড়িত অৱস্থিত ‘চিকেন নেক’প্ৰায় ২০ কিলোমিটাৰ বহল আৰু ৬০ কিলোমিটাৰ দীঘল এটা সংকুচিত এলেকা। ই ভাৰতৰ আটাইকেইখন পূৰ্বোত্তৰ ৰাজ্যক দেশৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰি ৰাখিছে। সেয়েহে তিস্তা প্ৰকল্পত চীনৰ সক্ৰিয় অংশগ্ৰহণে এই অঞ্চলত চীনৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে বুলি আশংকা কৰা হৈছে, যি ভাৰতৰ কৌশলগত সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।

তিস্তা নদী বিতৰ্ক কি?

তিস্তা নদীৰ পানী বণ্টনক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত বহু বছৰ ধৰি মতানৈক্য চলি আহিছে। বাংলাদেশে শুকান বতৰত নদীখনৰ ৫০ শতাংশ পানী দাবী কৰি আহিছে।

আনহাতে, ২০১১ চনৰ এক খচৰা চুক্তি অনুসৰি ভাৰতক ৪২.৫ শতাংশ আৰু বাংলাদেশক ৩৭.৫ শতাংশ পানী দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু ভাৰতীয় সংবিধান অনুসৰি জল সম্পদ ৰাজ্যিক বিষয় হোৱাৰ বাবে পশ্চিমবংগ চৰকাৰৰ আপত্তিৰ ফলত আজিলৈকে এই চুক্তি চূড়ান্ত ৰূপ লাভ কৰা নাই।

তিস্তা নদী প্ৰকল্প কি?

বাংলাদেশৰ তিস্তা নদী ব্যাপক ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্প (TRCMRP) হৈছে প্ৰায় ১ বিলিয়ন ডলাৰৰ এক বৃহৎ আন্তঃগাঁথনি আৰু জল সম্পদ উন্নয়ন আঁচনি। এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে বান নিয়ন্ত্ৰণ, খৰাঙৰ সময়ত পানীৰ উপলব্ধতা নিশ্চিত কৰা আৰু সমগ্ৰ তিস্তা অৱবাহিকাৰ সুসংগঠিত ব্যৱস্থাপনা। এই আঁচনিৰ অধীনত প্ৰায় ১০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীপথ খনন আৰু পুনৰুদ্ধাৰৰ কাম কৰা হ’ব, যাতে নদীখনৰ স্বাভাৱিক পানীপ্ৰবাহ বজাই ৰখাৰ লগতে বানপানীৰ সমস্যাও হ্ৰাস পায়।
চীনৰ এই নতুন অংশগ্ৰহণে দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক সমীকৰণত নতুন অধ্যায়ৰ সূচনা কৰিছে। এতিয়া ভাৰত, বাংলাদেশ আৰু চীনৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ওপৰত এই প্ৰকল্পৰ প্ৰভাৱ কেনেদৰে পৰে, সেয়া লক্ষ্যণীয় হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24china
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
Next Post
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.