ৰাজ্যত বতৰে লৈছে ভয়ংকৰ ৰূপ। প্ৰবল বৃষ্টিপাতৰ ফলৰ বিভিন্ন প্ৰান্তত ফেনে ফুটুকাৰে বাঢ়ি আহিছে নদ-নদীৰ পানী। অসম আৰু অৰুণাচল প্ৰদেশ বৰ্তমান বানপানীৰ সৈতে যুঁজি আছে। বানপানী আৰু ভূমিস্খলনৰ ফলত অৰুণাচলৰ বহু অঞ্চল প্লাৱিত হৈছে। পানীত বহু ৰাস্তা-পথ আৰু দলং জাহ গৈছে, লগতে বহু আৱাসিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশ আৰু অসমৰ কেইবাখনো জিলা বান আৰু বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞানৰ তথ্যনুসৰি, আগন্তুক ২৪ ঘন্টাত অধিক বৰষুণৰ সম্ভাৱনা।
বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে, অৰুণাচল প্ৰদেশৰ একাংশ অঞ্চলত অহা ২৪ ঘন্টাত ২০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চৰকাৰে এক সতৰ্কবাণী জাৰি কৰি ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।
ইতিমধ্যে ২৪খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ইফালে মহানগৰী গুৱাহাাটীতো আজি আহিছে ধাৰাষাৰ বৰষুণ। দক্ষিণ শালমাৰা মানকাচৰ,ধুবুৰী,গোৱালপাৰা, কোকৰাঝাৰ,চিৰাং,বাক্সাত ৰেড এলাৰ্ট জাৰি। ইয়াৰোপৰি বঙাইগাঁও,বৰপেটা,কামৰূপ,কামৰূপ মেট্ৰ’, নলবাৰী,ওদালগুৰি,দৰং,শোণিতপুৰ, বিশ্বনাথ,লখিমপুৰ,মাজুলী,যোৰহাট,শিৱসাগৰ,চৰাইদেউ,ডিব্ৰুগড়,তিনিচুকীয়া,ধেমাজিত বতাহ,বৰষুণ,বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে।
অৰুণাচলত এতিয়ালৈকে ৩ জনৰ মৃত্যু
অৰুণাচল প্ৰদেশৰ পানয়োৰ জিলাৰ বানপানীৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। বৰষুণ আৰু বানপানীৰ বাবে এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে আন দুজন লোক সন্ধানহীন হৈ আছে। ইফালে চিমেন নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ। অৰুণাচলৰ ডাম্বুকত প্ৰলয়ংকাৰী বানত নিৰুদ্দিষ্ট ৯ জন, এই নিৰুদ্দিষ্টসকলৰ ৯ জন লোকৰ ৭ জনক উদ্ধাৰ। ইতিমধ্যে আন দুজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনাৰ।
অসমৰ ছয় জিলাত ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত
ইফালে অসমৰ পৰিস্থিতিও ভয়াৱহ। ছয়খন জিলা বানৰ কবলত। ৰাজ্যৰ এই প্ৰথমটো ধাৰাবাহিক ধাৰাসাৰ বৰষুণৰ ফলত ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ, আৰু কোকৰাঝাৰ জিলাত মুঠ ২২,১২৪ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি এতিয়াও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা হিচাপে পৰিগণিত হৈছে, ১৫,৪৮৩ জন লোক জলপৃষ্ঠ বৃদ্ধিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
বান সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে বাৰ্তালাপ অমিত শ্বাহৰ। গৃহমন্ত্ৰী অমিত শ্বাহে অসমক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। দেওবাৰে মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰি কয়, “ধেমাজিৰ বান পৰিস্থিতিৰ ওপৰত মই অহৰহ নিৰীক্ষণ কৰি আছো। বানপানীৰ প্ৰভাৱত আমি গভীৰভাৱে দুখী। এই কঠিন সময়ত আমি তেওঁলোকৰ সৈতে থিয় দিছো।”
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















